চেম্পিয়নছ ট্ৰফী, এছিয়া কাপৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিশ্বকাপ জয়লৈকে… ২০২৫ চনৰ ১০টা স্মৰণীয় ক্ৰিকেট মুহূৰ্ত

এছিয়া কাপৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিশ্বকাপ জয়লৈকে ২০২৫ বৰ্ষটো ক্ৰিকেট জগতৰ বাবে স্মৰণীয় আছিল । এই বৰ্ষটো ক্ৰিকেটৰ বাবে আছিল স্মৰণীয় আৰু পৰিঘটনাপূৰ্ণ বছৰ ।

ভাৰতীয় ক্ৰিকেট দলৰ বাবে ২০২৫ বৰ্ষটো আছিল স্মৰণীয় আৰু পৰিঘটনাপূৰ্ণ বছৰ । এই বছৰটোত পুৰুষৰ দলটোৱে চেম্পিয়নছ ট্ৰফী আৰু এছিয়া কাপ জয় কৰাৰ বিপৰীতে মহিলা দল প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় । বিৰাট কোহলী আৰু আৰ চি বিয়েও এইবাৰ আই পি এলৰ প্ৰথমটো ট্ৰফী লাভ কৰে । জানক ২০২৫ চনৰ ক্ৰিকেটৰ ১০টা স্মৰণীয় মুহূৰ্ত…

ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়-

ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে ২০১৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । গ্ৰুপ পৰ্যায়ৰ সকলো খেলতে ভাৰতে জয়লাভ কৰি ২০২৫ চনৰ ৯ মাৰ্চত খেলা ফাইনেলত নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে । ফাইনেলত ৰোহিত শৰ্মাই ৭৬ ৰান সংগ্ৰহ কৰে, যাৰ বাবে তেওঁ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ।

ডব্লিউ টি চি চেম্পিয়ন হয় দক্ষিণ আফ্ৰিকা-

১৪ জুনত দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে । এইটো আছিল দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো ডব্লিউ টি চি খিতাপ । দ্বিতীয় ইনিংছত ১৩৬ ৰান সংগ্ৰহ কৰি এইডেন মাৰ্ক্ৰামে ফাইনেলত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে ।

আই পি এলত ভাৰতীয় বেটছমেনৰ দ্ৰুততম শতক-

২০২৫ বৰ্ষটো ক্ৰিকেট বিস্ময় বৈভৱ সূৰ্য্যবংশীৰ বাবে উল্লেখযোগ্য আৰু স্মৰণীয় বৰ্ষ আছিল । আই পি এলত অভিষেক ঘটাই ২৮ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ হৈ ঐতিহাসিক ইনিংছ খেলে বৈভৱে । গুজৰাটৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰি আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় হিচাপে পৰিগণিত হয় তেওঁ । ইয়াৰ উপৰিও টি-২০ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ ।

আই পি এলৰ প্ৰথম খিতাপ লাভ আৰ চি বিৰ-

২০২৫ চনত বিৰাট কোহলী আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পৰে । ৩ জুনত আই পি এল ২০২৫ৰ ফাইনেলত আৰ চি বিয়ে পঞ্জাব কিংছক ৬ ৰাণত পৰাস্ত কৰি খিতাপ দখল কৰে । এয়া আৰ চি বিৰ প্ৰথম আই পি এল খিতাপ ।

নো-হেণ্ডশ্বেক বিতৰ্ক-

এইবাৰ ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ বিৰুদ্ধে এক অনন্য ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে । দলটোৱে তেওঁলোকৰ বিৰুদ্ধে মেচ খেলিছিল যদিও তেওঁলোকৰ খেলুৱৈক হেণ্ডশ্বেক কৰিবলৈ অস্বীকাৰ কৰিছিল । ছলমান আলী আঘাক হেণ্ডশ্বেক কৰিবলৈ অস্বীকাৰ কৰি এছিয়া কাপত এই ধাৰা আৰম্ভ কৰিছিল সূৰ্যকুমাৰ যাদৱে । প্ৰতিযোগিতাখনত তিনিখন মেচ অনুষ্ঠিত হৈছিল, আটাইকেইখনতে এনেকুৱাই হৈছিল ।

এছিয়া কাপত ভাৰতৰ জয়লাভ-

২৮ ছেপ্টেম্বৰত ভাৰতীয় দলটোৱে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপত জয়লাভ কৰে । এছিয়া কাপৰ খেলখনত অপৰাজিত ৬৯ ৰান সংগ্ৰহ কৰি তিলক বাৰ্মাই খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ।

ভাৰতীয় মহিলা দলৰ প্ৰথম বিশ্বকাপ জয়-

২০২৫ বৰ্ষটো ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বাবেও স্মৰণীয় আছিল । কিয়নো দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিছিল । ইয়াৰ পূৰ্বে দলটোৱে দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপ দখল কৰিব পৰা নাছিল । যোৱা ২ নৱেম্বৰত ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে টিম ইণ্ডিয়াই ।

