ভাৰতৰ অশান্ত প্ৰতিবেশী ম্যানমাৰত আজি নিৰ্বাচন… উৎখাত হ’ব নেকি সেনাৰ শাসন

ভাৰতৰ অশান্ত প্ৰতিবেশী ম্যানমাৰত আজি নিৰ্বাচন… উৎখাত হ’ব নেকি সেনাৰ শাসন

ম্যানমাৰত দেওবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন । এই নিৰ্বাচনক বহুদলীয় গণতন্ত্ৰ ঘূৰি অহা বুলি অভিহিত কৰিছে সামৰিক বাহিনীয়ে । ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত দেওবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন । পাঁচ বছৰ পূৰ্বে সামৰিক বাহিনীয়ে (জুন্টা) ক্ষমতা দখল কৰাৰ পিছত দেশখনত এয়া

ম্যানমাৰত দেওবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন । এই নিৰ্বাচনক বহুদলীয় গণতন্ত্ৰ ঘূৰি অহা বুলি অভিহিত কৰিছে সামৰিক বাহিনীয়ে ।

ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত দেওবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন । পাঁচ বছৰ পূৰ্বে সামৰিক বাহিনীয়ে (জুন্টা) ক্ষমতা দখল কৰাৰ পিছত দেশখনত এয়া প্ৰথম নিৰ্বাচন । কিন্তু দেশখনত গণতন্ত্ৰ পুনৰুদ্ধাৰ আৰু ৰাজনৈতিক দলসমূহে গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনা ক্ষীণ দেখা গৈছে । চাৰি বছৰ পূৰ্বে আং ছান চ্যু কিৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰিছিল । ৮০ বছৰীয়া চ্যু কি আৰু তেওঁৰ দল নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি গৈছে । বৰ্তমান ম্যানমাৰ গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছে । এই নিৰ্বাচনক বহুদলীয় গণতন্ত্ৰ ঘূৰি অহা বুলি অভিহিত কৰিছে সামৰিক বাহিনীয়ে ।

ম্যানমাৰত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছত আৰম্ভ হোৱা জনবিদ্ৰোহ এতিয়া গৃহযুদ্ধলৈ পৰিণত হৈছে । ইয়াৰ মাজতে অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদান তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৮ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ১১ জানুৱাৰী আৰু তৃতীয় পৰ্যায়ত ২৫ জানুৱাৰীত ভোটদান হ’ব । মানৱ অধিকাৰ আৰু বিৰোধী সংগঠনসমূহে কয় যে এই নিৰ্বাচন মুক্ত বা ন্যায্য নহ’ব । ক্ষমতা জ্যেষ্ঠ সামৰিক নেতা জেনেৰেল মিন আং হিলিঙৰ হাততেই থাকিব ।

ইন্টাৰনেশ্যনেল ক্ৰাইছিচ গ্ৰুপৰ ম্যানমাৰৰ বিশ্লেষক ৰিচাৰ্ড হৰ্ছে কয় যে ম্যানমাৰৰ সেনাবাহিনীৰ বাবে ফ্ৰণ্ট পাৰ্টি হিচাপে গণ্য কৰা তেওঁলোকৰ অনুকূল ইউনিয়ন ছলিডাৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টিৰ বাবে জয় নিশ্চিত কৰাটোৱেই হৈছে সামৰিক বাহিনীৰ কৌশল । নিৰ্বাচন অনুষ্ঠিত কৰি সামৰিক বাহিনীয়ে এছ’চিয়েশ্যন অৱ চাউথ-ইষ্ট এছিয়ান নেচনছ (আছিয়ান)ৰ শান্তি প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে গণতান্ত্ৰিক শাসন পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতিৰ সংকেত দিব বিচাৰিছে । ইয়াৰ উপৰিও চীন, ভাৰত, থাইলেণ্ডৰ দৰে চুবুৰীয়া দেশৰ পৰাও সমৰ্থন লাভ কৰিব বিচাৰে ।

লগতে পঢ়ক : ‘ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰাৰ প্ৰয়াস…’আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনক তীব্ৰ সমালোচনা চীনৰ