বিশ্বকাপত অব্যাহত ভাৰতৰ বিজয়ী অভিযান, বৈভৱ-আয়ুসৰ ধুমহাত ৭ উইকেটত পৰাস্ত নিউজীলেণ্ড

১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ২০২৬ত ভাৰতৰ যুৱ দলটোৱে পুনৰবাৰ নিজৰ বিস্ফোৰক শৈলী প্ৰদৰ্শন কৰিছে । বৈভৱ সূৰ্য্যবংশী আৰু আয়ুষ মাহাত্ৰেৰ বিস্ফোৰক বেটিং ।

আই চি চি ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ২০২৬ত ভাৰতৰ যুৱ দলটোৱে পুনৰবাৰ নিজৰ বিস্ফোৰক প্ৰদৰ্শন প্ৰমাণ কৰিলে । শনিবাৰে টিম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল খেলে । এই মেচত ভাৰতীয় দলটোৱে সহজেই নিউজীলেণ্ডক পৰাস্ত কৰে । ভাৰতৰ বলিং আক্ৰমণত নিউজীলেণ্ডৰ বেটছমেনসকলক দিশহাৰা হৈ পৰে আৰু দলটো অতি কম স্ক’ৰতে অল আউট হয় । ইয়াৰ পাছতে তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশী আৰু অধিনায়ক আয়ুষ মাহাত্ৰেৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে মেচখনত সহজ বিজয় সাব্যস্ত কৰে ।

বুলাৱায়োত অনুষ্ঠিত এই মেচখন বৰষুণৰ বাবে ৩৭ অভাৰলৈ হ্ৰাস কৰা হয় । টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় যদিও বৰষুণে আৰম্ভণিতে খেলত বাধা জন্মাই আৰু খেল তিনি অভাৰ কৰ্তন কৰা হয় । মেচখন পুনৰ আৰম্ভ হয় যদিও বৰষুণে পুনৰ খেল বন্ধ কৰে, যাৰ ফলত আৰু ১০ অভাৰকৈ হ্ৰাস কৰিবলগীয়া হয় । ইয়াৰ পিছতে ভাৰতীয় বলাৰসকলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ৩৬.২ অভাৰত নিউজীলেণ্ডক ১৩৫ ৰানত অল আউট কৰে । নিউজীলেণ্ডৰ বেটিং প্ৰদৰ্শন অতি দুৰ্বল আছিল । দলটোৱে ভাৰতীয় বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি সঘনাই উইকেট হেৰুৱাইছিল । দলটোৰ হৈ কেলাম চেমছনে অপৰাজিত ৩৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে চেলভিন সঞ্জয়াই ২৮ ৰান সংগ্ৰহ কৰে । আন কোনো বেটছমেনে ২৫ ৰানৰ সীমাতো উপনীত হোৱাত ব্যৰ্থ হয় ।

ভাৰতৰ হৈ আৰ এছ এম্ব্ৰিছে চাৰিটা উইকেট দখল কৰে । হেনিল পেটেলে তিনিটা উইকেট লয় । আন বলাৰসকলেও উজ্জবল বলিং কৰি নিউজীলেণ্ডক ডাঙৰ স্ক’ৰ গঢ়াত বাধা দিয়ে । খিলান পেটেল, মহম্মদ ইনান আৰু কনিষ্ক চৌহানে এটাকৈ উইকেট দখল কৰে ।

বৈভৱ সূৰ্য্যবংশী আৰু আয়ুষ মাহাত্ৰেৰ বিস্ফোৰক বেটিং-

লক্ষ্য অুসৰণ কৰি ভাৰতীয় দলটোৱে আগ্ৰাসী ৰূপ ধাৰণ কৰে । এৰন জৰ্জে ৬টা বলত ৭ ৰান সংগ্ৰহ কৰি উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পিছতে অ’পেনাৰ বৈভৱ সূৰ্য্যবংশী আৰু অধিনায়ক আয়ুষ মাহাত্ৰেই বিস্ফোৰক বেটিং কৰে । মাত্ৰ ৩৯টা বলত দ্বিতীয় উইকেটৰ বাবে ৭৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি খেলখন সম্পূৰ্ণৰূপে ভাৰতৰ পক্ষলৈ আনে দুয়োজনে । বৈভৱ সূৰ্যবংশীয়ে ২৩টা বলত ৪০ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই বিস্ফোৰক ইনিংছত ২টা চাৰি আৰু ৩টা ছযয় আছিল । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৩.৯১ । অধিনায়কোচিত ইনিংছ খেলা আয়ুষ মাহাত্ৰেই ২৭টা বলত ৫৩টা ৰান সংগ্ৰহ কৰে, য’ত ২টা চাৰি আৰু ৬টা শক্তিশালী ছয় আছিল ।

ইয়াৰ পিছতে বিহান মালহোত্ৰাই অপৰাজিত ১৭ আৰু বেদান্ত ত্ৰিবেদীয়ে অপৰাজিত ১৩ ৰান কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । টীম ইণ্ডিয়াই ৩টা উইকেট হেৰুৱাই ১৩.৩ অভাৰত (৮১ বল) বিজয় লক্ষ্যত উপনীত হয় ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে টীমলৈ উভতি আহিব নেকি মহম্মদ শ্বামী?

পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বেগী বলাৰ মহম্মদ শ্বামীয়ে। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে ঘূৰি আহিব পাৰে দললৈ।

শেহতীয়া কেইবামাহো ধৰি ফিটনেছ, ফৰ্ম আৰু ভৱিষ্যতৰ ওপৰত জল্পনা-কল্পনাৰ অন্তত,৩৫ বছৰীয়া বেগী বলাৰ মহম্মদ শ্বামী পুনৰবাৰ বাতৰিৰ শিৰোনাম।

এতিয়া তেওঁ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে দললৈ ঘূৰি আহিব পাৰে। শ্বামীৰ ঘৰুৱা প্ৰদৰ্শনৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।য’ত খেলুৱৈ গৰাকীয়ে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে।

মহম্মদ শ্বামীৰ বাবে বিচিচিআইয়ে পৰিকল্পনা কৰিছে।তেওঁ বাছনিৰ দৌৰৰ বাহিৰত নহয়।অৱশ্যে,এতিয়াও খেলুৱৈ গৰাকীৰ ফিটনেছ সন্দৰ্ভত কিছু সমস্যাৰ সৃষ্টি হৈছে।

কিন্তু অনুমান কৰা হৈছে যে তেওঁ ১১ জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘূৰি আহিব পাৰে।যদি এনেকুৱা হয় তেন্তে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিকল্পনাৰো অংশ হ’ব শ্বামী।

এই স্থিতি খেলুৱৈজনৰ বাবে এক ডাঙৰ পৰিৱৰ্তনহ’ব,যিয়ে ২০২৫ চনৰ মাৰ্চ মাহৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ পিছত ভাৰতৰ হৈ কোনো মেচ খেলা নাই,অৱশ্যে সেই প্ৰতিযোগিতাত থকাৰ সময়ত তেওঁ ৯টা উইকেটেৰে ভাৰতৰ যৌথ সফল বলাৰ হিচাপে অন্ত পেলায়।তেওঁৰ শেষৰখন এদিনীয়াও একেখন প্ৰতিযোগিতাতে নিউজিলেণ্ডৰ বিৰুদ্ধে আছিল।

লগতে পঢ়ক: জয়েৰে বছৰৰ অন্ত পেলালে ভাৰতীয় দলে… শ্ৰীলংকাক ৫-০ত হোৱাইট ৱাশ্ব

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা বিচিচিআইৰ… আধিনায়কৰ দায়িত্বত আয়ুষ

