এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ
চলিত বৰ্ষৰ আগষ্টত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া সীমিত অভাৰৰ শৃংখলা পিছুৱাই দিয়া হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি ভাৰতীয় ব’ৰ্ড আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে সহমতৰ ভিত্তিত এই শৃংখলা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে । দুয়োখন দেশৰ মাজত এই শৃংখলা এতিয়া ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব ।
পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব সংশোধিত সূচী-
দুয়োটা দলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিশ্ৰুতি আৰু সূচীৰ সুবিধাৰ কথা মনত ৰাখি দুয়োখন ব’ৰ্ডৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি বি চি চি আইয়ে প্ৰকাশ কৰে । ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত এই ছিৰিজৰ বাবে টিম ইণ্ডিয়াক আদৰণি জনোৱাৰ বাবে বি চি বি আগ্ৰহী ।
ৰোহিত-কোহলীৰ বাবে বাঢ়িব অপেক্ষা-
টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্তই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুৰাগীৰ বাবে এক জোকাৰণিৰ সৃষ্টি কৰিছে । কাৰণ এতিয়াৰে পৰা ৰোহিত আৰু কোহলীয়ে ভাৰতৰ হৈ কেৱল এদিনীয়া মেচহে খেলিব । কিয়নো দুয়োজনেই টেষ্ট আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লৈছে । তেওঁলোকৰ অনুৰাগীসকলে আশা কৰিছিল যে ৰোহিত-কোহলী যুটি বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিব, কিন্তু এতিয়া এই ভ্ৰমণ এবছৰৰ বাবে পিছুৱাই দিয়াৰ বাবে ৰোহিত-কোহলীক খেলপথাৰত দেখাৰ অপেক্ষাও বৃদ্ধি পাইছে ।
১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল এই শৃংখলা-
বৰ্তমান ভাৰতীয় দলটো ইংলেণ্ড ভ্ৰমণত আছে য’ত পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলি আছে । ভাৰতৰ ইংলেণ্ড ভ্ৰমণ ৪ আগষ্টলৈকে চলিব । ১৭ আগষ্টৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা আৰম্ভ হ’ব লাগিছিল । সূচী অনুসৰি ভাৰতে প্ৰথমে তিনিখন এদিনীয়া খেলাৰ কথা আছিল আৰু তাৰ পিছত দুয়োটা দলৰ মাজত তিনিখন মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল ।
লগতে পঢ়ক : আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ? ভাৰতৰ কেইজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ?