গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসী আৰু বিজ্ঞানীসকলক সম্ভাষণ জনাই কয় যে এই দিৱস যুৱক-যুৱতীসকলৰ মাজত এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে । তেওঁ কয় যে আজি মহাকাশ খণ্ডত ইটোৰ পিছত সিটো নতুন মাইলৰ খুঁটি অৰ্জন কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে অতি শীঘ্ৰে গগণযান উৎক্ষেপণ কৰিব আৰু আগন্তুক সময়ত নিজাকৈ মহাকাশ কেন্দ্ৰও স্থাপন কৰিব ।
প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ ভাৰতে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়ান আয়োজন কৰিছিল, য’ত ৬০খনতকৈও অধিক দেশৰ ৩০০ যুৱকে অংশগ্ৰহণ কৰিছিল আৰু ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰিছিল । তেওঁ ইয়াক ভাৰতৰ উদীয়মান নেতৃত্বৰ সম্ভাৱনাৰ প্ৰতীক বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ আৰম্ভ কৰিছে, যিয়ে মহাকাশৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ বৃদ্ধি কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ছেমি ক্ৰাইজেনিক ইঞ্জিন আৰু ইলেক্ট্ৰিক প্ৰপালচনৰ দৰে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে । শীঘ্ৰে ভাৰতে গগণযান অভিযান সফলভাৱে সম্পূৰ্ণ কৰিব আৰু আগন্তুক সময়ত নিজাকৈ মহাকাশ কেন্দ্ৰও স্থাপন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি স্পেচ-টেক কেৱল গৱেষণাতে সীমাবদ্ধ নহয় বৰঞ্চ ই শাসন ব্যৱস্থাৰো অংশ হৈ পৰিছে । শস্য বীমা আঁচনিৰ উপগ্ৰহভিত্তিক মূল্যায়ন, উপগ্ৰহৰ তথ্য আৰু মাছমৰীয়াৰ সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনাত ভূ-স্থানীয় তথ্যৰ ব্যৱহাৰ আৰু পি এম গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনি- এই সকলোবোৰে সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তুলিছে ।
ইছৰোৰ অধ্যক্ষয়ো ভাৰতৰ দৃষ্টিভংগী ব্যক্ত কৰে-
মহাকাশ দিৱস উপলক্ষে ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আগন্তুক সময়ত ভাৰতে চন্দ্ৰযান-৪ অভিযান, ভেনাছ অৰ্বিটাৰ মিছন আৰু বি আই এছ নামৰ মহাকাশ কেন্দ্ৰৰ দিশত কাম কৰিব । ২০২৮ চনৰ ভিতৰত বি আই এছ মহাকাশ কেন্দ্ৰৰ প্ৰথমটো মডিউল মুকলি কৰা হ’ব আৰু ২০৩৫ চনৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব ।
ইছৰোৰ অধ্যক্ষই কয় যে প্ৰধানমন্ত্ৰীয়ে এন জি এল (Next Generation Launcher)কো অনুমোদন জনাইছে । ২০৪০ চনৰ ভিতৰত ভাৰত কেৱল চন্দ্ৰত অৱতৰণ কৰাই নহয় তাৰ পৰা নিৰাপদে উভতিও আহিব । নাৰায়ণনে কয় যে তেতিয়ালৈকে ভাৰতীয় মহাকাশ কাৰ্যসূচী আন যিকোনো দেশৰ মহাকাশ কাৰ্যসূচীৰ সমতুল্য হ’ব ।
ইছৰোৰ মুৰব্বীগৰাকীয়ে গগণযাত্ৰী কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে এজন ভাৰতীয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰাটো এক বৃহৎ সফলতা । তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ ধাৰণা আছিল যে প্ৰথমে আমাৰ নিজৰ ৰকেটেৰে এজন ভাৰতীয়ক আই এছ এছলৈ পঠিয়াব লাগে । এই ধাৰণাৰ অধীনত শুভাংশ শুক্লাক আই এছ এছলৈ পঠিওৱা হ’ল আৰু তেওঁ নিৰাপদে উভতি আহিল । তেওঁ কয় যে গগণযান দলৰ চাৰিওজন সদস্যই আমাৰ বাবে সমানে গুৰুত্বপূৰ্ণ ।
লগতে পঢ়ক : শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ… ৫ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হানিব আঘাত