ঘৰুৱা খেলত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টিম ইণ্ডিয়া-

টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ বাবে ২০২৫ চনটো ভাল নাছিল আৰু শেষো একেধৰণৰ আছিল । ২৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে নিজৰ মাটিতে ভাৰতক হোৱাইট ৱাশ্ব কৰিছিল । দুখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত পৰাস্ত হয় ভাৰত ।

বহু বছৰৰ পিছত বিজয় হাজাৰেত বিৰাট কোহলী আৰু ৰোহিত শৰ্মা-

২৪ ডিচেম্বৰতো স্মৰণীয় তাৰিখ আছিল, কিয়নো বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই বহু বছৰৰ পাছত বিজয় হাজাৰে ট্ৰফীত খেলিছিল । ২০১০ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোহলীয়ে আৰু ২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰোহিতে বিজয় হাজাৰে ট্ৰফীত খেলে । দুয়োজনে ভাল প্ৰদৰ্শন আগবঢ়ায় ।

১৫ বছৰৰ পাছত অষ্ট্ৰেলিয়াত ইংলেণ্ডৰ জয়-

মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে টেষ্টত ইংলেণ্ডে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে । এইটো আছিল এক ঐতিহাসিক মুহূৰ্ত । কিয়নো ১৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ইংলেণ্ডে নিজৰ মাটিত টেষ্ট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে । মাত্ৰ ২ দিনৰ ভিতৰতে সমাপ্ত হয় টেষ্ট মেচখন ।

লগতে পঢ়ক : ২০২৫ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ৯টা ডাঙৰ অভিলেখ; এই ক্ৰিকেটাৰসকলে ৰচিলে ইতিহাস…

এছিয়া কাপ ট্ৰফীক লৈ বি চি চি আইয়ে ল’লে ডাঙৰ সিদ্ধান্ত!

এছিয়া কাপ ট্ৰফী বিতৰ্ক

এছিয়া কাপ ২০২৫ত চেম্পিয়নৰ খিতাপ দখল কৰিলেও এতিয়ালৈকে এই প্ৰতিযোগিতাৰ ট্ৰফী লাভ কৰা নাই ভাৰতীয় ক্ৰিকেট দলে । পাকিস্তানক পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ পিছত ভাৰতীয় দলটোৱে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নাকৱীৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল । তাৰ পিছত নাকৱীয়ে এই ট্ৰফী লৈ উভতি যায় । পিছত ট্ৰফীটো এছিয়ান ক্ৰিকেট কাউন্সিলৰ কাৰ্যালয়ত ৰখা হয় ।

ভাৰতীয় দলে এতিয়াও এছিয়া কাপৰ ট্ৰফী লাভ কৰা নাই । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত মহছিন নাকৱীৰ বিষয়ে অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অহা ৪ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ ডুবাইত অনুষ্ঠিত হ’বলগীয়া আই চি চি ব’ৰ্ডৰ বৈঠকত বি চি চি আইয়ে সমগ্ৰ বিষয়টো উত্থাপন কৰিব ।

ইয়াৰ পূৰ্বে বি চি চি আইয়ে আনুষ্ঠানিকভাৱে মহছিন নাকৱীক ইমেইল কৰি এছিয়া কাপৰ ট্ৰফী অতি সোনকালে ভাৰতক গতাই দিবলৈ কৈছিল যদিও এ চি চিৰ মুৰব্বী নাকৱীৰ নিজৰ জেদত অটল হৈ আছে ।

এ চি চিৰ মুৰব্বী মহছিন নাকৱীয়ে বি চি চি আইক দিয়া উত্তৰত কয় যে এ চি চিৰ কাৰ্যালয়ৰ পৰা ট্ৰফী সংগ্ৰহ কৰিব পাৰিব কিন্তু বি চি চি আইৰ এজন বিষয়া বা খেলুৱৈয়ে আহি তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব লাগিব ।

ইফালে ডুবাইত অনুষ্ঠিত হ’বলগা আই চি চিৰ বৈঠকত এই বিষয়টো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কেনেদৰে উত্থাপন কৰিব আৰু ইয়াৰ সমাধান কেনেকৈ ওলাব তাকে লৈ এতিয়া চৰ্চা চলিছে ।

লগতে পঢ়ক : ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা

ভাৰতক এছিয়া কাপৰ ট্ৰফী লাগিবই ! মহছিন নাকভিলৈ কঠোৰ বাৰ্তা বিচিচিআইৰ

ভাৰতক গতাবই লাগিব এছিয়া কাপৰ ট্ৰফী

শেহতীয়াকৈ ভাৰতীয় দলটোৱে পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ত জয়লাভ কৰে । এই জয়ৰ পাছতে ভাৰতীয় দলটোৱে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নাকৱীৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছতে নাকভিয়ে ট্ৰফী লৈ ডুবাইৰ এখন হোটেললৈ উভতি আহে । পাকিস্তানলৈ ঘূৰি যোৱাৰ পূৰ্বে তেওঁ এ চি চিৰ কাৰ্যালয়ত এই ট্ৰফী থৈ গৈছিল । কিন্তু নাকভিয়ে ভাৰতীয় দলৰ হাতত ট্ৰফী গতাই দিবলৈ অস্বীকাৰ কৰে । নকভিয়ে সূৰ্যকুমাৰ যাদৱক এ চি চিৰ কাৰ্যালয়লৈ আহি ট্ৰফী সংগ্ৰহ কৰিবলৈ কৈছিল ।

শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এ চি চিৰ মুৰব্বী মহছিন নাকভিলৈ আনুষ্ঠানিক ইমেইল প্ৰেৰণ কৰি বিজয়ী দলটোক অতি সোনকালে ট্ৰফী প্ৰদান কৰিবলৈ জনাইছে । এক সাক্ষাৎকাৰত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয় যে, “আমি এ চি চিলৈ পত্ৰ লিখি চেম্পিয়ন দলটোক ট্ৰফী প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো । আমি তেওঁলোকৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো । সঁহাৰি যদি নেতিবাচক হয় বা নাহে তেন্তে আমি আইচিচিলৈ লিখিম । আমি খোজৰ পিছত খোজ আগবাঢ়িছো আৰু আগুৱাই যাম ।”

দেৱজিৎ শইকীয়াই স্পষ্ট কৰি দিছে যে যদি মহছিন নাকভিয়ে এছিয়া কাপৰ ট্ৰফী ঘূৰাই দিবলৈ সন্মত নহয় তেন্তে বি চি চি আইয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । শইকীয়াই স্পষ্ট কৰি দিয়ে যে এছিয়া কাপৰ ট্ৰফী যদি ভাৰতক ঘূৰাই নিদিয়ে তেন্তে বি চি চি আইয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ পত্ৰ লিখিব । উল্লেখ্য যে, মহছিন নাকভি পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰো অধ্যক্ষ ।

বিগত ২৮ ছেপ্টেম্বৰত ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ ফাইনেলত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে । ভাৰতীয় খেলুৱৈসকলে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে মহছিন নাকভিৰ পৰা তেওঁলোকে ট্ৰফী গ্ৰহণ নকৰে । দলটোৱে এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ ভাইচ চেয়াৰমেনে তেওঁলোকক এই ট্ৰফী প্ৰদানৰ অনুৰোধ জনাইছিল ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে শৃংখলাত দললৈ ঋষভ পন্টৰ প্ৰত্যাৱৰ্তন; কান্ধত গধুৰ দায়িত্ব

এছিয়া কাপৰ চূড়ান্ত যুঁজৰ বাবে সাজু ভাৰত-পাকিস্তান; জানক দুয়ো দলৰ সাম্ভাব্য মূল একাদশ

এছিয়া কাপৰ চূড়ান্ত যুঁজৰ বাবে সাজু ভাৰত-পাকিস্তান

দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ ফাইনেল । চলিত প্ৰতিযোগিতাত দুয়োটা দল তৃতীয় আৰু অন্তিমবাৰৰ বাবে মুখামুখি হ’ব । এছিয়া কাপৰ ৪১ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হ’ব । ইতিমধ্যে এই মেচখনক লৈ অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উত্তেজনা ।

এই পৰ্যন্ত চলিত এছিয়া কাপত শক্তিশালী প্ৰদৰ্শেনেৰে অপ্ৰতিৰোধ্য হৈ আছে ভাৰতীয় দল । পাকিস্তানৰ বিৰুদ্ধে দুখন মেচত জয়লাভ কৰাকে ধৰি ছখন মেচতে জয়লাভ কৰিছে ভাৰতে । জয়ৰ এই গতি অব্যাহত ৰাখি সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটোৱে পুনৰবাৰ নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বী দলটোক পৰাস্ত কৰি অভলেখ সংখ্যক নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰি চেষ্টা কৰিব ।

ইফালে এই চলিত এই প্ৰতিযোগিতাত পাকিস্তানৰ যাত্ৰা উত্থাপন-পতনেৰে ভৰা । কেৱল ভাৰতৰ হাতত পৰাস্ত হৈছে পাকিস্তান দলটো । ইয়াৰ বাহিৰে বাকী সকলো মেচতে কিছুমান সহজে আৰু কিছুমান অতি ঘনিষ্ঠ ব্যৱধানত জয়ী হৈছিল দলটো । এতিয়া দলটোৱে তৃতীয়টো এছিয়া কাপৰ খিতাপ (২০১২ চনৰ পিছত প্ৰথমটো) জয় কৰাৰ লক্ষ্য ৰাখিব ।

পিটচ ৰিপৰ্ট-

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম সাধাৰণতে বেটছমেনৰ অনুকূল যদিও বলাৰসকলেও নিজৰ টাইট লাইন আৰু লেংথৰ সহায়ত ৰান ৰেট নিয়ন্ত্ৰণ কৰাত সফল হৈছে । টছত জয়ী হোৱা দলটোৱে প্ৰথমে বেটিং কৰাতকৈ চেজ কৰাটো পছন্দ কৰিব, কিয়নো দ্বিতীয় বেটিং কৰাটো তুলনামূলকভাৱে সহজ বুলি গণ্য কৰা হয় ।

