NGO ৰ অনুজ্ঞাপ্ৰত্ৰ বাতিল কৰাত ক্ষোভ সোণম ৱাংচুক
কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে জলবায়ু কৰ্মী সোণম ৱাংচুকৰ NGOৰ এফ চি আৰ এ পঞ্জীয়ন বাতিল কৰে।তেওঁৰ NGO’টোৱে বিদেশী পুঁজিৰ সৈতে জড়িত আইন বাৰে বাৰে উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে।
বিদেশী পুঁজিৰ সন্দৰ্ভত সোণম ৱাংচুকৰ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে চিবিআইয়ে তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত সোণম ৱাংচুকে কয় যে গৃহ মন্ত্ৰালয়ে সকলো দোষ এজন সৰু ব্যক্তিৰ ওপৰত জাপি দিয়ে।তেওঁ ক’লে যে মোৰ জেললৈ যোৱাটোৱে যুৱক-যুৱতীসকলক জগাই তুলিব।
সোণম ৱাংচুকে ক’লে যে,”দুমাহৰ পিছত লাডাখত নিৰ্বাচন হ’ব।য’ত মানুহে আগতে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ কৈছে”।
“এই ক্ষেত্ৰত মোৰ ডাঙৰ মাত আছিল, গতিকে তেওঁলোকে মোক টাৰ্গেট কৰিছিল আৰু ডেৰ মাহৰ আগতে মোক কোৱা হৈছিল যে আপোনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত FIR হৈছে।ইয়াৰ পিছত চিবিআইৰ তদন্তৰ চৰ্চা হৈছিল।”
ৱাংচুকে লগতে কয় যে, “চিবিআইৰ জাননীত লিখা আছে যে ২০২২-২৪ ত আপোনাৰ সংগঠনে বহিঃৰাজ্যৰ পৰা ধন লাভ কৰিছিল”।
“যিটো কৰিবলৈ দিয়া নহয়। আপোনাৰ হাতত এফ চি আৰ এ নাই। বহিঃৰাজ্যৰ পৰা টকা লোৱাৰ কোনো উদ্দেশ্য নাছিল বাবে আমাৰ হাতত এফ চি আৰ এ নাছিল”।
“ৰাষ্ট্ৰসংঘৰ দলটোৱে আমাৰ নিষ্ক্ৰিয় সৌৰ উত্তাপিত বিল্ডিংটো আফগানিস্তানলৈ লৈ যাব বিচাৰিছিল আৰু তেওঁলোকে আমাক তাৰ বাবে মাচুল দিছিল”।
“একেদৰে আমাৰ কৃত্ৰিম হিমবাহে ছুইজাৰলেণ্ডৰ এখন বিশ্ববিদ্যালয় আৰু ইটালীৰ এটা প্ৰতিষ্ঠানৰ পৰা ধন লাভ কৰিছিল।”
তেওঁ আৰু কয় যে, ‘আমি ইনকাম টেক্সৰ পৰা চমন পাইছো।তেওঁলোকে নাজানে যে লাডাখত কোনেও কৰ নিদিয়ে।ইয়াত কৰ ৰেহাই দিয়া হৈছে’।
“ইয়াত কৰ দিয়া এজন ব্যক্তি মই কাৰণ মই মোৰ দায়িত্ব বুজি পাওঁ। ভাৰতত কিমান মানুহ আছে যিয়ে নোসোধাকৈ কৰ দিয়ে, তথাপিও আমি আই টি চমন পাওঁ।এই সকলোবোৰ শিকলিৰ দৰে হৈছিল।কালিৰ হিংসাৰ পিছত সমগ্ৰ দোষ সোণম ৱাংচুকৰ ওপৰত জাপি দিয়া হ’ল।”
লগতে পঢ়ক: ভাৰতীয় বায়ুসেনাই লাভ কৰিব ৯৭খন Tejas Mk1A যুদ্ধ বিমান; HAL ৰ সৈতে ৬২,৩৭০ কোটি টকাৰ চুক্তি স্বাক্ষৰ