জ্বলোৱা হ’ব ২ লাখ চাকি, ভক্তৰ ওপৰত ড্ৰোনৰ সহায়ত ছটিয়াব সৰযূ নদীৰ পানী; ৰাম নৱমীৰ উপলক্ষে অযোধ্যাত বিশাল আয়োজন

অযোধ্যা প্ৰশাসনে ৰাম নৱমী উৎসৱক উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে।ৰাম লাল্লাৰ জন্ম বাৰ্ষিকী উপলক্ষে অযোধ্যালৈ অহা কোটি কোটি ভক্তক ড্ৰোনৰ জৰিয়তে সৰযূ নদীৰ পানী ছটিয়াও হ’ব । এই উপলক্ষে দুই লাখৰো অধিক চাকি জ্বলোৱা হ’ব।সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। অহা ৬ এপ্ৰিলত ৰাম নৱমী

অযোধ্যা প্ৰশাসনে ৰাম নৱমী উৎসৱক উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে।ৰাম লাল্লাৰ জন্ম বাৰ্ষিকী উপলক্ষে অযোধ্যালৈ অহা কোটি কোটি ভক্তক ড্ৰোনৰ জৰিয়তে সৰযূ নদীৰ পানী ছটিয়াও হ’ব ।

এই উপলক্ষে দুই লাখৰো অধিক চাকি জ্বলোৱা হ’ব।সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। অহা ৬ এপ্ৰিলত ৰাম নৱমী উদযাপন কৰা হ’ব।

শুকুৰবাৰে অযোধ্যাৰ জিলা দণ্ডাধীশ চন্দ্ৰ বিজয় সিঙে এক বিবৃতিত কয় যে- ৰাম নৱমীৰ দিনা অহা ভক্তসকলৰ ওপৰত সৰযূ নদীৰ পবিত্ৰ পানী ছটিয়াই দিয়া হ’ব।

ইয়াৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হ’ব। এই ধাৰণাটো মা সৰযূ প্ৰতি ভক্তসকলৰ গভীৰ বিশ্বাসক মনত ৰাখি বিবেচনা কৰা হৈছে, যিটো প্ৰযুক্তি আৰু পৰম্পৰাৰ এক অনন্য সংমিশ্ৰণ হ’ব।’

ইউ পি চৰকাৰে এক বিবৃতিত কয় যে অযোধ্যাত দুই লাখৰো অধিক চাকি জ্বলোৱা হ’ব। এই পোহৰৰ উৎসৱ কেৱল আধ্যাত্মিকতাৰ প্ৰতীকেই নহয়, ই পৰ্যটকৰ বাবেও এক অনন্য দৃশ্য উপস্থাপন কৰিব।

ইয়াৰ উপৰিও অষ্টমীৰ দিনা কনক ভৱনৰ পৰা ঐতিহ্য ৱাক আয়োজন কৰা হ’ব, যিটো ৰাম কাহিনী উদ্যানত সমাপ্ত হ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