একেটা কক্ষপথতে নতুন মহাকাশ কেন্দ্ৰ; মহাকাশতো দৃশ্যমান ভাৰত-ৰাছিয়াৰ বন্ধুত্ব

ভাৰত আৰু ৰাছিয়াই নিজৰ ভৱিষ্যত মহাকাশ কেন্দ্ৰ একে কক্ষপথতে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্ত দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব ।

২০৩০-৩১ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ অভিযান সমাপ্ত হোৱাৰ কথা । তাৰ পিছত ৰাছিয়া আৰু ভাৰতে নিজৰ ভৱিষ্যত মহাকাশ কেন্দ্ৰ একে কক্ষপথতে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে নতুন দিল্লী ভ্ৰমণৰ সময়ত ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছৰ মুৰব্বী দিমিত্ৰী বাকানভে এই কথা ঘোষণা কৰে ।

দুয়োটা মহাকাশ কেন্দ্ৰ ৫১.৬ ডিগ্ৰী হেলনীয়াকৈ কক্ষপথত ঘূৰিব । এয়া সেই কক্ষ য’ত আজিৰ আই এছ এছ ঘূৰে । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মহাকাশচাৰীসকলে ইখনে সিখন দেশৰ ষ্টেচনসমূহ সহজে পৰিদৰ্শন কৰিব পাৰিব, বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিব আৰু জৰুৰীকালীন সহায় ল’ব পাৰিব ।

বাকানভে কয় যে এই সিদ্ধান্ত দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব । পূৰ্বে ৰাছিয়াই নিজৰ ৰাছিয়ান অৰ্বিটেল ষ্টেচন (ROS)ৰ বাবে ৯৬ ডিগ্ৰী হেলনীয়া কক্ষপথৰ কথা চিন্তা কৰিছিল যদিও এতিয়া ৫১.৬ ডিগ্ৰীত এই চুক্তিত উপনীত হৈছে ।

কি হয় এই নতুন বুবাবুজিৰ চুক্তি ?

ৰাছিয়াৰ ROS :  ৰাছিয়াৰ মহাকাশ কেন্দ্ৰটো এনাৰ্জিয়াই নিৰ্মাণ কৰিব । এই ষ্টেচনে গভীৰ মহাকাশলৈ মহাকাশযান নিৰ্মাণ আৰু উৎক্ষেপণৰ ভিত্তি হিচাপে কাম কৰিব । ইয়াৰ মডিউলাৰ ডিজাইনে দীৰ্ঘম্যাদী কাৰ্য্যকৰী জীৱন নিশ্চিত কৰিব ।

ভাৰতৰ BAS :  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ২০৩৫ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে । চন্দ্ৰযান-৩ৰ দৰে সফলতাৰ পিছত স্বাধীনতাৰ ১০০ বছৰীয়া জয়ন্তীৰ (২০৪৭) পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ।

একেটা কক্ষপথ কিয় ?

 ৫১.৬ ডিগ্ৰীৰ হেলনীয়া আই এছ এছৰ দৰেই, যিয়ে পৃথিৱীৰ উত্তৰ-দক্ষিণ অক্ষাংশৰ ৫১.৬ ডিগ্ৰী সামৰি লৈছে । ইয়াৰ ফলত ৰাছিয়াৰ ছয়ুজ ৰকেট আৰু ভাৰতৰ গগাণযান অভিযানৰ মাজত সহজ ডকিং কৰিব পৰা যাব । আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা হ’ব ।

ৰাছিয়াৰ নিউজ চাইট প্ৰাভডাৰ মতে, ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভে কয়, “আমি সমান্তৰাল পথত আগবাঢ়িছো । আৰ অ’ এছৰ বাবে ৫১.৬ ডিগ্ৰীৰ হেলনীয়া অৱস্থা চূড়ান্ত কৰা হৈছে । ভাৰতেও নিজৰ ষ্টেচনৰ বাবেও একে কথা বিবেচনা কৰিছে ।” বাকানভে ইজভেষ্টিয়াক দিয়া এক সাক্ষাৎকাৰত কয় যে সহযোগিতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত ইঞ্জিন নিৰ্মাণ, মানুহযুক্ত বিমান, প্ৰশিক্ষণ, ৰকেট ইন্ধন, আৰু ৰাষ্ট্ৰীয় ষ্টেচনৰ উন্নয়ন আদি অন্তৰ্ভুক্ত ।

কেতিয়া সাজু হ’ব ?