ভাৰত বনাম পাকিস্তান টি-২০ ৰ হেড টু হেড অভিলেখ

-খেলা মেচ : ১৫ খন

-ভাৰতৰ জয়লাভ : ১১

-পাকিস্তানৰ জয়লাভ : ০৩

-টাই : ০১

-প্ৰথমখন খেল : ২০০৭ চনৰ ১৪ ছেপ্টেম্বৰ (টাই; ভাৰত বল আউটত জয়ী)

-অন্তিমখন খেলঃ ২১ ছেপ্টেম্বৰ, ২০২৫ (ভাৰত জয়ী)

টিম ইণ্ডিয়াৰ সম্ভাৱ্য মূল একাদশ :

অভিষেক শৰ্মা, শুভমন গীল, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী ।

পাকিস্তানৰ সম্ভাৱ্য মূল একাদশ :

চাহিবজাদা ফাৰহান, ফখৰ জামান, ছাইম আয়ুব, ছলমান আঘা (অধিনায়ক), হুছেইন তালাত, মহম্মদ হাৰিছ (উইকেটকীপাৰ), মহম্মদ নৱাজ, ফাহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, হৰিশ ৰাউফ, আব্ৰাৰ আহমেদ ।

লগতে পঢ়ক : এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ? জানক ভাৰতৰ পৰিসংখ্যা

এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ? জানক ভাৰতৰ পৰিসংখ্যা

এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ?

দেওবাৰে অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ ফাইনেল মেচ । এই মেচত খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান । ২৮ ছেপ্টেম্বৰ, দেওবাৰে ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ আৰম্ভ হৈছিল । আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হৈছিল চলিত এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ ।

ইতিহাসত প্ৰথমবাৰৰ বাবে চলিত এছিয়া কাপ প্ৰতিযোগিতাত ৮টা দলে অংশগ্ৰহণ কৰে । এইবাৰ ভাৰত, পাকিস্তান, ওমান, ইউ এ ই, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ  আৰু হংকঙে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এছিয়া কাপত ভাৰতে সৰ্বাধিক খিতাপ জয় কৰিছে । ভাৰতীয় দলটোৱে এতিয়ালৈকে মুঠ ৮বাৰ এই খিতাপ জয় কৰি ইতিহাস ৰচিছে ।  এইবাৰ নৱমবাৰৰ বাবে দেওবাৰে খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো । এই প্ৰতিযোগিতাৰ শেষৰটো সংস্কৰণ ২০২৩ চনত এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰিছিল ।

ভাৰতে কেতিয়া কেতিয়া খিতাপ দখল কৰিছে-

এই প্ৰতিযোগিতাত ভাৰত সৰ্বাধিক অৰ্থাৎ ৮ বাৰ জয়ী হৈছে আৰু এই প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলটো হৈছে ভাৰতীয় দল । ভাৰতে ১৯৮৪, ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮, আৰু ২০২৩ চনত এই প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছিল । এই প্ৰতিযোগিতাৰ দ্বিতীয় সফল দল হৈছে শ্ৰীলংকা, যিয়ে ছবাৰ খিতাপ জয় কৰিছে । ১৯৮৬, ১৯৯৭, ২০০৪, ২০০৮, ২০১৪, আৰু ২০২২ চনত এছিয়া কাপ জয় কৰিছিল শ্ৰীলংকাই ।

ইফালে পাকিস্তানে মাত্ৰ দুবাৰহে খিতাপ জয় কৰিছে । ২০০০ আৰু ২০১২ চনত দলটো এই প্ৰতিযোগিতাৰ চেম্পিয়ন হৈছিল । আনহাতে বাংলাদেশ আটাইতকৈ দুৰ্ভাগ্যজনক দল হিচাপে পৰিগণিত হৈছে । বাংলাদেশে তিনিবাৰ এই প্ৰতিযোগিতাৰ ফাইনেল খেলিছে যদিও তিনিওবাৰেই পৰাস্ত হৈছে ।

উল্লেখ্য যে, এছিয়া কাপ ২০২৫ সংস্কৰণ টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক : ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া… দেৱদত্ত পাডিক্কালৰ প্ৰৱেশ, বাহিৰ কৰুণ নায়াৰ

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ…

এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

এছিয়া কাপ ২০২৫ৰ ছুপাৰ ফোৰত বুধবাৰে বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই । এই জয়েৰে ভাৰত চলিত এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় । বাংলাদেশে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । বাংলাদেশক ভাৰতে ১৬৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও দলটোৱে ১২৭ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় ।