১৫ জানুৱাৰীৰ পৰা জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’বলগা ১৯ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা শৃংখলাৰ বাবেও ঘোষণা কৰা হৈছে দল ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰে । আয়ুষ মাহাত্ৰেক দলৰ অধিনায়ক হিচাপে দায়িত্ব দিয়াৰ বিপৰীতে বিহান মালহোত্ৰাক সহ-অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে । বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্যবংশীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । এই প্ৰতিযোগিতাৰ পূৰ্বে অহা বছৰৰ আৰম্ভণিতে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব ভাৰতীয় দলে । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে নিৰ্বাচিত হোৱা একেটা দলেই এই ছিৰিজতো খেলিব ।

গ্ৰুপ বিত ভাৰত-

১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব ১৯ অনুৰ্ধ বিশ্বকাপ । ১৬টা দলক চাৰিটা গ্ৰুপত বিভক্ত কৰা হৈছে । পাঁচ বাৰৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী ভাৰতক নিউজীলেণ্ড, আমেৰিকা, বাংলাদেশৰ সৈতে গ্ৰুপ বিত স্থান দিয়া হৈছে । ১৫ জানুৱাৰীত ভাৰতে আমেৰিকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । তাৰ পিছত ১৭ জানুৱাৰীত বাংলাদেশ আৰু ২৪ জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলে । প্ৰতিযোগিতাৰ ফাইনেল খেল হাৰাৰেত অনুষ্ঠিত হ’ব ।

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে দলৰ অধিনায়ক বৈভৱ-

বিশ্বকাপৰ পূৰ্বে ভাৰতীয় তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব । ১৯ বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণ । বিচিচিআইয়ে ঘোষণা কৰে যে আয়ুষ মাহাত্ৰে আৰু বিহান মালহোত্ৰাই এই শৃংখলাত নেখেলে । দুয়োগৰাকীয়ে আঘাতৰ সৈতে যুঁজি আছে । ফলস্বৰূপে ব’ৰ্ডে বৈভৱ সূৰ্য্যবংশীক অধিনায়ক আৰু এৰন জৰ্জক সহ-অধিনায়ক হিচাপে নিযুক্তি দিছে । ৩ জানুৱাৰী, ৫ জানুৱাৰী আৰু ৭ জানুৱাৰীত উইলোম’ৰ পাৰ্কত অনুষ্ঠিত হ’ব এই তিনিখন মেচ ।

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দল :

বৈভৱ সূৰ্য্যবংশী (অধিনায়ক), এৰন জৰ্জ (সহ-অধিনায়ক), বেদান্ত ত্ৰিবেদী, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ. এছ অম্বৰীশ, কনিষ্ক চৌহান, খিলান এ পেটেল, মহম্মদ আনন, হেনিল পেটেল, ডি দীপেশ, কিষাণ কুমাৰ সিং, উধৱ মোহন, যুৱৰাজ গোহিল, ৰাহুল কুমাৰ ।

১৯ বছৰ অনুৰ্ধৰ এদিনীয়া বিশ্বকাপৰ ভাৰতীয় দল :

আয়ুষ মাহত্ৰে (অধিনায়ক), বিহান মালহোত্ৰা (সহ-অধিনায়ক), বৈভৱ সূৰ্য্যবংশী, এৰন জৰ্জ, বেদান্ত ত্ৰিবেদী, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ. অম্বৰীশ, কনিষ্ক চৌহান, খিলান এ পেটেল, মহম্মদ এনান, হেনিল পেটেল, ডি দীপেশ, কিষাণ কুমাৰ সিং, উধৱ মোহন ।

লগতে পঢ়ক : চেম্পিয়নছ ট্ৰফী, এছিয়া কাপৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিশ্বকাপ জয়লৈকে… ২০২৫ চনৰ ১০টা স্মৰণীয় ক্ৰিকেট মুহূৰ্ত

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট মেচ… ২০২৫ৰ মহিলা বিশ্বকাপৰো কৰিব আয়োজন

গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট মেচ । উত্তৰ-পূবৰ এই চহৰখনত নৱেম্বৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰেডবল ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই দেওবাৰে এই তথ্য প্ৰদান কৰে । এইবাৰ মহিলা বিশ্বকাপো অনুষ্ঠিত হোৱাৰ কথা আৰু শইকীয়াই কয় যে গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰো খেল অনুষ্ঠিত হ’ব ।

গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট-

শইকীয়াই কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ অহা ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ইয়াৰ দ্বাৰা গুৱাহাটীক টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত স্থান দিয়া হ’ব বুলিও শইকীয়াই কয় । ‘এতিয়ালৈকে গুৱাহাটীত কোনো টেষ্ট মেচ বা বিশ্বকাপৰ মেচ অনুষ্ঠিত হোৱা নাই যদিও শনিবাৰে অনুষ্ঠিত হোৱা বি চি চি আই এপেক্স কাউন্সিলৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে আৰু এইবাৰ গুৱাহাটীতে এই দুই মেচ আয়োজন কৰা হ’ব ।

প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মেচ আয়োজন কৰিব-

এই অঞ্চলত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব । শইকীয়াই কয় যে আই চি চি মহিলা বিশ্বকাপৰ পাঁচৰ পৰা ছয়খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব । তেওঁ কয় যে, মহিলা বিশ্বকাপ ২৪ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব । ইয়াৰ কাৰ্যসূচী চূড়ান্ত হোৱা নাই । অৱশ্যে এই প্ৰতিযোগিতাৰ মেচ আয়োজন কৰিবলৈ গুৱাহাটীক বাছনি কৰা হৈছে ।

জয় শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ-

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শইকীয়াই আই চি চিৰ সভাপতি জয় শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে, যাৰ বাবে গুৱাহাটী ক্ৰিকেট খেল আয়োজনৰ বাবে উপযুক্ত স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে । দক্ষিণ আফ্ৰিকাৰ দলটোৱে ভাৰতলৈ ধাৰাবাহিকভাৱে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচৰ বাবে আহিব । অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে দুয়ো দলে সাজু হোৱাৰ সুযোগ লাভ কৰিব টি-২০ ছিৰিজত ।

বাংলাদেশক পৰাস্ত কৰি খো খো বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

নতুন দিল্লীত অনুষ্ঠিত হৈ থকা প্ৰথম খো খো বিশ্বকাপত ভাৰতে পুৰুষ আৰু মহিলা শাখাত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে আৰু আশা অনুসৰি প্ৰতিজন প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে সহজেই জয়লাভ কৰি খিতাপ অৰ্জনৰ দিশে আগবাঢ়িছে। খো খো বিশ্বকাপ ২০২৫ত ভাৰতৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে আৰু ভাৰতীয় দলে মহিলা শাখাত আচৰিত ধৰণৰ জয় পঞ্জীয়ন কৰিছে। ১৭ জানুৱাৰী শুকুৰবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত টিম ইণ্ডিয়াই একপক্ষীয়ভাৱে বাংলাদেশক ৯৬ পইণ্টৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় মহিলা দলৰ বিৰুদ্ধে বাংলাদেশী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত একেবাৰে থিয় দিব নোৱাৰিলে আৰু ভাৰতে ১০৯-১৬ গ’লত জয়লাভ কৰে। ইয়াৰ সৈতে দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আশা কৰা মতে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ মহিলা আৰু পুৰুষৰ শাখাত ভাৰতীয় দলসমূহৰ প্ৰদৰ্শন অতি উত্তম আছিল। ১৬ জানুৱাৰী বৃহস্পতিবাৰে দুয়োটা দলে নিজ নিজ মেচত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শুকুৰবাৰে মালয়েছিয়াক ৮০ পইণ্টৰ বিপুল ব্যৱধানত পৰাস্ত কৰি মেচখনত প্ৰৱেশ কৰা মহিলা দলটোৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হয়।