চিকিৎসা মহাবিদ্যালয়সমূহত কিমান বৃদ্ধি হ'ব আসন, কোন ৰাজ্য হ'ব আটাইতকৈ বেছি লাভান্বিত

চিকিৎসা মহাবিদ্যালয়সমূহত কিমান  বৃদ্ধি হ’ব আসন, কোন ৰাজ্য হ’ব আটাইতকৈ বেছি লাভান্বিত

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰে বহু প্ৰত্যাশিত কেন্দ্ৰীয় বাজেট ২০২৫ । শিক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ নীতি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় বাজেট ২০২৫ দাখিল কৰাৰ সময়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে চিকিৎসা মহাবিদ্যালয়সমূহত অতিৰিক্ত আসন সংযোজন কৰা হ’ব । কিন্তু মেডিকেল

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰে বহু প্ৰত্যাশিত কেন্দ্ৰীয় বাজেট ২০২৫ । শিক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ নীতি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় বাজেট ২০২৫ দাখিল কৰাৰ সময়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে চিকিৎসা মহাবিদ্যালয়সমূহত অতিৰিক্ত আসন সংযোজন কৰা হ’ব । কিন্তু মেডিকেল কলেজত আসন সংযোজন কৰিলে কোনে বেছি লাভৱান হ’ব জানেনে ।

শিক্ষা খণ্ডৰ বাবে ডাঙৰ বাজেট-

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অৰ্থাৎ ১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰে । বাজেটত ছাত্ৰ-ছাত্ৰীৰ বাবেও ডাঙৰ ডাঙৰ ঘোষণা কৰে নিৰ্মলা সীতাৰমণে । ইয়াৰ মাজতে তেওঁ কয় যে আই আই টিত ৬৫০০ আসন বৃদ্ধি কৰা হ’ব আৰু ৩টা এ আই চেণ্টাৰ মুকলি কৰা হ’ব । ইয়াৰ উপৰিও চিকিৎসা ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে বিত্ত মন্ত্ৰীগৰাকীয়ে । ৫ বছৰত ১০ হাজাৰ আসন বৃদ্ধি কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ বাহিৰেও এ আই শিক্ষাৰ বাবে ৫০০ কোটি টকাৰ বাজেট আছে ।

চিকিৎসা অধ্যয়ন-

দেশত চিকিৎসা শিক্ষাৰ বাবে সদায় প্ৰতিযোগিতা চলি থাকে । ইয়াৰ মূল কাৰণ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত আসনৰ অভাৱ । আনহাতে যদি কোনো ছাত্ৰই ব্যক্তিগতভাৱে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰে তেন্তে কোটি কোটি টকা খৰচ হয় । কিন্তু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক ডাঙৰ সকাহ দিছে । আগন্তুক ৫ বছৰত ১০ হাজাৰ আসন বৃদ্ধিৰ কথা কৈছে তেওঁ । ইয়াৰ দ্বাৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা শিক্ষাৰ বাবে প্ৰস্তুতি চলাইছে আৰু ব্যক্তিগতভাৱে পঢ়া-শুনা কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব ।

দেশত কিমানখন মেডিকেল আসন আছে ?

উল্লেখ্য যে বৰ্তমান দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত মুঠ ১,১২,১১২ খন এম বি বি এছ আসন আছে, যাৰ বাবে প্ৰতি বছৰে নামভৰ্তিৰ বাবে তীব্ৰ প্ৰতিযোগিতা হয় । এই আসনসমূহত নামভৰ্তি NEET পৰীক্ষাৰ জৰিয়তে দিয়া হয় । মোদী চৰকাৰ অহাৰ পূৰ্বে ২০১৪ চনলৈকে মুঠ এম বি বি এছৰ আসনৰ সংখ্যা আছিল ৫,১৩৪৮খন । ২০১৪ চনলৈকে দেশত মুঠ ৩৮৭খন চিকিৎসা মহাবিদ্যালয় আছিল ।

ইয়াৰ বাহিৰেও ২০২৪ চনৰ জুলাই পৰ্যন্ত তথ্য অনুসৰি এতিয়া দেশৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৭৩১ খন । একেদৰে মেডিকেলতো স্নাতকোত্তৰ আসন বৃদ্ধি কৰা হৈছে । ২০১৪ চনলৈকে মুঠ স্নাতকোত্তৰ আসনৰ সংখ্যা আছিল ৩১১৮৫ খন, আনহাতে ২০২৪ চনৰ জুলাই মাহলৈকে এই আসনৰ সংখ্যা ৭২৬২৭ লৈ বৃদ্ধি পাইছে । কিন্তু এতিয়া পুনৰ চিকিৎসাৰ আসন বৃদ্ধিৰ লগে লগে ইয়াৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব ।

কোন ৰাজ্য লাভৱান হ’ব ?

এতিয়া প্ৰশ্ন হয় চিকিৎসাৰ আসন বৃদ্ধিৰ ফলত কোন ৰাজ্যই সৰ্বাধিক লাভৱান হ’ব । তথ্য অনুসৰি কেন্দ্ৰীয় পৰ্যায়ত সকলো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুবিধা লাভ কৰিব । এইমছ আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পাব MBBS আৰু PG ৰ আসনৰ সংখ্যা । যাৰ বাবে সকলো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঢ়াৰ সুবিধা লাভ কৰিব ।