নেপালৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফলে ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দিছে।বালেন শ্বাহৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে পৰম্পৰাগত দলসমূহক প্ৰত্যাহ্বান জনাই অগ্ৰগতি লাভ কৰিছে।
পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ মাজতে ভাৰতৰ চুবুৰীয়া দেশ নেপালে নতুন অধ্যায় লিখিবলৈ আগবাঢ়িছে।য’ত ৩৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচনত এটা দলে অকলে সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা আছে।
নেপালৰ সাধাৰণ নিৰ্বাচনত সংসদৰ মুঠ ১৬৫খন আসনৰ বাবে ভোটদান হৈছিল। বৃহস্পতিবাৰে নেপালত লাখ লাখ লোকে ভোটদান কৰে।Gen Z ৰ হিংসাত্মক প্ৰতিবাদৰ পিছত এইবাৰ দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
এই প্ৰতিবাদৰ ফলত কেপি শৰ্মা অলিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰৰ পতন ঘটে। এই নিৰ্বাচনত দুৰ্নীতি এটা ডাঙৰ বিষয় হয়।শুকুৰবাৰে নিশা ৯ বজাৰলৈকে ১৬৫খন আসনৰ ভিতৰত ১৫৭খন আসনৰ ফলাফল প্ৰকাশ পাইছে।এই পৰ্যন্ত গণনাত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে ১১৪খন আসনত আগবাঢ়ি আছে।
ইয়াৰ লগে লগে বালেন শ্বাহৰ প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।যদিহে প্ৰাৰম্ভিক ধাৰাবোৰ ফলাফললৈ ৰূপান্তৰিত হয় তেন্তে ৩৬ বছৰৰ পাছত নেপালত এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।
লগতে পঢ়ক: কাইলৈ জেডিইউত যোগদান কৰিব নীতিশৰ পুত্ৰ নিশান্তই; হ’ব উপ মুখ্যমন্ত্ৰী