এই মেচখনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এখনকৈ মেচ বাকী আছে । ভাৰতৰ পৰৱৰ্তী খেলখন শ্ৰীলংকাৰ বিৰুদ্ধে, আনহাতে বৃহস্পতিবাৰে বাংলাদেশে পাকিস্তানৰ বিৰুদ্ধে খেলিব । অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল কোন হ’ব সেয়া নিৰ্ণয় হ’বলৈ সকলোৰে দৃষ্টি পাকিস্তান-বাংলাদেশৰ খেলখনৰ ওপৰত থাকিব । অৱশ্যে ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে এছিয়া কাপৰ পৰা শ্ৰীলংকা বাহিৰ হৈছে ।

বাংলাদেশৰ ইনিংছ-

১৬৯ ৰানৰ লক্ষ্য খেদি ইনিংছ আৰম্ভ কৰা বাংলাদেশৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত যশপ্ৰীত বুমৰাহে প্ৰথমটো আঘাত দিয়ে বাংলাদেশক । তানজিদক আউট কৰে বুমৰাহে । ইয়াৰ পিছত ছাইফ আৰু পাৰভেজে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলে । অৱশ্যে কুলদীপ যাদৱে পাৰভেজক আউট কৰি নিজৰ  প্ৰথম অভাৰতে এই অংশীদাৰিত্ব ভংগ কৰে । ইয়াৰ পাছতে অক্ষৰ পেটেলে দশম অভাৰত তৌহিদক আউট কৰে । ইয়াৰ পিছত বৰুণ আৰু কুলদীপে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু বাংলাদেশে বেক টু বেক উইকেট হেৰুৱায় । বাংলাদেশ ১২৭ ৰানত অল আউট হয় । কুলদীপে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে ।

বাংলাদেশৰ উইকেট পতন :

১-৪ (তাঞ্জিদ হাছান তামিম, ১.২ অভাৰ), ২-৪৬ (পাৰভেজ হোছেইন ইমন, ৬.২ অভাৰ), ৩-৬৫ (তৌহীদ হৃদয়, ৯.৪ অভাৰ), ৪-৭৪ (ছামিম হোছেইন, ১০.৪ অভাৰ), ৫-৮৭ (জাকাৰ আলী, ১২.৩ অভাৰ), ৬-১০৯ (মহম্মদ ছাইফুদ্দিন, ১৫.২ অভাৰ), ৭-১১২ (ৰিছাদ হোছেইন, ১৬.১), ৮-১১২ (তাঞ্জিম হাছান ছাকিব, ১৬.২ অভাৰ), ৯-১১৬ (ছৈফ হাছান, ১৭.২), ১০-১২৭ (মুস্তাফিজুৰ ৰহমান, ১৯.৩)

ভাৰতৰ প্ৰদৰ্শন-

প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতৰ আৰম্ভণি ভাল নাছিল । প্ৰথম অভাৰত গীল আৰু অভিষেকে মাত্ৰ ৩ ৰান সংযোজন কৰে । ইয়াৰ পিছত বাংলাদেশী বলাৰসকল আক্ৰমণাত্মক হৈ পৰে । অভিষেকক সতৰ্ক যেন লাগিছিল যদিও চতুৰ্থ অভাৰত গীলে ছয় আৰু চাৰি মাৰিবলৈ আৰম্ভ কৰে । অভিষেকো আক্ৰমণাত্মক হৈ পৰে । ৫ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ এটাও উইকেট নেহেৰুৱাকৈ ৫৫ ৰান আছিল । অৱশ্যে সপ্তম অভাৰত ভাৰতে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া গীলক ৰিয়াজে ২৯ ৰানত আউট কৰে । আনটো মূৰত থিয় হৈ থকা অভিষেকে ২৫টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে ।

কিন্তু নৱম অভাৰত ভাৰতে দ্বিতীয়টো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া শিৱম ডুবে ২ ৰানতে আউট হয় । ১২ নং অভাৰত ৩৭টা বলত ৭৫ ৰান সংগ্ৰহ কৰি অভিষেক শৰ্মা ৰান আউট হোৱাৰ লগে লগে ভাৰত তৃতীয়টো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । সূৰ্যকুমাৰ যাদৱেও একেটা অভাৰতে নিজৰ উইকেট হেৰুৱাই । তিলক বাৰ্মাও কম সময়তে আউট হয় । তিলাকে মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয় । অৱশ্যে হাৰ্দিক আৰু অক্ষৰে ভাল অংশীদাৰিত্ব গঢ়ি তুলি ভাৰতৰ স্ক’ৰ ১৬৮লৈ বৃদ্ধি কৰে ।

ভাৰতৰ উইকেট পতন :

১-৭৭ (শুভমন গীল, ৬.২ অভাৰ), ২-৮৩ (শিৱম ডুবে, ৮.১ অভাৰ), ৩-১১২ (অভিষেক শৰ্মা, ১১.১ অভাৰ), ৪-১১৪ (সূৰ্য্যকুমাৰ যাদৱ, ১১.৬ অভাৰ), ৫-১২৯ (তিলক ভাৰ্মা, ১৪.৩ অভাৰ), ৬-১৬৮ (হৰ্দিক পাণ্ডিয়া, ১৯.৬ অভাৰ )

