“যেতিয়া মই পদত্যাগ কৰিম বুলি কৈছিলো…”; উপ-ৰাষ্ট্ৰপতি পদ এৰাৰ পিছত জগদীপ ধনখড়ৰ প্ৰথম প্ৰতিক্ৰিয়া

উপ-ৰাষ্ট্ৰপতিৰ পদ এৰাৰ পিছত প্ৰথমবাৰৰ বাবে জগদীপ ধনখড়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। ডগদীপ ধনখড়ে শাস্ত্ৰৰ কথা উল্লেখ কৰিছে।

উপ-ৰাষ্ট্ৰপতি পদ এৰাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জগদীপ ধনখড়ে।তেওঁ কয় যে, মই কেতিয়াও মোৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱা নাই।যেতিয়া মই পদত্যাগ কৰিছো বুলি ক’লোঁ,তেতিয়া মই বেমাৰ বুলি কেতিয়াও কোৱা নাছিলো।মই কৈছিলো যে মই স্বাস্থ্যক অগ্ৰাধিকাৰ দিওঁ,যিটো সকলোৱে দিব লাগে।কাৰণ আমাৰ শাস্ত্ৰত সেইটো লিখা আছে’

২০২৫ চনৰ ২১ জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰি সকলোকে আচৰিত কৰি তুলিছিল।

গ্ৰীষ্মকালীন অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল।

ধনখড়ৰ হঠাৎ পদত্যাগক লৈ ৰাজনৈতিক মহলত চৰ্চা চলিছিল।বিৰোধী দলসমূহে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি বিষয়টো বেলেগ বুলি দাবী কৰিছিল।

লগতে পঢ়ক: খিলঞ্জীয়াৰ নহয়, মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়াঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ; সুস্বাস্থ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ

জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো । প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত কয়, “শ্ৰী জগদীপ ধনখড় জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে । তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।”

ধনখড়ৰ পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ-

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিছে জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ধনখড়ে কয় যে তেওঁ ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ’ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদ এৰিব । ধনখড়ে ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত কয়, ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসাৰ পৰামৰ্শ মানি চলিবলৈ, সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি, মই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো ।’ ২০২২ চনৰ আগষ্ট মাহত ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল ।

উপাধ্যক্ষই কৰিলে সদনৰ কাম-কাজৰ অধ্যক্ষতা-

স্বাস্থ্যজনিত কাৰণত সোমবাৰে সন্ধিয়া ধনখড়ে পদৰ পৰা পদত্যাগ কৰে । উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে মঙলবাৰে সদনৰ পুৱাৰ কাৰ্যসূচীৰ অধ্যক্ষতা কৰে ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশে ।

উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহত ধনখৰে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যসভাৰ অধ্যক্ষ ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰে ।

লগতে পঢ়ক : ‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ; ৰাষ্ট্ৰপতি মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ

দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা পদত্যাগ কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত স্বাস্থ্যজনিত কাৰণ আৰু চিকিৎসাৰ পৰামৰ্শৰ কথা উল্লেখ কৰি সংবিধানৰ ৬৭ (ক) অনুচ্ছেদৰ অধীনত পদত্যাগ কৰাৰ কথা ঘোষণা কৰে তেওঁ । ৰাষ্ট্ৰপতি মুৰ্মুলৈ প্ৰেৰণ কৰা পত্ৰত জগদীপ ধনখড়ে লিখিছে, ‘স্বাস্থ্যক অগ্ৰাধিকাৰ দি আৰু চিকিৎসকৰ পৰামৰ্শ পালন কৰি মই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো ।’ তেখেতে ৰাষ্ট্ৰপতিৰ সহযোগিতা আৰু আন্তৰিক সম্পৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক সহযোগিতা আৰু পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

জগদীপ ধনখড়ে পদত্যাগ পত্ৰত লিখিছে, ‘সংসদৰ সকলো সন্মানীয় সদস্যৰ পৰা যি মৰম, বিশ্বাস আৰু সন্মান লাভ কৰিলোঁ, সেয়া আজীৱন মোৰ হৃদয়ত থাকিব ।’ উপ-ৰাষ্ট্ৰপতি হিচাপে নিজৰ কাৰ্যকাল স্মৰণ কৰি তেওঁ কয়, ‘এই মহান গণতন্ত্ৰত উপ-ৰাষ্ট্ৰপতি হিচাপে মই যি অভিজ্ঞতা আৰু দৃষ্টিভংগী লাভ কৰিছো তাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ । ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু অভূতপূৰ্ব পৰিৱৰ্তনশীল পৰ্যায়ৰ সাক্ষী হোৱাটো মোৰ বাবে সৌভাগ্য আৰু সন্তুষ্টিৰ বিষয় হৈ পৰিছে ।’ ভাৰতৰ গোলকীয় উত্থান আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতি অদম্য বিশ্বাস প্ৰকাশ কৰি তেওঁ পদত্যাগ পত্ৰৰ অন্ত পেলায় ।

২০২২ চনত ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জগদীপ ধনখড়ে ২০২২ চনৰ ৬ আগষ্টত অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিছিল । মুঠ ৭২৫ টা ভোটৰ ভিতৰত ধনখড়ে ৫২৮ টা ভোট লাভ কৰাৰ বিপৰীতে মাৰ্গাৰেট আলভাই ১৮২ টা ভোট লাভ কৰিছিল । উপ-ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ পশ্চিম বংগৰ ৰাজ্যপাল আছিল । ১৯৫১ চনৰ ১৮ মে’ত ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগদীপ ধনখড়ে । গাঁৱৰ স্কুলৰ পৰাই তেওঁ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল । ইয়াৰ পিছত বৃত্তি লাভ কৰি চিত্তোৰগড় সৈনিক বিদ্যালয়ত পঢ়িবলৈ যায় । ধনখড় নেশ্যনেল ডিফেন্স একাডেমীলৈ নিৰ্বাচিত হৈছিল যদিও তেওঁ নামভৰ্তি কৰা নাছিল ।

জয়পুৰ মহাৰাজা কলেজৰ পৰা বি এছ চি (অনাৰ্ছ) ডিগ্ৰী লাভ কৰাৰ লগতে ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰে তেওঁ । তাৰ পিছত জয়পুৰত থাকি আইন চৰ্চা আৰম্ভ কৰা ধনখড় ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন সুপৰিচিত অধিবক্তা আছিল । ১৯৭৯ চনত ধনখড় ৰাজস্থান বাৰ কাউন্সিলৰ সদস্য হয় । ১৯৯০ চনৰ ২৭ মাৰ্চত ৰাজস্থান উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হয় তেওঁ । একে সময়তে তেওঁ উচ্চতম ন্যায়ালয়তো প্ৰেকটিছ কৰি আছিল । ১৯৮৭ চনত ৰাজস্থান হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনৰ সভাপতি হিচাপেও নিৰ্বাচিত হয় তেওঁ ।

লগতে পঢ়ক : ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া; প্ৰস্তাৱত স্বাক্ষৰ ২০৮জন সাংসদৰ

জগদীপ ধনখড়ৰ বিৰুদ্ধে ৰাজ্যসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ !

ৰাজ্যসভাত অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে অনাস্থা প্ৰস্তাৱ । বিৰোধীয়ে উচ্চ সদনত এই সন্দৰ্ভত জাননী দিছে । বিৰোধী দলসমূহে মঙলবাৰে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে অনুচ্ছেদ ৬৭বিৰ অধীনত জাননী দিছিল । জাননীখন ৰাজ্যসভাৰ মহাসচিব পি চি মোদীক হস্তান্তৰ কৰা হৈছে । ইয়াৰ পূৰ্বে, সোমবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বিৰোধী দলসমূহৰ নেতাসকলৰ মাজত সংঘৰ্ষ শীৰ্ষত উপনীত হয় । সংঘৰ্ষৰ পিছত, বিৰোধীয়ে ধনখড়ক তেওঁৰ কাৰ্যকালৰ পৰা আঁতৰাবলৈ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয় ।

সূত্ৰ অনুসৰি, কংগ্ৰেছ, আৰ জে ডি, টি এম চি, চি পি আই, চি পি আই-এম, জে এম এম, আপ, ডি এম কে-কে ধৰি প্ৰায় ৬০ জন বিৰোধী সাংসদে জাননীখনত স্বাক্ষৰ কৰিছে । বিৰোধী দল আৰু ৰাজ্যসভাৰ অধ্যক্ষৰ মাজত চলি থকা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ নেতৃত্বত জাননীখন আহিছিল । উপ ৰাষ্ট্ৰপতিৰ অপসাৰণৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰিবলৈ নিম্নতম প্ৰয়োজনীয় ভোটৰ সংখ্যা হৈছে ৫০ ।

প্ৰকৃততে, বিৰোধী বহুতো বিষয়ত ধনখৰৰ ওপৰত ক্ষোভিত । শেহতীয়াকৈ তেওঁ শাসকীয় দলৰ সদস্যসকলক উচ্চ সদনত কংগ্ৰেছ-ছৰোছ সম্পৰ্কৰ বিষয়টো উত্থাপন কৰিবলৈ অনুমতি দিছিল । কংগ্ৰেছৰ সাংসদ দিগ্বিজয় সিঙে ৰাজ্যসভাৰ অধ্যক্ষক পক্ষপাতদুষ্ট বুলি অভিযোগ কৰিছিল । চলিত বৰ্ষৰ আগষ্ট মাহৰ আৰম্ভণিতে, বিৰোধী মিত্ৰজোঁটৰ দলসমূহে উপ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে জাননী দিয়াৰ কথা বিবেচনা কৰিছিল । 

সংবিধানৰ অনুচ্ছেদ ৬৭ (খ) অনুসৰি, ৰাজ্যসভাৰ তদানীন্তন সকলো সদস্যৰ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা ৰাজ্যসভাৰ দ্বাৰা গৃহীত এক প্ৰস্তাৱৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতিক তেওঁৰ কাৰ্যালয়ৰ পৰা আঁতৰ কৰিব পাৰি । ইয়াৰ উপৰিও, লোকসভাৰ সেউজ সংকেতো পাব লাগে ।