ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ
জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো । প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত কয়, “শ্ৰী জগদীপ ধনখড় জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে । তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।”
ধনখড়ৰ পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ-
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিছে জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ধনখড়ে কয় যে তেওঁ ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ’ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদ এৰিব । ধনখড়ে ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত কয়, ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসাৰ পৰামৰ্শ মানি চলিবলৈ, সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি, মই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো ।’ ২০২২ চনৰ আগষ্ট মাহত ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল ।
উপাধ্যক্ষই কৰিলে সদনৰ কাম-কাজৰ অধ্যক্ষতা-
স্বাস্থ্যজনিত কাৰণত সোমবাৰে সন্ধিয়া ধনখড়ে পদৰ পৰা পদত্যাগ কৰে । উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে মঙলবাৰে সদনৰ পুৱাৰ কাৰ্যসূচীৰ অধ্যক্ষতা কৰে ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশে ।
উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহত ধনখৰে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যসভাৰ অধ্যক্ষ ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰে ।
লগতে পঢ়ক : ‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন