এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ
এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে টিম ইণ্ডিয়াই ।এতিয়া সকলোৰে দৃষ্টি ইউ এ ই আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত থাকিব যে কোনটো দলে গ্ৰুপৰ পৰা যোগ্যতা অৰ্জন কৰিব । কিন্তু টিম ইণ্ডিয়াৰ পথ স্পষ্ট হৈ পৰিছে । আচলতে সোমবাৰে গ্ৰুপ এৰ- ইউ এ ই আৰু ওমানৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল । এই খেলখনত ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে । এয়া আছিল ওমানৰ ক্ৰমাগত দ্বিতীয়টো পৰাজয় । যাৰ বাবে দলটোৰ প্ৰস্থান নিশ্চিত হৈছে । একে সময়তে টিম ইণ্ডিয়াই নিজৰ দুয়োখন মেচতে জয়ী হৈ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।
ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াই ইউ এ ইক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল । ইয়াৰ পিছত দেওবাৰে টিম ইণ্ডিয়াই পাকিস্তানকো ৭ উইকেটত পৰাস্ত কৰে । উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিছে । ৪টাকৈ দলক দুটাকৈ ভিন্ন গোটত ভাগ কৰা হৈছে । প্ৰতিটো গ্ৰুপৰ ২টা দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব ।
এছিয়া কাপ ২০২৫ৰ গ্ৰুপ এত ৪ টা দল- ভাৰত-পাকিস্তান, ইউ এ ই আৰু ওমান । ভাৰতে এই পৰ্যন্ত ২ খন খেল খেলি দুয়োখন খেলতে জয়লাভ কৰিছে । আনহাতে পাকিস্তান আৰু ইউ এ ইয়ে এখনকৈ মেচত জয়লাভ কৰিছে । আনহাতে ওমানে দুয়োখন মেচতে পৰাস্ত হৈছে । এই প্ৰতিযোগিতাত ওমানৰ যাত্ৰা প্ৰায় সমাপ্ত হৈছে ।
১৭ ছেপ্টেম্বৰত পাকিস্তান আৰু ইউ এ ইৰ মাজত এখন মেচ অনুষ্ঠিত হ’ব । এই মেচখনেই নিৰ্ধাৰণ কৰিব কোনটো দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । যদি ইউ এ ইয়ে অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে তেন্তে ইউ এ ইয়ে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । অৱশ্যে নেট ৰান ৰেটৰ ক্ষেত্ৰত পাকিস্তান আগবাঢ়ি আছে ।
এছিয়া কাপ ২০২৫ৰ সপ্তমখন খেলত আজি আয়োজক সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু ওমানৰ মাজত অনুষ্ঠিত হয় । ওমান দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ইউ এ ইৰ দলটোৱে শ্বাৰাফু আৰু অধিনায়ক ৱাছিমৰ অৰ্ধ শতকৰ সহায়ত ওমানৰ সন্মুখত ১৭৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ওমানৰ দলটো ১৩০ ৰানতে অল আউট হৈ পৰাজয় স্বীকাৰ কৰে ।
লগতে পঢ়ক : ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে… পি চি বিয়ে নিলম্বন কৰিলে নিজৰেই বিষয়াক