নেপালৰ ৰাজনীতিত বৃহৎ অঘটন, প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মাক ৫০ হাজাৰ ভোটত পৰাস্ত কৰিলে বালেন শ্বাহে
তেওঁ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট নেতা কেপি শৰ্মা অলীক প্ৰায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে
নেপালৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বালেন শ্বাহে বৃহৎ ব্যৱধানত জয়লাভ কৰিছে । ঝাপা জিলাৰ ৫ নং সমষ্টিৰ পৰা তেওঁক বিজয়ী ঘোষণা কৰা হয় । তাৎপৰ্যপূৰ্ণভাৱে তেওঁ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট নেতা কেপি শৰ্মা অলীক প্ৰায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।
চূড়ান্ত ভোট গণনা অনুসৰি বালেন শ্বাহে মুঠ ৬৮,৩৪৮টা ভোট লাভ কৰাৰ বিপৰীতে কেপি শৰ্মা অলিয়ে এই সমষ্টিত প্ৰায় ১৮ হাজাৰ ভোট লাভ কৰে । দুয়োজন প্ৰাৰ্থীৰ মাজত প্ৰায় ৫০ হাজাৰ ভোটৰ যথেষ্ট পাৰ্থক্য দেখা যায় আৰু বেলেন শ্বাহে বৃহৎ জয় নিশ্চিত কৰে ।
নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলে নিজৰ বিজয়ী প্ৰাৰ্থীলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে । দলটোৱে সকলো নিৰ্বাচিত প্ৰাৰ্থীকে বিজয় শোভাযাত্ৰা বা কোনো ধৰণৰ উদযাপন অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিয়ে ।
ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ উপ-সভাপতি তথা ফেডাৰেল নিৰ্বাচন পৰিচালনা সমিতিৰ সমন্বয়ক ডি পি আৰয়ালে কয় যে শেহতীয়া নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলে উদযাপন কৰাতকৈ নিজৰ কামত গুৰুত্ব দিব লাগে । ভোটাৰসকলে ন্যস্ত কৰা দায়িত্ব গুৰুত্বসহকাৰে ল’ব লাগিব আৰু এয়া উদযাপনৰ সময় নহয় বুলিও মন্তব্য কৰে তেওঁ ।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ নেপালত দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হৈছিল । এই প্ৰতিবাদত জেনেৰেচন জেডৰ যুৱক-যুৱতীসকলে অলি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক উফৰাই পেলায় । সেই সময়ত বালেন শ্বাহক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী পদৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত চৰকাৰ চলাব বিচৰা বুলি উল্লেখ কৰি তেওঁ এই প্ৰস্তাৱ নাকচ কৰে । ২০২৬ চনৰ জানুৱাৰী মাহত বালেন শ্বাহে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিত যোগদান কৰে । কেইদিনমানৰ পিছতে তেওঁক দলৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় । কাঠমাণ্ডুৰ মেয়ৰ হিচাপে বালেন শ্বাহে কেইবাটাও সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল, চহৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু নগৰ উন্নয়নৰ ওপৰত কৰা কামৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰিছিল তেওঁ ।
লগতে পঢ়ক : ইৰাণৰ ওপৰত আজি হ’ব ভীষণ আক্ৰমণঃ ড’নাল্ড ট্ৰাম্পৰ হুংকাৰ