নিৰ্বাচনক লৈ আছাদ্দুদিন ওৱেইছিৰ ডাঙৰ মন্তব্য
২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।সকলো ৰাজনৈতিক দলে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
এফালে সৰ্বভাৰতীয় মিত্ৰজোঁট আৰু এন ডি এৰ মাজত কঠোৰ প্ৰতিযোগিতা চলি আছে আনহাতে, সৰ্বভাৰতীয় মজলিছ-ই-ইত্তহাদুল মুছলিমীন (AIMIM) এ সীমাঞ্চলত ন্যায় যাত্ৰা তীব্ৰতৰ কৰি তুলিছে।
শুকুৰবাৰে পূৰ্ণিয়াত সংবাদমেল অনুষ্ঠিত কৰি এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে পাকিস্তানৰ সৈতে হোৱা খেলখনক লৈ মোডী চৰকাৰক সমালোচনা কৰিছে।
সীমাঞ্চলত অকলে নির্বাচন প্রতিদ্বন্দ্বিতা কৰাৰ প্রশ্ন সন্দর্ভত ওৱেইছিয়ে কয় যে খেল এতিয়াও চলি আছে৷ তেওঁ আৰু কয় যে প্ৰেমে ছবিত কাম কৰে, একপক্ষীয় প্ৰেমে ৰাজনীতিত কাম নকৰে।
আছাদ্দুদিন ওৱেইছি আৰু কয় যে,বিহাৰৰ ৫৮ শতাংশ ভোটাৰৰ বয়স ২৫ বছৰৰ তলৰ।প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে বিহাৰত Gen Z ভোটাৰ ৫৮ শতাংশ, গতিকে আঁচনিৰ সুবিধা এই যুৱক-যুৱতীসকলৰ ওচৰলৈ গৈছে নে নাই সেয়া চৰকাৰে চিন্তা কৰা উচিত।
লগতে পঢ়ক: ‘লাডাখত নালাগে আয়কৰ,তথাপিও প্ৰেৰণ কৰিলে জাননী’;NGO ৰ অনুজ্ঞাপ্ৰত্ৰ বাতিল কৰাত ক্ষোভ সোণম ৱাংচুক