“উত্তৰ-পূৰ্বাঞ্চলক অপমান কৰি আহিছে ৰাহুল গান্ধীয়ে”: গলবস্ত্ৰ পৰিধান নকৰাক লৈ সৰব মুখ্যমন্ত্ৰী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ-পূৱৰ গলবস্ত্ৰ পৰিধান নকৰাক লৈ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ৰাহুল গান্ধীয়ে উত্তৰ পূৰ্বাঞ্চলবাসীৰ মনত আঘাত হানিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।

শেহতীয়াকৈ বিশেষ ‘গলবস্ত্ৰ’ক লৈ উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি । গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে উত্তৰ-পূৱৰ বিশেষ গলবস্ত্ৰ পৰিধান তথা গ্ৰহণ নকৰাক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ইয়াৰ পিছতে এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টী । দলটোৱে ৰাহুল গান্ধীয়ে উত্তৰ-পূৱক অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ।

এই ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে উত্তৰ-পূৱক ক্ষমা খোজিব লাগে বুলিও দাবী উত্থাপন কৰে । মঙলবাৰে এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা কৰে । তেওঁ গান্ধী পৰিয়লে উত্তৰ-পূৱক সন্মান নকৰে বুলি অভিযোগ উত্থাপন কৰে । লগতে কয় যে, ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ মনত আঘাত হানিছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- উত্তৰ-পূৱৰ বিভিন্ন অগং বস্ত্ৰ বা গলবস্ত্ৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰীয়ে দেশী-বিদেশী বিভিন্ন অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল । সকলোৱে এই সন্মান গ্ৰহণ কৰিলে কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে । উত্তৰ-পূৱৰ পৰা যোৱা গামোচাকে ধৰি কোনো অংগবস্ত্ৰ গ্ৰহণ নকৰিলে ৰাহুল গান্ধীয়ে । এই ঘটনাই সকলোকে দুখ দিছে । কিন্তু আমাৰ বাবে এয়া প্ৰথম কথা নহয় । ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে অসমৰ গামোচাক অপমান কৰিছে ।  

তেওঁ পুনৰ কয়- যদিও গুজৰাটৰ ব্যক্তি, প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশতো গামোচাখন লৈ ফুৰে । কিন্তু ৰাহুল গান্ধীয়ে অসমলৈ আহিলেও গামোচাখন ল’বলৈ ইচ্ছা নকৰে । গতিকে মই ভাবো যে এই কথা ৰাইজে নিশ্চয়কৈ লক্ষ্য কৰিছে । গতিকে পূৰ্বেও যেনেকৈ শিক্ষা দিছে তেনেকৈ ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈ শিক্ষা দিব অসমৰ ৰাইজে ।

ৰাহুল গান্ধীৰ এই কাৰ্যক গৰিহণা দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- গান্ধী পৰিয়ালে কেতিয়াও উত্তৰ-পূৱক সন্মান দিয়া নাই । আমাৰ কাম কৰাৰ বিপৰীতে আমাক অপমানহে কৰিছে । ৰাহুল গান্ধীয়ে কৰা এই কামক মই গৰিহণা দিছো । লগতে ৰাহুল গান্ধীক সকীয়াই দিব বিচাৰোঁ যে, যেতিয়ালৈকে উত্তৰ-পূৱক সন্মান কৰিবলৈ তেওঁ ৰাজী নহয় তেতিয়ালৈকে উত্তৰ-পূৱত ভোট খুজিবলৈয়ো আহিব নালাগে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, গলবস্ত্ৰ পৰিধান কৰাটোত কোনো বাধ্যবাধকতা নাই । এয়া এক সংস্কৃতি । সংস্কৃতিক সন্মান কৰাতো এক কৰ্তব্য হয় । যদি আপুনি সংস্কৃতিক সন্মান নজনাই তেন্তে জনসাধাৰণে ভোটেৰে ইয়াৰ শাস্তি দিব ।

লগতে পঢ়ক : পাকিস্তানৰ সৈতে কি সম্পৰ্ক গৌৰৱ গগৈৰ? ৮ ফেব্ৰুৱাৰীত ফাদিল হ’ব ৰহস্যৰ !

‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আমাৰ বাবে অষ্টলক্ষ্মীৰ দৰে…’ অৰুণাচল প্ৰদেশক ৫১০০ কোটি টকা উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

অৰুণাচল প্ৰদেশক ৫১০০ কোটি টকা উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে । ইন্দিৰা গান্ধী উদ্যানত অনুষ্ঠিত হয় এই অনুষ্ঠান । শ্বি যোমি জিলাৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰু টাৱাঙত এটা কনভেনচন চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । উত্তৰ পূবৰ ৰাজ্যসমূহক তেওঁ “অষ্টলক্ষ্মী” বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ এই ৰাজ্যসমূহৰ সৰ্বাংগীন উন্নয়ন আৰু সৱলীকৰণৰ দিশত ধাৱমান । পূৰ্বৰ চৰকাৰসমূহে অৰুণাচল প্ৰদেশৰ উন্নয়নক অৱহেলা কৰাৰ তুলনাত বিগত কেইবাবছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি কয় যে সদিচ্ছাৰ প্ৰকৃত ফল এতিয়া দেখা গৈছে ।