ফাইনেলৰ সমীকৰণ-

বাংলাদেশক পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰিছে ভাৰতে । শ্ৰীলংকা প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । ইফালে বৃহস্পতিবাৰৰ পাকিস্তান বনাম বাংলাদেশৰ খেলখন ফাইনেলৰ বাবে ছেমি ফাইনেল হ’ব । যিটো দলে জয়লাভ কৰে ফাইনেলৰ প্ৰতিদ্বন্দ্বী হ’ব আৰু ২৮ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক : ‘কাৰণ নোহোৱাকৈয়ে উচটনি দিছিল,সেইবাবেই শিক্ষা দিলো’; পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছতে অভিষেক শৰ্মাৰ বিস্ফোৰক ভাষ্য

এছিয়া কাপত ভাৰত-পাকিস্তানৰ আন এক সংঘৰ্ষ নিশ্চিত… এই তাৰিখত অনুষ্ঠিত হ’ব এই মেচ

এছিয়া কাপত ভাৰত-পাকিস্তানৰ আন এক সংঘৰ্ষ নিশ্চিত

বুধবাৰে পাকিস্তান আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত এছিয়া কাপৰ দশমখন খেলত পাকিস্তানে ৪১ ৰানত জয়লাভ কৰে । এই জয়েৰে পাকিস্তানে ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আয়োজক ইউ এ ইৰ যাত্ৰা এই প্ৰতিযোগিতাত এতিয়া শেষ হৈছে । এছিয়া কাপত টিম ইণ্ডিয়া আৰু পাকিস্তানে গ্ৰুপ এৰ পৰা ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ সংঘৰ্ষৰ পথ মুকলি হৈছে । ২১ ছেপ্টেম্বৰ দেওবাৰে ডুবাইত অনুষ্ঠিত হ’ব দুয়োটা দলৰ মাজত পৰৱৰ্তী মেচ ।

ভাৰত আৰু পাকিস্তানৰ মাজত আন এক সংঘৰ্ষ-

এইবাৰ এছিয়া কাপত ৮টা দলে অংশ লৈছিল । এই দলসমূহক দুটা পৃথক গোটত ভাগ কৰা হৈছিল । প্ৰতিটো গ্ৰুপৰ পৰা মুঠ চাৰিটা দল ছুপাৰ ফোৰৰ বাবে নিৰ্বাচিত হ’ব লাগিছিল । গ্ৰুপ এত আছিল ভাৰত, পাকিস্তান, ইউ এ ই আৰু ওমান । ইতিমধ্যে ভাৰতে প্ৰথমখন খেলৰ দুয়োখন খেলতে জয়লাভ কৰি ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । ইতিমধ্যে ওমানক বাহিৰ হৈছে । প্লে অফৰ বাবে পাকিস্তান আৰু ইউ এ ইৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল । অৱশ্যে এই মেচত পাকিস্তানে জয়লাভ কৰি এতিয়া ভাৰতৰ মুখামুখি হ’ব ।

ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে-

এই প্ৰতিযোগিতাত দেওবাৰে ভাৰত আৰু পাকিস্তানে গ্ৰুপ পৰ্যায়ৰ মেচ খেলিছিল । এই খেলখনত টিম ইণ্ডিয়াই ৭ উইকেটত জয়লাভ কৰে । কিন্তু ভাৰতীয় খেলুৱৈয়ে পাকিস্তানী খেলুৱৈৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাত মেচখন বিতৰ্কিত সোমাই পৰে । আপত্তি দাখিল কৰিলে পাকিস্তানে । পি চি বিয়ে আই চি চিক এই মেচৰ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক প্ৰতিযোগিতাখনৰ পৰা অপসাৰণ কৰাৰ দাবী জনায় ।

অৱশ্যে আই চি চিয়ে পাকিস্তানৰ দাবী অস্বীকাৰ কৰে । ইয়াৰ পিছতে পাকিস্তানী দলটোৱে ইউ এ ইৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে মেচ বৰ্জনৰ ভাবুকি দিয়ে । অৱশ্যে দলটো এঘণ্টা পলমকৈ ষ্টেডিয়ামত উপস্থিত হয় আৰু মেচখন অনুষ্ঠিত হয় ।

ভাৰত আৰু পাকিস্তানৰ অভিযান-

এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ যাত্ৰাৰ কথা চিন্তা কৰি টিম ইণ্ডিয়াই ইউ এ ইৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । এই খেলখনত সূৰ্য ব্ৰিগেডে বৃহৎ ব্যৱধানত জয়লাভ কৰে । দ্বিতীয়খন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে । শুকুৰবাৰে টিম ইণ্ডিয়াই গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ওমানৰ বিৰুদ্ধে খেলিব ।

