নেপালত হ’ব ‘Gen Z’ ৰ চৰকাৰ; জ্যেষ্ঠ ৰাজনৈতিক নেতাক পিছ পেলাই বিজয়ৰ দিশে বালেন শ্বাহ

নেপালৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফলে ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দিছে।বালেন শ্বাহৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে পৰম্পৰাগত দলসমূহক প্ৰত্যাহ্বান জনাই অগ্ৰগতি লাভ কৰিছে।

 পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ মাজতে ভাৰতৰ চুবুৰীয়া দেশ নেপালে নতুন অধ্যায় লিখিবলৈ আগবাঢ়িছে।য’ত ৩৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচনত এটা দলে অকলে সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা আছে।

নেপালৰ সাধাৰণ নিৰ্বাচনত সংসদৰ মুঠ ১৬৫খন আসনৰ বাবে ভোটদান হৈছিল। বৃহস্পতিবাৰে নেপালত লাখ লাখ লোকে ভোটদান কৰে।Gen Z ৰ হিংসাত্মক প্ৰতিবাদৰ পিছত এইবাৰ দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

এই প্ৰতিবাদৰ ফলত কেপি শৰ্মা অলিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰৰ পতন ঘটে। এই নিৰ্বাচনত দুৰ্নীতি এটা ডাঙৰ বিষয় হয়।শুকুৰবাৰে নিশা ৯ বজাৰলৈকে ১৬৫খন আসনৰ ভিতৰত ১৫৭খন আসনৰ ফলাফল প্ৰকাশ পাইছে।এই পৰ্যন্ত গণনাত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে ১১৪খন আসনত আগবাঢ়ি আছে।

ইয়াৰ লগে লগে বালেন শ্বাহৰ প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।যদিহে প্ৰাৰম্ভিক ধাৰাবোৰ ফলাফললৈ ৰূপান্তৰিত হয় তেন্তে ৩৬ বছৰৰ পাছত নেপালত এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

লগতে পঢ়ক: কাইলৈ ​​জেডিইউত যোগদান কৰিব নীতিশৰ পুত্ৰ নিশান্তই; হ’ব উপ মুখ্যমন্ত্ৰী

জিলা পৰিষদ-পঞ্চায়ত সমিতিৰ নিৰ্বাচনত মহাযুতিৰ হেট্ৰিক…

জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰি জয়ৰ হেট্ৰিক অৰ্জন কৰিছে মহাযুতিয়ে । ইয়াৰ পূৰ্বে মহাযুতিয়ে পৌৰসভা, নগৰ পঞ্চায়ত, পৌৰ নিগমৰ নিৰ্বাচনতো শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল ।

মহাৰাষ্ট্ৰৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰি জয়ৰ হেট্ৰিক অৰ্জন কৰিছে মহাযুতিয়ে । ইয়াৰ পূৰ্বে মহাযুতিয়ে পৌৰসভা, নগৰ পঞ্চায়ত, পৌৰ নিগমৰ নিৰ্বাচনতো শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল । এতিয়া জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নির্বাচনত সফলতা লাভ কৰি মহাযুতিয়ে স্পষ্ট কৰি দিছে যে স্থানীয় স্বশাসন প্রতিষ্ঠানৰ প্রতি জনসাধাৰণৰ আস্থা দৃঢ়ভাৱে প্ৰকাশ কৰিছে ৷

নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেই কয় যে এই নিৰ্বাচনত জনসাধাৰণে শিৱসেনাক অভূতপূৰ্ব সমৰ্থন আগবঢ়াইছে । তেওঁ লগতে কয় যে এই জয় কেৱল সংখ্যাৰ জয় নহয়, জনসাধাৰণৰ আস্থাৰ জয় । শিৱসেনাই জনসাধাৰণে তেওঁলোকৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থা অনুসৰি কাম কৰিব আৰু তৃণমূল পৰ্যায়ত উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰিব বুলি কয় তেওঁ ।

উপ-মুখ্যমন্ত্ৰী শিন্দেই কয় যে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ পৰা শিৱসেনাই লাভ কৰা সমৰ্থনে গ্ৰামাঞ্চলত দলটোৰ ভেটি পূৰ্বতকৈ অধিক শক্তিশালী হোৱাটো প্ৰমাণ কৰে । ৰায়গড়, ৰত্নগিৰিৰ দৰে জিলাৰ বিজয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোংকানবাসীয়ে প্ৰকৃত শিৱসেনাৰ সৈতে থিয় দিছে বুলি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ।

শিন্দেই কয় যে শ্ৰদ্ধাৰ বালাছাহেব থাকৰেৰ শিৱসেনাক ঘৰে ঘৰে লৈ যোৱাৰ সপোন আজি বাস্তৱত পৰিণত হৈছে । এই বিজয় উপলক্ষে তেওঁৰ বালাছাহেব থাকৰেৰ কথা গভীৰভাৱে সোঁৱৰে ।

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত তিনি বছৰত মহাযুতি চৰকাৰে চহৰ আৰু গ্ৰামাঞ্চল উভয়ৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । পথ উন্নয়ন, খোৱাপানী যোগান, ত্বৰান্বিত জলসিঞ্চন প্ৰকল্প, উন্নত শিক্ষা আৰু মহিলাৰ আত্মনিৰ্ভৰশীল কাৰ্যসূচীৰ প্ৰভাৱ এতিয়া স্পষ্টভাৱে দেখা গৈছে । কেৱল গাঁও পঞ্চায়তসমূহক সবলীকৰণৰ বাবে ধনৰ ব্যৱস্থা কৰাই নহয়, প্ৰশাসনক অধিক কাৰ্যক্ষম কৰি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল ।

শ্বিন্দেই কয় যে এই সফলতাৰ কাৰণ হৈছে দলীয় কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম, প্ৰতিখন গাঁৱত তেওঁলোকৰ কাম আৰু ৰাজহুৱা বিষয়ত তেওঁলোকৰ স্পষ্ট স্থিতি । জনসাধাৰণে যি আস্থা ৰাখিছে সেয়া কেতিয়াও ভংগ নহয় বুলি তেওঁ আশ্বাস দিয়ে । জিলা পৰিষদৰ জৰিয়তে গ্ৰাম্য উন্নয়ন, কৃষক, মহিলা, যুৱক-যুৱতী, আৰু সাধাৰণ জনতাৰ কল্যাণৰ বাবে অধিক দায়িত্ব লৈ কাম কৰা হ’ব বুলি কয় তেওঁ ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰ জিলা পৰিষদ নিৰ্বাচনত মহাযুতিৰ আধিপত্য; ৭৩১খন আসনৰ ভিতৰত ৫৫২খন দখল

মহাৰাষ্ট্ৰ জিলা পৰিষদ নিৰ্বাচনত মহাযুতিৰ আধিপত্য; ৭৩১খন আসনৰ ভিতৰত ৫৫২খন দখল

জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নির্বাচনত শাসকীয় মহাযুতি মিত্রজোঁটৰ শক্তিশালী প্রদর্শন । ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত ১২খন জিলা পৰিষদ আৰু ১২৫খন পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ ভোটগণনা সোমবাৰে সম্পূৰ্ণ হয় ।

মহাৰাষ্ট্ৰৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নির্বাচনত শাসকীয় মহাযুতি মিত্রজোঁটে শক্তিশালী প্রদর্শন কৰিছে ৷ মহাৰাষ্ট্ৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মহাযুতিয়ে ১২খন জিলা পৰিষদৰ ৭৩১খন আসনৰ ভিতৰত ৫৫২খন আসন লাভ কৰি স্পষ্ট অগ্ৰগতি লাভ কৰিছে । এই বিজয়ক ৰাজ্যৰ ৰাজনীতিত মহাযুতিৰ দৃঢ় দখল হিচাপে দেখা গৈছে । নির্বাচন আয়োগে এতিয়াও সম্পূর্ণ তথ্য প্রকাশ কৰা নাই ৷

যোৱা ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত ১২খন জিলা পৰিষদ আৰু ১২৫খন পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ ভোটগণনা সোমবাৰে সম্পূৰ্ণ হয় । জিলা পৰিষদসমূহৰ ভিতৰত আছে ৰায়গড়, ৰত্নগিৰি, সিন্ধুদুৰ্গ, পুনে, সতৰা, সাংগলী, চোলাপুৰ, কলহাপুৰ, ছত্ৰপতি সম্ভাজীনগৰ, পাৰভানি, ধৰাশিৱ, আৰু লাতুৰ । এই জিলা পৰিষদসমূহৰ বাবে ভোটদানৰ লগতে ইয়াৰ অধীনস্থ ১২৫খন পঞ্চায়ত সমিতিৰ ১৪৬২খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল ।

এই নিৰ্বাচনত মুঠ ভোটাৰৰ ভোটদানৰ হাৰ ৬৮.২৮ শতাংশ আছিল । ভোটাৰে দুটা ভোট দিব লগা হৈছিল : এটা জিলা পৰিষদৰ আসনৰ বাবে আৰু এটা পঞ্চায়ত সমিতি সমষ্টিৰ বাবে । নিৰ্বাচন প্ৰক্ৰিয়াত জিলা পৰিষদৰ বাবে বগা বেলট পেপাৰ আৰু পঞ্চায়ত সমিতিৰ বাবে গোলাপী বেলট পেপাৰ ব্যৱহাৰ কৰা হৈছিল ।

তাৎপৰ্যপূৰ্ণভাৱে ঠাকৰে পৰিয়ালৰ পৰম্পৰাগত দুৰ্গ বুলি গণ্য কৰা কংকন অঞ্চলেও মহাযুতিৰ সমৰ্থন লাভ কৰিছে । ইয়াক ৰাজ্যখনৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হিচাপে দেখা গৈছে ।

নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ দুয়োটা ফৈদৰ ভৱিষ্যতৰ গতিপথ নিৰ্ধাৰণৰ ক্ষেত্ৰতো এই নিৰ্বাচনৰ ফলাফল গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । দুবছৰীয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আঁতৰাই অজিত পাৱাৰ আৰু শাৰদ পাৱাৰ ফৈদে পুনে, সতৰা, চোলাপুৰ আৰু চাংলিত স্থানীয় সংস্থা নিৰ্বাচনৰ বাবে অনানুষ্ঠানিক মিত্ৰতা গঠন কৰে । এই অঞ্চলসমূহত দুয়োটা ফৈদৰ প্ৰাৰ্থীয়ে মূল “ঘড়ী” চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

লগতে পঢ়ক : হাত এৰিলে ড০ সঞ্জু বৰুৱাই : গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ কংগ্ৰেছত তীব্ৰ জোকাৰণি

ভাৰতৰ অশান্ত প্ৰতিবেশী ম্যানমাৰত আজি নিৰ্বাচন… উৎখাত হ’ব নেকি সেনাৰ শাসন

ম্যানমাৰত দেওবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন । এই নিৰ্বাচনক বহুদলীয় গণতন্ত্ৰ ঘূৰি অহা বুলি অভিহিত কৰিছে সামৰিক বাহিনীয়ে ।

ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত দেওবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন । পাঁচ বছৰ পূৰ্বে সামৰিক বাহিনীয়ে (জুন্টা) ক্ষমতা দখল কৰাৰ পিছত দেশখনত এয়া প্ৰথম নিৰ্বাচন । কিন্তু দেশখনত গণতন্ত্ৰ পুনৰুদ্ধাৰ আৰু ৰাজনৈতিক দলসমূহে গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনা ক্ষীণ দেখা গৈছে । চাৰি বছৰ পূৰ্বে আং ছান চ্যু কিৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰিছিল । ৮০ বছৰীয়া চ্যু কি আৰু তেওঁৰ দল নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি গৈছে । বৰ্তমান ম্যানমাৰ গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছে । এই নিৰ্বাচনক বহুদলীয় গণতন্ত্ৰ ঘূৰি অহা বুলি অভিহিত কৰিছে সামৰিক বাহিনীয়ে ।

