অৰুণাচল প্ৰদেশক ৫১০০ কোটি টকা উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে । ইন্দিৰা গান্ধী উদ্যানত অনুষ্ঠিত হয় এই অনুষ্ঠান । শ্বি যোমি জিলাৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰু টাৱাঙত এটা কনভেনচন চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । উত্তৰ পূবৰ ৰাজ্যসমূহক তেওঁ “অষ্টলক্ষ্মী” বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ এই ৰাজ্যসমূহৰ সৰ্বাংগীন উন্নয়ন আৰু সৱলীকৰণৰ দিশত ধাৱমান । পূৰ্বৰ চৰকাৰসমূহে অৰুণাচল প্ৰদেশৰ উন্নয়নক অৱহেলা কৰাৰ তুলনাত বিগত কেইবাবছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি কয় যে সদিচ্ছাৰ প্ৰকৃত ফল এতিয়া দেখা গৈছে ।
আজি হিমালয়ৰ কোলাত মাতৃ আশীৰ্বাদ- প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত যেতিয়া দেশবাসীয়ে তেওঁক সেৱা কৰাৰ সুযোগ দিছিল তেতিয়া তেওঁ দেশক কংগ্ৰেছমুখী চিন্তাধাৰাৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছিল । মোদীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ প্ৰেৰণা কোনো ৰাজ্যৰ ভোট বা আসনৰ সংখ্যাৰ পৰা নহয়, বৰঞ্চ ৰাষ্ট্ৰক প্ৰথম স্থান দিয়াৰ মনোভাৱৰ পৰাই আহিছে । তেওঁ কয় যে তেওঁ লোৱা প্ৰতিটো সিদ্ধান্তৰ ভেটি হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থ । মোদীয়ে তিনিটা কাৰণত অৰুণাচল ভ্ৰমণক বিশেষ আখ্যা দিয়ে । প্ৰথমে নৱৰাত্ৰিৰ উপলক্ষে হিমালয়ৰ কোলাত বসবাস কৰা এই ভূমিলৈ আহি তেওঁ মাতৃ শৈলপুত্ৰীৰ আশীৰ্বাদ লাভ কৰিছে ।
দ্বিতীয়তে, দেশে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰি জি এছ টি চেভিংছ ফেষ্টিভেল আৰম্ভ কৰে, উৎসৱৰ বতৰত জনসাধাৰণক দুগুণ বোনাছ প্ৰদান কৰে । তৃতীয়তে, অৰুণাচল প্ৰদেশত কেইবাটাও বৃহৎ প্ৰকল্প উদ্বোধন কৰে তেওঁ । মোদীয়ে কয় যে টাৱাং মঠৰ পৰা নামছাইলৈকে অৰুণাচল শান্তি আৰু সংস্কৃতিৰ এক আচৰিত সংগম আৰু ভাৰত মাতৃৰ গৌৰৱ ।
স্থানীয় ৰাইজৰ সৈতে স্বদেশী প্ৰচাৰৰ বিষয়ে আলোচনা-
লগতে অৰুণাচল প্ৰদেশৰ ইটানগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ জি এছ টি হাৰ সংস্কাৰৰ প্ৰভাৱৰ বিষয়ে স্থানীয় ব্যৱসায়ী, উদ্যোগপতি আৰু কৰদাতাৰ সৈতে আলোচনা কৰে । ব্যৱসায়ীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগ শুনিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । সক্ৰিয় আলোচনা হিচাপে অনুষ্ঠিত হোৱা বৈঠকত ব্যৱসায়ীসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শসমূহ ভাগ-বতৰা কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে শেহতীয়াকৈ জি এছ টিৰ হাৰ পুনৰীক্ষণে ব্যৱসায়ী আৰু উদ্যোগৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব । চৰকাৰে তেওঁলোকৰ উদ্বেগক গুৰুত্বসহকাৰে লৈ অৰ্থনৈতিক কাৰ্যকলাপ সুশৃংখলিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ আশ্বাস দিয়ে ।
স্বদেশীৰ ওপৰত গৌৰৱৰ বাৰ্তা-
এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱসায়ীসকলক “গৌৰৱেৰে কওক যে এয়া স্বদেশী” শ্লোগানেৰে পোষ্টাৰ বিতৰণ কৰে । দোকানীসকলে আনন্দ প্ৰকাশ কৰি স্বদেশী সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই পোষ্টাৰসমূহ তেওঁলোকৰ দোকানত প্ৰদৰ্শন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপক উদযাপন কৰে, স্থানীয় ব্যৱসায়ী আৰু কৰদাতাক জাতীয় মনোভাৱৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰে ।
অৰ্থনৈতিক সবলীকৰণ আৰু স্বদেশীৰ গুৰুত্ব-
প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিশত এই পদক্ষেপ অতি প্ৰয়োজনীয় । তেওঁ ব্যৱসায়ীসকলক স্থানীয় সামগ্ৰী ব্যৱহাৰ আৰু প্ৰচাৰ কৰি অৰ্থনৈতিক সবলীকৰণত অৰিহণা যোগাবলৈ উৎসাহিত কৰে ।
ব্যৱসায়ীসকলে কয় যে জি এছ টি সংস্কাৰে মূল্য আৰু বিক্ৰীত প্ৰভাৱ পেলাব, কিন্তু থলুৱা সামগ্ৰীৰ প্ৰচাৰে তেওঁলোকৰ বিক্ৰী বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ মতামতৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলো পৰামৰ্শ নীতি প্ৰণয়নত অন্তৰ্ভুক্ত কৰা হ’ব ।
লগতে পঢ়ক : আজিৰে পৰা ৰূপায়ণ হ’ল জি এছ টি ২.০; সস্তা হ’ব দৈনিক ব্যৱহাৰৰ বহু সামগ্ৰী