পাকিস্তানে ওমানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল, মেচখনত জয়লাভ কৰিছিল । দ্বিতীয়খন মেচত পাকিস্তান পৰাস্ত হোৱাৰ বিপৰীতে তৃতীয়খন মেচত ইউ এ ইৰ বিৰুদ্ধে পাকিস্তানে জয়লাভ কৰে । ইফালে এই প্ৰতিযোগিতাত ইউ এ ইৰ দুটা পৰাজয় আৰু এটা জয়ৰ বিপৰীতে ওমানে এই পৰ্যন্ত দুয়োখন মেচতে পৰাস্ত হৈছে ।

লগতে পঢ়ক : বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰা; প্ৰথম থ্ৰ’তে যোগ্যতা অৰ্জন

আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী… আঁতৰি যাব নেকি এছিয়া কাপৰ পৰা

আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী

১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা মেচত ৰেফাৰী হিচাপে থকা মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণৰ দাবী জনাইছিল পাকিস্তানী দলে । পিচিবি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)ৰ অভিযোগ যে ভাৰতীয় দলটোৱে এণ্ডিৰ কাৰণে হাত হেণ্ডশ্বেক কৰা নাছিল । কিন্তু আই চি চিয়ে ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰিছে । এছিয়া কাপৰ পৰা মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণ কৰিবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ দাবী নাকচ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে । বিষয়টোৰ তদন্তৰ অন্তত আই চি চিয়ে এই সিদ্ধান্তৰ বিষয়ে পিচিবিক অৱগত কৰিছে ।

পাকিস্তানে ইয়াক খেলৰ মনোভাৱৰ প্ৰতি অসন্মান বুলি গণ্য কৰি বুধবাৰে (১৭ ছেপ্টেম্বৰ) ইউ এ ইৰ বিৰুদ্ধে খেলখনৰ পৰা আঁতৰি অহাৰ হুংকাৰ দিয়ে । পিচিবিয়ে এণ্ডিক আই চি চি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ)ৰ পৰা অপসাৰণৰ দাবী জনাইছিল ।

১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ খেলৰ সময়ত এই হেণ্ডশ্বেক বিতৰ্ক চৰ্চালৈ আহিছিল । টছৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে পাকিস্তানী অধিনায়ক ছলমান আঘাক হেণ্ডশ্বেক কৰা নাছিল । মেচ শেষ হোৱাৰ পিছতো পাকিস্তানী দললৈ উভতিও নোছোৱাকৈ সূৰ্যই শিৱম ডুবেৰ সৈতে পোনে পোনে পেভিলিয়নলৈ উভতি যাই ।

ইয়াৰ পাছতে পাকিস্তানে ইউ এ ইৰ সৈতে থকা খেলখন বৰ্জন কৰিব বুলি ভাবুকি দিছে । তেওঁলোকে কৈছিল যে ভাৰত-পাকিস্তানৰ খেলৰ সময়ত ৰেফাৰী হিচাপে থকা এণ্ডি পাইক্ৰফ্টক অপসাৰণ কৰিব লাগে । কিন্তু এতিয়া আই চি চিয়ে পাইক্ৰফ্ট আঁতৰাবলৈ অস্বীকাৰ কৰিছে । এনে পৰিস্থিতিত এতিয়া পাকিস্তানী দলটোৱে এছিয়া কাপৰ পৰা আঁতৰি যাব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ।

এছিয়া কাপত ইউ এ ইৰ বিৰুদ্ধে খেলিব নে নেখেলে পাকিস্তান দলে ?

এতিয়া প্ৰশ্ন হ’ল পাকিস্তান দলটোৱে ইউ এ ইৰ বিৰুদ্ধে খেলিব নে নেখেল ? কাৰণ তেওঁলোকে নেখেলাৰ অৰ্থ হ’ল এছিয়া কাপত তেওঁলোকৰ যাত্ৰা শেষ । আচলতে মঙলবাৰে (১৫ ছেপ্টেম্বৰ) ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে । যাৰ বাবে গ্ৰুপ এত থকা ওমান প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় । ইতিমধ্যে ভাৰতীয় দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইউ এ ইও এতিয়া ছুপাৰ-৪ৰ দৌৰত আছে ।

ওমান বাহিৰ হোৱাৰ লগে লগে ভাৰত প্ৰথমে ছুপাৰ-৪ত প্ৰৱেশ কৰে । কিন্তু ইয়াৰ ফলত শুকুৰবাৰে (১৯ ছেপ্টেম্বৰ) ভাৰত আৰু ওমানৰ মাজত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচখন অকাৰ্যকৰী হৈ পৰিছে ।

অঘটন ঘটাব নেকি ইউ এ ইয়ে ?  

