খিলঞ্জীয়াৰ নহয়, মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়াঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

খিলঞ্জীয়াৰ নহয়, মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়াঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, য’ত নব্বৈ শতাংশ মিঞা মুছলমান আছে সেই আসনকেইখনৰ বাবে মিত্ৰতা ভাগিল । ৰাজ্যৰ বিৰোধী মিত্ৰতাক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়া, তেওঁলোকে খিলঞ্জীয়াৰ বাবে

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, য’ত নব্বৈ শতাংশ মিঞা মুছলমান আছে সেই আসনকেইখনৰ বাবে মিত্ৰতা ভাগিল ।

ৰাজ্যৰ বিৰোধী মিত্ৰতাক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়া, তেওঁলোকে খিলঞ্জীয়াৰ বাবে কাজিয়া লগা নাই বুলি বিৰোধীক কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁলোকৰ ভোট বেংক মিঞা মুছলমান বুলি কয় তেওঁ ।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, য’ত নব্বৈ শতাংশ মিঞা মুছলমান আছে সেই আসনকেইখনৰ বাবে মিত্ৰতা ভাগিল । দুয়োটা দলৰে এতিয়া ভোট বেংক হৈছে মিঞা মুছলমান । যদি কাজিয়াখন যোৰহাট-ডিব্ৰুগড়ক লৈ লাগিলহেতেন তেতিয়া মনটো ভাল লাগিলহেতেন । কাজিয়াখন জনিয়া-বাঘবৰক লৈ লাগি আছে । ইয়ে প্ৰমাণ কৰিছে যে, খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এশ শতাংশ বিজেপিক ভোট দিব । যি ২২ টা সমষ্টিত আমি যাব নোৱাৰো তাতেই তেওঁলোকে খোৱা-কামোৰা কৰি আছে ।

বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিবলৈ কংগ্ৰেছে ৬টাকৈ খিলঞ্জীয়া সমষ্টি জিকিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমান খিলঞ্জীয়া সমষ্টিত জিকাটো কংগ্ৰেছৰ কাৰণে সহজ নহয় । নিজৰ দলৰ চিহ্নত ২৪খন আসনত জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ পদটো লাভ কৰিব । কিন্তু এতিয়া সমষ্টি মিত্ৰ দলক বিলাওতে বিলাওতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ ।

লগতে পঢ়ক : গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ, দল ত্যাগৰ হুংকাৰ

শেহতীয়া প্ৰৱন্ধসমূহ