উপদেশৰ প্ৰয়োজন নাই… অযোধ্যাক লৈ মন্তব্য দিয়া পাকিস্তানক ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ

অযোধ্যাক লৈ মন্তব্য দিয়া পাকিস্তানক প্ৰত্যুত্তৰ

অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰাক লৈ পাকিস্তানে অনৰ্গল বিৰূপ মন্তব্য কৰি আহিছে । চুবুৰীয়া দেশখনৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আমি তেওঁলোকৰ মন্তব্যক সেই অৱজ্ঞাৰে নাকচ কৰিছোঁ যিমানখিনি তেওঁলোকৰ প্ৰাপ্য ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে কুসংস্কাৰ, দমন আৰু সংখ্যালঘুৰ ওপৰত ব্যৱস্থাগত নিৰ্যাতনৰ অসংখ্য অভিলেখ থকা পাকিস্তানৰ আনক উপদেশ দিয়া কোনো নৈতিক অধিকাৰ নাই । তেওঁ কয় যে ভণ্ডামি প্ৰচাৰৰ পৰিৱৰ্তে পাকিস্তানে নিজৰ মানৱ অধিকাৰৰ দুৰ্বল অভিলেখৰ ওপৰত গুৰুত্ব দিব লাগে ।

কি কৈছিল পাকিস্তানে ?

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিযোগে অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহণ কাৰ্যক ইছলামোফ’বিয়াৰ কাম আৰু ঐতিহ্যক গুৰুতৰ অপমান বুলি অভিহিত কৰে । পাকিস্তানে কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত হেঁচা প্ৰয়োগৰ বৃহত্তৰ আৰ্হি আৰু হিন্দুত্ববাদী মতাদৰ্শৰ প্ৰভাৱত মুছলমান সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্য নিৰ্মূল কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা প্ৰতিফলিত হয় ।

চীনলৈ ভাৰতৰ স্পষ্ট বাৰ্তা-

প্ৰেমা থাংডক বিষয়ত ভাৰতে চীনলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰি অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ বুলি স্পষ্ট কৰি দিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে চাংহাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৈধ পাছপ’ৰ্ট লৈ জাপানলৈ যোৱা অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় নাগৰিকক স্বেচ্ছাচাৰীভাৱে আটক কৰাৰ বাবে ভাৰতে তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে । তেওঁ লগতে কয় যে চীনে যিমানেই অস্বীকাৰ নকৰক কিয় অৰুণাচল প্ৰদেশৰ ভাৰতীয় পৰিচয় সলনি কৰিব নোৱাৰি ।

লগতে পঢ়ক : চাংহাই বিমানবন্দৰৰ ঘটনাক লৈ চীনক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

জ্বলোৱা হ’ব ২ লাখ চাকি, ভক্তৰ ওপৰত ড্ৰোনৰ সহায়ত ছটিয়াব সৰযূ নদীৰ পানী; ৰাম নৱমীৰ উপলক্ষে অযোধ্যাত বিশাল আয়োজন

অযোধ্যা প্ৰশাসনে ৰাম নৱমী উৎসৱক উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে।ৰাম লাল্লাৰ জন্ম বাৰ্ষিকী উপলক্ষে অযোধ্যালৈ অহা কোটি কোটি ভক্তক ড্ৰোনৰ জৰিয়তে সৰযূ নদীৰ পানী ছটিয়াও হ’ব ।

এই উপলক্ষে দুই লাখৰো অধিক চাকি জ্বলোৱা হ’ব।সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। অহা ৬ এপ্ৰিলত ৰাম নৱমী উদযাপন কৰা হ’ব।

শুকুৰবাৰে অযোধ্যাৰ জিলা দণ্ডাধীশ চন্দ্ৰ বিজয় সিঙে এক বিবৃতিত কয় যে- ৰাম নৱমীৰ দিনা অহা ভক্তসকলৰ ওপৰত সৰযূ নদীৰ পবিত্ৰ পানী ছটিয়াই দিয়া হ’ব।

ইয়াৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হ’ব। এই ধাৰণাটো মা সৰযূ প্ৰতি ভক্তসকলৰ গভীৰ বিশ্বাসক মনত ৰাখি বিবেচনা কৰা হৈছে, যিটো প্ৰযুক্তি আৰু পৰম্পৰাৰ এক অনন্য সংমিশ্ৰণ হ’ব।’

ইউ পি চৰকাৰে এক বিবৃতিত কয় যে অযোধ্যাত দুই লাখৰো অধিক চাকি জ্বলোৱা হ’ব। এই পোহৰৰ উৎসৱ কেৱল আধ্যাত্মিকতাৰ প্ৰতীকেই নহয়, ই পৰ্যটকৰ বাবেও এক অনন্য দৃশ্য উপস্থাপন কৰিব।

ইয়াৰ উপৰিও অষ্টমীৰ দিনা কনক ভৱনৰ পৰা ঐতিহ্য ৱাক আয়োজন কৰা হ’ব, যিটো ৰাম কাহিনী উদ্যানত সমাপ্ত হ’ব।