ম্যানমাৰত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছত আৰম্ভ হোৱা জনবিদ্ৰোহ এতিয়া গৃহযুদ্ধলৈ পৰিণত হৈছে । ইয়াৰ মাজতে অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদান তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৮ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ১১ জানুৱাৰী আৰু তৃতীয় পৰ্যায়ত ২৫ জানুৱাৰীত ভোটদান হ’ব । মানৱ অধিকাৰ আৰু বিৰোধী সংগঠনসমূহে কয় যে এই নিৰ্বাচন মুক্ত বা ন্যায্য নহ’ব । ক্ষমতা জ্যেষ্ঠ সামৰিক নেতা জেনেৰেল মিন আং হিলিঙৰ হাততেই থাকিব ।

ইন্টাৰনেশ্যনেল ক্ৰাইছিচ গ্ৰুপৰ ম্যানমাৰৰ বিশ্লেষক ৰিচাৰ্ড হৰ্ছে কয় যে ম্যানমাৰৰ সেনাবাহিনীৰ বাবে ফ্ৰণ্ট পাৰ্টি হিচাপে গণ্য কৰা তেওঁলোকৰ অনুকূল ইউনিয়ন ছলিডাৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টিৰ বাবে জয় নিশ্চিত কৰাটোৱেই হৈছে সামৰিক বাহিনীৰ কৌশল । নিৰ্বাচন অনুষ্ঠিত কৰি সামৰিক বাহিনীয়ে এছ’চিয়েশ্যন অৱ চাউথ-ইষ্ট এছিয়ান নেচনছ (আছিয়ান)ৰ শান্তি প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে গণতান্ত্ৰিক শাসন পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতিৰ সংকেত দিব বিচাৰিছে । ইয়াৰ উপৰিও চীন, ভাৰত, থাইলেণ্ডৰ দৰে চুবুৰীয়া দেশৰ পৰাও সমৰ্থন লাভ কৰিব বিচাৰে ।

লগতে পঢ়ক : ‘ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰাৰ প্ৰয়াস…’আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনক তীব্ৰ সমালোচনা চীনৰ

দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংসদৰ নিৰ্বাচন… আজি ২১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.৮০ লাখ ছাত্ৰ-ছাত্ৰীয়ে

দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংসদৰ নিৰ্বাচন

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ২০২৫-২৬ৰ বাবে আজি অনুষ্ঠিত হ’ব ভোটদান । আজি ২১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২ লাখ ৮০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে । দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ে ভোটদানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । পুৱাৰ কলেজত ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ দুপৰীয়া ১ বজালৈকে চলিব । সন্ধিয়াৰ মহাবিদ্যালয়সমূহত ভোটদান বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৭:৩০ বজালৈকে চলিব ।

দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৰ্থ কেম্পাছ আৰু চাউথ কেম্পাছকে ধৰি সকলো মহাবিদ্যালয়তে নিৰাপত্তা বৃদ্ধি কৰা হৈছে । দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰা হৈছে । বুধবাৰেও কেম্পাছৰ মাজেৰে নিৰাপত্তা বাহিনীয়ে সমদল কৰে । ছাত্ৰ মাৰ্গত উপস্থিত আছিল জ্যেষ্ঠ আৰক্ষী বিষয়া । ভোটগ্ৰহণৰ পথত বেৰিকেড লগোৱা হৈছে । বাহিৰৰ লোকৰ প্ৰৱেশৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰা হ’ব । ভোট গণনা কৰা স্থানতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

এছ এম এছ আৰু ইমেইলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ গুৰুত্বপূৰ্ণ তথ্য-