আজি হিমালয়ৰ কোলাত মাতৃ আশীৰ্বাদ- প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত যেতিয়া দেশবাসীয়ে তেওঁক সেৱা কৰাৰ সুযোগ দিছিল তেতিয়া তেওঁ দেশক কংগ্ৰেছমুখী চিন্তাধাৰাৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছিল । মোদীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ প্ৰেৰণা কোনো ৰাজ্যৰ ভোট বা আসনৰ সংখ্যাৰ পৰা নহয়, বৰঞ্চ ৰাষ্ট্ৰক প্ৰথম স্থান দিয়াৰ মনোভাৱৰ পৰাই আহিছে । তেওঁ কয় যে তেওঁ লোৱা প্ৰতিটো সিদ্ধান্তৰ ভেটি হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থ । মোদীয়ে তিনিটা কাৰণত অৰুণাচল ভ্ৰমণক বিশেষ আখ্যা দিয়ে । প্ৰথমে নৱৰাত্ৰিৰ উপলক্ষে হিমালয়ৰ কোলাত বসবাস কৰা এই ভূমিলৈ আহি তেওঁ মাতৃ শৈলপুত্ৰীৰ আশীৰ্বাদ লাভ কৰিছে ।

দ্বিতীয়তে, দেশে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰি জি এছ টি চেভিংছ ফেষ্টিভেল আৰম্ভ কৰে, উৎসৱৰ বতৰত জনসাধাৰণক দুগুণ বোনাছ প্ৰদান কৰে । তৃতীয়তে, অৰুণাচল প্ৰদেশত কেইবাটাও বৃহৎ প্ৰকল্প উদ্বোধন কৰে তেওঁ । মোদীয়ে কয় যে টাৱাং মঠৰ পৰা নামছাইলৈকে অৰুণাচল শান্তি আৰু সংস্কৃতিৰ এক আচৰিত সংগম আৰু ভাৰত মাতৃৰ গৌৰৱ ।

স্থানীয় ৰাইজৰ সৈতে স্বদেশী প্ৰচাৰৰ বিষয়ে আলোচনা-

লগতে অৰুণাচল প্ৰদেশৰ ইটানগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ জি এছ টি হাৰ সংস্কাৰৰ প্ৰভাৱৰ বিষয়ে স্থানীয় ব্যৱসায়ী, উদ্যোগপতি আৰু কৰদাতাৰ সৈতে আলোচনা কৰে । ব্যৱসায়ীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগ শুনিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । সক্ৰিয় আলোচনা হিচাপে অনুষ্ঠিত হোৱা বৈঠকত ব্যৱসায়ীসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শসমূহ ভাগ-বতৰা কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে শেহতীয়াকৈ জি এছ টিৰ হাৰ পুনৰীক্ষণে ব্যৱসায়ী আৰু উদ্যোগৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব । চৰকাৰে তেওঁলোকৰ উদ্বেগক গুৰুত্বসহকাৰে লৈ অৰ্থনৈতিক কাৰ্যকলাপ সুশৃংখলিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ আশ্বাস দিয়ে ।

স্বদেশীৰ ওপৰত গৌৰৱৰ বাৰ্তা-

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱসায়ীসকলক “গৌৰৱেৰে কওক যে এয়া স্বদেশী” শ্লোগানেৰে পোষ্টাৰ বিতৰণ কৰে । দোকানীসকলে আনন্দ প্ৰকাশ কৰি স্বদেশী সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই পোষ্টাৰসমূহ তেওঁলোকৰ দোকানত প্ৰদৰ্শন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপক উদযাপন কৰে, স্থানীয় ব্যৱসায়ী আৰু কৰদাতাক জাতীয় মনোভাৱৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰে ।

অৰ্থনৈতিক সবলীকৰণ আৰু স্বদেশীৰ গুৰুত্ব-

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিশত এই পদক্ষেপ অতি প্ৰয়োজনীয় । তেওঁ ব্যৱসায়ীসকলক স্থানীয় সামগ্ৰী ব্যৱহাৰ আৰু প্ৰচাৰ কৰি অৰ্থনৈতিক সবলীকৰণত অৰিহণা যোগাবলৈ উৎসাহিত কৰে ।

ব্যৱসায়ীসকলে কয় যে জি এছ টি সংস্কাৰে মূল্য আৰু বিক্ৰীত প্ৰভাৱ পেলাব, কিন্তু থলুৱা সামগ্ৰীৰ প্ৰচাৰে তেওঁলোকৰ বিক্ৰী বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ মতামতৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলো পৰামৰ্শ নীতি প্ৰণয়নত অন্তৰ্ভুক্ত কৰা হ’ব ।

লগতে পঢ়ক : আজিৰে পৰা ৰূপায়ণ হ’ল জি এছ টি ২.০; সস্তা হ’ব দৈনিক ব্যৱহাৰৰ বহু সামগ্ৰী