ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ । দেওবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনত বৰ্তমানলৈকে কৰা সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ চলাই । ইউক্ৰেইনৰ মতে, ৰাছিয়াৰ পৰা কিয়েভ আৰু অন্যান্য অঞ্চলত প্ৰায় ৩৫৫টা ড্ৰোন আৰু ৯টা ক্ৰুজ মিছাইল নিক্ষেপ কৰা হয় । ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণৰ বিষয়ে তথ্য দি ইউক্ৰেইনৰ বায়ুসেনাৰ যোগাযোগ বিভাগে কয় যে ৰাছিয়াৰ আক্ৰমণত ৩৫৫খন ড্ৰোন জড়িত আছিল । এই আক্ৰমণত একাংশ সাধাৰণ নাগৰিক আহত হোৱা বুলি বিষয়াসকলে জনায় । অৱশ্যে তাৎক্ষণিকভাৱে কোনো মৃত্যুৰ খবৰ পোৱা নগ’ল ।
শনিবাৰৰ আক্ৰমণত ১২ জন নিহত-
ইয়াৰ পূৰ্বে শনিবাৰে নিশা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু অন্যান্য অঞ্চলত ৰাছিয়াৰ ড্ৰোন আৰু মিছাইলৰ সংযুক্ত আক্ৰমণত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয় । ইউক্ৰেইনৰ বিষয়াসকলে ইয়াক যুদ্ধৰ সময়ত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ বিমান আক্ৰমণ বুলি অভিহিত কৰিছে । বৰ্তমান এই আক্ৰমণ সন্দৰ্ভত ৰাছিয়া কৰ্তৃপক্ষৰ পৰা কোনো তাৎক্ষণিক মন্তব্য দিয়া হোৱা নাই ।
ইউক্ৰেইনে চলাইছিল ড্ৰোন আক্ৰমণ-
ইয়াৰ পূৰ্বে ৰাছিয়াৰ সামৰিক অধিনায়কগৰাকীয়ে দাবী কৰিছিল যে ২০ মে’ত ৰাছিয়াৰ কুৰ্স্ক অঞ্চল ভ্ৰমণৰ সময়ত ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰত ড্ৰোন আক্ৰমণ চলাইছিল । সেই সময়ত ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰ আক্ৰমণৰ কেন্দ্ৰবিন্দু আছিল । ৰাছিয়ান সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ অধিনায়ক ইউৰি ডাচকিনে এই দাবী কৰিছে । ৰাছিয়াৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাচকিনে কয় যে ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰক সুৰক্ষা প্ৰদানৰ বাবে আমি অহৰহ বিমান সুৰক্ষাৰ যুদ্ধ চলাই আহিছিলো । ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰখন ।
লগতে পঢ়ক : ‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