ভাৰতত চলিব ভাৰতীয় আইন, অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব
সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰক উপহাৰ দিলে ৩৬ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্প । তেওঁ পূৰ্ণিয়া বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ লগতে বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ মাজতে তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ দিয়ে । সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পিছপৰাক অগ্ৰাধিকাৰ দিয়া আৰু দুখীয়াৰ সেৱা কৰাটোৱেই মোদীৰ লক্ষ্য । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন প্ৰয়োজনীয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ১১ বছৰত আমাৰ চৰকাৰে দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক ঘৰ নিৰ্মাণ কৰিছে । এতিয়া আমি ৩ কোটি নতুন ঘৰ নিৰ্মাণৰ কাম কৰি আছো । প্ৰতিজন দুখীয়াই স্থায়ী ঘৰ নোপোৱালৈকে মোদী ৰৈ থাকিব বা থমকি ৰ’ব নোৱাৰে । পিছপৰাক অগ্ৰাধিকাৰ আৰু দুখীয়াৰ সেৱা, এয়াই মোদীৰ লক্ষ্য । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ আৰু আৰ জে ডিক তীব্ৰ লক্ষ্য কৰি লয় ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে । অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব । তেওঁলোকৰ স্বেচ্ছাচাৰী কাৰ্য্যই ইয়াত কাম নকৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত ভাৰতীয় আইন চলিব । অনুপ্ৰৱেশকাৰী ওলাই যাব লাগিব । বিহাৰৰ জনসাধাৰণে অপৰাধৰ পৰা মুক্তি বিচাৰে । বিহাৰৰ ৰাইজে বিৰোধীক উত্তৰ দিব । বিহাৰৰ জনসাধাৰণৰ আৰ জে ডিৰ জংঘলৰাজৰ বলি হৈছে । বিহাৰৰ জনসাধাৰণ এন ডি এৰ লগত আছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন প্ৰয়োজনীয় আৰু বিহাৰৰ উন্নয়নৰ বাবে পূৰ্ণিয়া আৰু সীমাঞ্চলৰ উন্নয়ন প্ৰয়োজনীয় । আৰ জে ডি আৰু কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ বাবে এই অঞ্চলটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । কিন্তু এতিয়া এন ডি এ চৰকাৰে পৰিস্থিতি সলনি কৰিছে । এতিয়া এই অঞ্চলটো উন্নয়নৰ কেন্দ্ৰবিন্দু ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই বিহাৰৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠন কৰা হ’ব । কালি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠনৰ বাবে এক অধিসূচনা জাৰি কৰিছে । প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা হ’ব যাতে মখানা কৃষকে ভাল মূল্য পায় । আমাৰ চৰকাৰে মখানা খণ্ডৰ উন্নয়নৰ বাবে প্ৰায় ৪৭৫ কোটি টকাৰ আঁচনি অনুমোদন জনাইছে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।
লগতে পঢ়ক : ‘জুমলাৰ বৰষুণ কৰাবলৈ আহি আছে’; বিহাৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ তেজস্বী যাদৱৰ