এই নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী বিষয়া অধ্যাপক ৰাজ কিশোৰ শৰ্মাই উল্লেখ কৰে যে ৫২টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ৭১১টা ই ভি এম ব্যৱহাৰ কৰা হৈছে । বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে মহাবিদ্যালয়সমূহক বিশেষ নিৰ্দেশনা দিয়া হৈছে । মহাবিদ্যালয়সমূহে তেওঁলোকৰ বাবে তলৰ মহলাত ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিব যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । ১৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৯ বজাৰ পৰা ইউনিভাৰ্চিটি স্প’ৰ্টছ ষ্টেডিয়ামত ভোট গণনা আৰম্ভ হ’ব । নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়াসকলৰ সৈতে সহযোগিতা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনোৱা হৈছে । শ্যামলাল মহাবিদ্যালয়ৰ অধ্যক্ষ ৰবি নাৰায়ণ কাৰে উল্লেখ কৰে যে সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকললৈ এছ এম এছ আৰু ইমেইলযোগে তথ্য প্ৰেৰণ কৰা হৈছে ।

২১ জন প্ৰাৰ্থীয়ে আগবঢাইছে প্ৰতিদ্বন্দ্বিতা-

এইবাৰ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত ২১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । সভাপতি পদৰ বাবে ৯ জন, উপ-সভাপতি পদৰ বাবে ৩ জন, সম্পাদক পদৰ বাবে ৪ জন আৰু যুটীয়া সম্পাদকৰ পদৰ বাবে ৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত আছে ৭ গৰাকী মহিলা প্ৰাৰ্থী । মনোনয়ন প্ৰত্যাহাৰৰ পিছতে প্ৰথমতে দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ে সভাপতি পদৰ বাবে আঠজন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে । পাছলৈ এটা নাম বাদ পৰাৰ পিছত ৯ জনীয়া নতুন তালিকা প্ৰকাশ পাই । প্ৰশাসনে অজানিতে এটা নাম বাদ দিয়া বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ গাইডেন্স প্ৰদান কৰিব এ আইয়ে; শিক্ষা মন্ত্ৰালয়ৰ মাই কেৰিয়াৰ এডভাইজাৰ এপ মুকলি

ভাৰতত চলিব ভাৰতীয় আইন, অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব… পূৰ্ণিয়াত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতত চলিব ভাৰতীয় আইন, অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব

সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰক উপহাৰ দিলে ৩৬ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্প । তেওঁ পূৰ্ণিয়া বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ লগতে বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ মাজতে তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ দিয়ে । সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পিছপৰাক অগ্ৰাধিকাৰ দিয়া আৰু দুখীয়াৰ সেৱা কৰাটোৱেই মোদীৰ লক্ষ্য । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন প্ৰয়োজনীয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ১১ বছৰত আমাৰ চৰকাৰে দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক ঘৰ নিৰ্মাণ কৰিছে । এতিয়া আমি ৩ কোটি নতুন ঘৰ নিৰ্মাণৰ কাম কৰি আছো । প্ৰতিজন দুখীয়াই স্থায়ী ঘৰ নোপোৱালৈকে মোদী ৰৈ থাকিব বা থমকি ৰ’ব নোৱাৰে । পিছপৰাক অগ্ৰাধিকাৰ আৰু দুখীয়াৰ সেৱা, এয়াই মোদীৰ লক্ষ্য । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ আৰু আৰ জে ডিক তীব্ৰ লক্ষ্য কৰি লয় ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে । অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব । তেওঁলোকৰ স্বেচ্ছাচাৰী কাৰ্য্যই ইয়াত কাম নকৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত ভাৰতীয় আইন চলিব । অনুপ্ৰৱেশকাৰী ওলাই যাব লাগিব । বিহাৰৰ জনসাধাৰণে অপৰাধৰ পৰা মুক্তি বিচাৰে । বিহাৰৰ ৰাইজে বিৰোধীক উত্তৰ দিব । বিহাৰৰ জনসাধাৰণৰ আৰ জে ডিৰ জংঘলৰাজৰ বলি হৈছে । বিহাৰৰ জনসাধাৰণ এন ডি এৰ লগত আছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন প্ৰয়োজনীয় আৰু বিহাৰৰ উন্নয়নৰ বাবে পূৰ্ণিয়া আৰু সীমাঞ্চলৰ উন্নয়ন প্ৰয়োজনীয় । আৰ জে ডি আৰু কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ বাবে এই অঞ্চলটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । কিন্তু এতিয়া এন ডি এ চৰকাৰে পৰিস্থিতি সলনি কৰিছে । এতিয়া এই অঞ্চলটো উন্নয়নৰ কেন্দ্ৰবিন্দু ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই বিহাৰৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠন কৰা হ’ব । কালি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠনৰ বাবে এক অধিসূচনা জাৰি কৰিছে । প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা হ’ব যাতে মখানা কৃষকে ভাল মূল্য পায় । আমাৰ চৰকাৰে মখানা খণ্ডৰ উন্নয়নৰ বাবে প্ৰায় ৪৭৫ কোটি টকাৰ আঁচনি অনুমোদন জনাইছে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : ‘জুমলাৰ বৰষুণ কৰাবলৈ আহি আছে’; বিহাৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ তেজস্বী যাদৱৰ

উপ ৰাষ্ট্ৰপতি নিৰ্বাচন : ভোটগ্ৰহণৰ পিছত আৰম্ভ ভোটগণনা, কিছু সময় পিছতে ঘোষণা হ’ব ফলাফল

উপ ৰাষ্ট্ৰপতি নিৰ্বাচন

মঙলবাৰে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি প্ৰায় আটাইকেইজন সাংসদে ভোটদান কৰে । এতিয়া ভোটদান শেষ হোৱাৰ পিছত ভোটগণনা আৰম্ভ হৈছে ।

উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী চি.পি. ৰাধাকৃষ্ণনে বিৰোধী প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীৰ সৈতে প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা কৰিছে । দেশৰ ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয়ত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সদস্য (বৰ্তমান পাঁচখন আসন খালী), ১২ জন মনোনীত সদস্য আৰু ৫৪৩ জন নিৰ্বাচিত সদস্য (বৰ্তমান এখন আসন খালী) থাকে । নিৰ্বাচনী মহাবিদ্যালয়খনত মুঠ ৭৮৮ জন সদস্য আছে (বৰ্তমান ৭৮১ জন সদস্য) ।

বিজু জনতা দল (বিজেডি), ভাৰত ৰাষ্ট্ৰ সমিতি আৰু শিৰোমণি আকালি দলে নিৰ্বাচনৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এনে পৰিস্থিতিত মুঠ ভোটদানৰ সংখ্যা হ’ব পাৰে প্ৰায় ৭৭০টা । মঙলবাৰে পুৱা ১০ বজাৰ পৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজাত শেষ হয় । সন্ধিয়াৰ ভিতৰত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং আৰু এল মুৰুগানৰ সৈতে সংসদ ভৱনৰ ১০১ নং কোঠাত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত মোদীয়ে ভোটদান কৰে । বানপীড়িত হিমাচল প্ৰদেশ আৰু পঞ্জাৱ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মোদীয়ে ‘এক্স’ৰ এটা পোষ্টত কয় যে, “২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান কৰা হৈছে ।”

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু চৈয়দ নাছিৰ হুছেইনেও পুৱাতে ভোটদান কৰে ।

হুইল চেয়াৰত উঠি ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৯২ বছৰীয়া দেৱগৌড়া । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে হাতে হাতে ধৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ খোজ কাঢ়ি যোৱা দেখা যায় । সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, জাতীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰ, এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেছিকে ধৰি বহু নেতাইও ভোটদান কৰে ।

লগতে পঢ়ক : আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা

ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা; কোনে কোনে পালে দায়িত্ব ?

ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা

২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সাজু হৈ উঠিছে অসম বিজেপি । জিলা কমিটিৰ লগতে ৰাজ্যিক কমিটিত সাল-সলনিৰে এতিয়া নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে । বৃহস্পতিবাৰে ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা । দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অনুমোদন মৰ্মে ঘোষমা কৰা হৈছে অসম প্ৰদেশ বিজেপিৰ নতুন তালিকা । ১০ গৰাকীক উপ-সভাপতি, ৪ গৰাকীক সাধাৰণ সম্পাদক আৰু ১০ গৰাকীক প্ৰদান কৰা হৈছে সম্পাদকৰ দায়িত্ব । লগতে কোষাধ্যক্ষ, যুটীয়া কোষাধ্যক্ষ, কাৰ্যালয় সম্পাদককে ধৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ স্বাক্ষৰ সম্বলিত এই তালিকা কিছু সময় পূৰ্বে প্ৰকাশ কৰা হৈছে ।

উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে-

-পুলক গোহাঁই, তিনিচুকীয়া

-পৰিমল শুক্লবৈদ্য, কাছাৰ

-তপন কুমাৰ গগৈ, চৰাইদেউ

-ৰেখাৰাণা দাস বড়ো, বাক্সা

-অপৰাজিতা ভূঞা, শিৱসাগৰ

-মুন স্বৰ্ণকাৰ, হাইলাকান্দি

-অশোক ভট্টৰায়, বিশ্বনাথ

-ড০ জুৰি শৰ্মা বৰদলৈ, গুৱাহাটী

-মনোজ বৰুৱা, বজালী

-ৰত্না সিং, গুৱাহাটী

ইফালে দিপ্লু ৰঞ্জন শৰ্মা (কলিয়াৰ), পল্লৱ লোচন দাস (বিশ্বনাথ), ঋতুপৰ্ণ বৰুৱা (ডিব্ৰুগড়) আৰু অনুপ বৰ্মন (নলবাৰী)ক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ।

আনহাতে ১০ গৰাকী বিজেপি নেতাক দিয়া হৈছে সম্পাদকৰ দায়িত্ব-

-লক্ষ্য কোঁৱৰ, তিনিচুকীয়া

-লক্ষীনাথ তাচা, চৰাইদেউ

-বিস্মিতা গগৈ, গোলাঘাট

-মনালিচা কোঁচ, বঙাইগাঁও

-অভিজিত কুমাৰ নাথ, নগাঁও

-ৰাতুল শৰ্মা, উত্তৰ কামৰূপ

-মহেশ দেউৰী, লখিমপুৰ

-সিদ্ধাংকু অংকুৰ বৰুৱা, যোৰহাট

-নবাৰুণ বুঢ়াগোহাঁই, নগাঁও

-বিতুপন দলে, মাজুলী

ইফালে ৰাজকুমাৰ শৰ্মা (গুৱাহাটী)ক কোষাধ্যক্ষ, নাৰায়ন ডেকা (নলবাৰী)ক যুটীয়া কোষাধ্যক্ষ, সুশান্ত বিশ্বাস (গুৱাহাটী)ক কাৰ্যালয় সম্পাদক, বিশ্বজিত খাউণ্ড (মাজুলী)ক চচিয়েল মিডিয়া তত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে । লগতে ডাঃ মৃগাংক তালুকদাৰ (নলবাৰী)ক আই টি তত্বাৱধায়ক, কিশোৰ উপাধ্যায় (শোণিতপুৰ)ক মুখ্য মুখপাত্ৰ, ৰূপম গোস্বামী(গুৱাহাটী)ক মিডিয়া আহ্বায়ক আৰু অনিৰ্বান গোস্বামী (নগাঁও)ক কাৰ্যালয় তত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ; একেলগে ৪০ হাজাৰক দিয়া হ’ব নিযুক্তি

আধাৰৰ সৈতে সংযুক্ত হ’ব ভোটাৰ আই ডিও…নিৰ্বাচন আয়োগে ল’লে সিদ্ধান্ত !

আধাৰ আৰু ভোটাৰ আই ডি (EPIC) সংযোগৰ পথ মুকলি কৰা হৈছে । মঙলবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত দেশৰ নিৰ্বাচন আয়োগে ভোটাৰ আই ডিৰ সৈতে আধাৰ সংযোগ কৰাৰ অনুমতি প্ৰদান কৰিছে । এই সন্দৰ্ভত এক বিবৃতিত নিৰ্বাচন আয়োগে কয় যে সংবিধানৰ ৩২৬ নং অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইনৰ ২৩(৪), ২৩(৫) আৰু ২৩(৬) ধাৰা অনুসৰি ই পি আই চিক আধাৰৰ সৈতে সংযুক্ত কৰা হ’ব । ইয়াৰ পূৰ্বে চৰকাৰে আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ সিদ্ধান্ত লৈছিল ।

বিবৃতিটোত কোৱা হৈছে যে, ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৩২৬ নং ধাৰা আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাসংগিক সিদ্ধান্ত অনুসৰি ই পি আই চিক আধাৰৰ সৈতে সংযোগ কৰাৰ বাবে নিৰ্বাচন আয়োগে পদক্ষেপ গ্ৰহণ কৰিব । আজি নিৰ্বাচন সদনত ই চি ড০ সুখবীৰ সিং সন্ধু আৰু ড০ বিবেক যোশীৰ সৈতে চি ই চি জ্ঞানেশ কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ সচিব-সচিব, বিধান বিভাগ, সচিব মেইটৱাই আৰু চি ই অ’ ইউ আই ডি এ আই আৰু ই চি আইৰ কাৰিকৰী বিশেষজ্ঞৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে ।

ভোটদানৰ অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ-

ভাৰতৰ সংবিধানৰ ৩২৬ নং অনুচ্ছেদ অনুসৰি ভোটাধিকাৰ কেৱল ভাৰতৰ নাগৰিককহে দিব পাৰি, আধাৰ কাৰ্ডে কেৱল এজন ব্যক্তিৰ পৰিচয় প্ৰতিষ্ঠা কৰে । সংবিধানৰ ৩২৬ নং অনুচ্ছেদ, ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ২৩(৪), ২৩(৫) আৰু ২৩(৬) ধাৰা আৰু ডব্লিউ পি (চিভিল) নং ১৭৭/২০২৩ত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি ই পি আই চিক আধাৰৰ সৈতে সংযোগ কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয় । এতিয়া ইউ আই ডি এ আই আৰু ই চি আইৰ কাৰিকৰী বিশেষজ্ঞৰ মাজত কাৰিকৰী আলোচনা অতি সোনকালে আৰম্ভ হ’ব ।

ভুৱা ভোটাৰ চিনাক্তকৰণত সহায় কৰিব-

দৰাচলতে নিৰ্বাচন আয়োগে শেহতীয়াকৈ সিদ্ধান্ত লৈছিল যে আগন্তুক তিনিমাহৰ ভিতৰত ডুপ্লিকেট নম্বৰ থকা ভোটাৰ আই ডিক নতুন ই পি আই চি নম্বৰ প্ৰদান কৰিব । নিৰ্বাচন আয়োগে কয় যে ডুপ্লিকেট নম্বৰ থকাৰ অৰ্থ ভুৱা ভোটাৰ নহয় । আধাৰক ই পি আই চিৰ সৈতে সংযোগ কৰাৰ আঁৰৰ মূল উদ্দেশ্য হৈছে ভোটাৰ তালিকাত থকা ভুলবোৰ আঁতৰাই নিকা কৰি তোলা । নিৰ্বাচন আয়োগৰ মতে এই পদক্ষেপে ভুৱা ভোটাৰ চিনাক্তকৰণত সহায় কৰিব ।

আধাৰক ভোটাৰ আই ডিৰ সৈতে সংযোগ কৰাৰ আঁৰৰ আন এটা কাৰণ হ’ল ইয়াৰ দ্বাৰা ভুৱা ভোটদান ৰোধ কৰিব পৰা যাব । এই ব্যৱস্থা কাৰ্যকৰী হ’লে একাধিক স্থানত এজন ব্যক্তিয়ে ভোটদানৰ সম্ভাৱনা নাইকিয়া হ’ব আৰু নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ হ’ব ।