বুধবাৰে (১৭ ছেপ্টেম্বৰ) ইউ এ ইৰ সৈতে খেলখন বৰ্জন কৰাৰ ভাবুকি দিছিল পাকিস্তানে । য’ত এণ্ডি পাইক্ৰফ্ট মেচ ৰেফাৰী । এই মেচখন ইউ এ ই আৰু পাকিস্তান দুয়োৰে বাবে গুৰুত্বপূৰ্ণ । কাৰণ এই মেচত জয়ৰ অৰ্থ হ’ল পোনপটীয়াকৈ ছুপাৰ ৪ত উপনীত হোৱা । যদি ইউ এ ইয়ে অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে, তেন্তে ভাৰতৰ সৈতে ছুপাৰ-৪ খেলা দেখা যাব । তাৰ পিছত দেওবাৰে (২১ ছেপ্টেম্বৰ) ভাৰতে ইউ এ ইৰ বিৰুদ্ধে খেলিব, যিটো আগতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যেন লাগিছিল ।

উল্লেখ্যযে পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে এক্সত নিজৰ ক্ষোভ উজাৰিছিল য’ত পিচিবিয়ে আই চি চিত অভিযোগ দাখিল কৰিছিল আৰু মেচ ৰেফাৰীক এছিয়া কাপৰ পৰা শীঘ্ৰে অপসাৰণ কৰাৰ দাবী জনাইছিল । আচলতে অধিনায়ক সূৰ্য্য আৰু টিম ইণ্ডিয়াই পাকিস্তানী দলৰ লগত মিলোৱা নাছিল । ইয়াৰ পিছত পিচিবিয়ে এই বিষয়ত এচিচি আৰু আই চি চিক অভিযোগ কৰে । পাকিস্তানে বিশ্বাস কৰিছিল যে ভাৰতে খেলৰ মনোভাৱ উলংঘা কৰিছে আৰু এই সকলোবোৰ মেচ ৰেফাৰীৰ প্ৰৰোচনাৰ বাবেই ঘটিছিল ।

লগতে পঢ়ক : এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ… নিৰ্বাপিত হোৱাৰ পথত পাকিস্তানৰ আশা

এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ… নিৰ্বাপিত হোৱাৰ পথত পাকিস্তানৰ আশা

এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ

এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে টিম ইণ্ডিয়াই ।এতিয়া সকলোৰে দৃষ্টি ইউ এ ই আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত থাকিব যে কোনটো দলে গ্ৰুপৰ পৰা যোগ্যতা অৰ্জন কৰিব । কিন্তু টিম ইণ্ডিয়াৰ পথ স্পষ্ট হৈ পৰিছে । আচলতে সোমবাৰে গ্ৰুপ এৰ- ইউ এ ই আৰু ওমানৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল । এই খেলখনত ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে । এয়া আছিল ওমানৰ ক্ৰমাগত দ্বিতীয়টো পৰাজয় । যাৰ বাবে দলটোৰ প্ৰস্থান নিশ্চিত হৈছে । একে সময়তে টিম ইণ্ডিয়াই নিজৰ দুয়োখন মেচতে জয়ী হৈ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াই ইউ এ ইক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল । ইয়াৰ পিছত দেওবাৰে টিম ইণ্ডিয়াই পাকিস্তানকো ৭ উইকেটত পৰাস্ত কৰে । উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিছে । ৪টাকৈ দলক দুটাকৈ ভিন্ন গোটত ভাগ কৰা হৈছে । প্ৰতিটো গ্ৰুপৰ ২টা দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

এছিয়া কাপ ২০২৫ৰ গ্ৰুপ এত ৪ টা দল- ভাৰত-পাকিস্তান, ইউ এ ই আৰু ওমান । ভাৰতে এই পৰ্যন্ত ২ খন খেল খেলি দুয়োখন খেলতে জয়লাভ কৰিছে । আনহাতে পাকিস্তান আৰু ইউ এ ইয়ে এখনকৈ মেচত জয়লাভ কৰিছে । আনহাতে ওমানে দুয়োখন মেচতে পৰাস্ত হৈছে । এই প্ৰতিযোগিতাত ওমানৰ যাত্ৰা প্ৰায় সমাপ্ত হৈছে ।

১৭ ছেপ্টেম্বৰত পাকিস্তান আৰু ইউ এ ইৰ মাজত এখন মেচ অনুষ্ঠিত হ’ব । এই মেচখনেই নিৰ্ধাৰণ কৰিব কোনটো দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । যদি ইউ এ ইয়ে অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে তেন্তে ইউ এ ইয়ে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । অৱশ্যে নেট ৰান ৰেটৰ ক্ষেত্ৰত পাকিস্তান আগবাঢ়ি আছে ।

এছিয়া কাপ ২০২৫ৰ সপ্তমখন খেলত আজি আয়োজক সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু ওমানৰ মাজত অনুষ্ঠিত হয় । ওমান দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ইউ এ ইৰ দলটোৱে শ্বাৰাফু আৰু অধিনায়ক ৱাছিমৰ অৰ্ধ শতকৰ সহায়ত ওমানৰ সন্মুখত ১৭৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ওমানৰ দলটো ১৩০ ৰানতে অল আউট হৈ পৰাজয় স্বীকাৰ কৰে ।

লগতে পঢ়ক : ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে… পি চি বিয়ে নিলম্বন কৰিলে নিজৰেই বিষয়াক