২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত দেওবাৰে ভাৰতীয় দল আৰু অষ্ট্ৰেলিয়াৰ মাজত হাইভল্টেজ খেল অনুষ্ঠিত হয়। শেষৰ অভাৰত ভাৰতীয় দলটোক জয়ী হ’বলৈ ১৪ ৰানৰ প্ৰয়োজন হৈছিল । এইদৰে ডু অৰ ডাই মেচত টীম ইণ্ডিয়া ৯ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল।
মেচখনত অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৯টা উইকেট হেৰুৱাই ১৪২ ৰান সংগ্ৰহ কৰি মেচখনত পৰাস্ত হয়। এই পৰাজয়ৰ লগে লগে ভাৰতীয় দল পইন্টছ টেবুলৰ পৰা বাহিৰ হোৱাৰ দিশত।
মেচখনত অধিনায়ক হৰমনপ্ৰীত কৌৰে ৫৪ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলৰ হৈ অপৰাজিত হৈ থাকিলেও দলটোক জয়ী কৰাত ব্যৰ্থ হৈ পৰিল। তেওঁৰ বাহিৰেও দীপ্তি শৰ্মাই ২৯ ৰান সংগ্ৰহ কৰে। আনহাতে শ্বেফালী বাৰ্মাই ২০ ৰান সংগ্ৰহ কৰে।
ভাৰতীয় দল ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিব নে ?
এই পৰাজয়ৰ পিছত এতিয়া ইয়াৰ সিদ্ধান্ত নেট ৰাণ ৰেটত আবদ্ধ হৈ আছে। আচলতে অষ্ট্ৰেলিয়াৰ দলটোৱে ৪খন মেচত জয়লাভ কৰি গ্ৰুপ Aত যোগ্যতা অৰ্জন কৰিছে । দ্বিতীয় স্থানত আছে ৪ পইণ্টেৰে ভাৰতীয় দল, যাৰ নেট ৰান ৰেট প্লাছ ০.৩২২। এনেক্ষেত্ৰত আজি হবলগীয়া পাকিস্তান আৰু নিউজিলেণ্ডৰ মেচখনত দৃষ্টিনিবদ্ধ হৈ থাকিব টীম ইণ্ডিয়াৰ।