ROS নিৰ্মাণ : ২০২৮ চনত প্ৰথম বৈজ্ঞানিক আৰু শক্তি মডিউল মুকলি কৰা হ’ব । বাকী চাৰিটা মূল মডিউল ২০৩০ চনৰ ভিতৰত মুকলি কৰা হ’ব । ২০৩১-৩৩ চনত অতিৰিক্ত মডিউল যোগ কৰা হ’ব । খ্ৰুনিচেভ চেণ্টাৰক তিনিটা আংগাৰা-এ৫এম ৰকেট অৰ্ডাৰৰ নিৰ্দেশ দিয়া হৈছে ।

BAS নিৰ্মাণ : ইছৰোৱে ২০৩৫ চনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছে । শেহতীয়া স্পেডেক্স উপগ্ৰহ ডকিং সফলতাৰ লগে লগে ভাৰত এই প্ৰযুক্তি লাভ কৰা চতুৰ্থখন দেশ (ৰাছিয়া, আমেৰিকা, আৰু চীনৰ পিছত) হিচাপে পৰিগণিত হৈছে ।

আই এছ এছৰ অন্তঃ ২০৩০-৩১ চনত দুয়োখন দেশ আই এছ এছৰ পৰা পৃথক হ’ব । ইতিমধ্যে ৰাছিয়াই ঘোষণা কৰিছে যে আই এছ এছ সন্দৰ্ভত আমেৰিকাৰ সৈতে সহযোগিতা নকৰে ।

এয়া কিয় ডাঙৰ পদক্ষেপ ?

সহজ যাত্ৰাঃ মহাকাশচাৰীসকলে বিশেষ ইন্ধন খৰচ নকৰাকৈ এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ স্থানান্তৰিত হ’ব পাৰিব ।

সহযোগিতা শক্তিশালী কৰাঃ ভাৰতীয় মহাকাশচাৰীক প্ৰশিক্ষণ দিব ৰাছিয়াই । ভাৰতে লাভ কৰিব ৰকেট ইঞ্জিন আৰু প্ৰযুক্তি ।

জৰুৰীকালীন সাহায্যঃ যদি এটা ষ্টেচনে কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে আনটো ষ্টেচনে উদ্ধাৰকাৰী পঠিয়াব পাৰিব ।

বৈজ্ঞানিক লাভালাভঃ যৌথ পৰীক্ষাই চন্দ্ৰ, মংগল আৰু গ্ৰহাণু অভিযানত সহায় কৰিব ।

অৰ্থনৈতিকঃ ৰাছিয়াই ইঞ্জিন বিক্ৰী কৰি উৎপাদন স্থানান্তৰ কৰিব, যাৰ ফলত ভাৰত স্বাৱলম্বী হ’ব ।

লগতে পঢ়ক : মহাকাশত অলকানন্দা… ভাৰতীয় বিজ্ঞানীৰ বৃহৎ সফলতা

গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা… মহাকাশ দিৱসত ভাৰতৰ লক্ষ্যৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসী আৰু বিজ্ঞানীসকলক সম্ভাষণ জনাই কয় যে এই দিৱস যুৱক-যুৱতীসকলৰ মাজত এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে । তেওঁ কয় যে আজি মহাকাশ খণ্ডত ইটোৰ পিছত সিটো নতুন মাইলৰ খুঁটি অৰ্জন কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে অতি শীঘ্ৰে গগণযান উৎক্ষেপণ কৰিব আৰু আগন্তুক সময়ত নিজাকৈ মহাকাশ কেন্দ্ৰও স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ ভাৰতে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়ান আয়োজন কৰিছিল, য’ত ৬০খনতকৈও অধিক দেশৰ ৩০০ যুৱকে অংশগ্ৰহণ কৰিছিল আৰু ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰিছিল । তেওঁ ইয়াক ভাৰতৰ উদীয়মান নেতৃত্বৰ সম্ভাৱনাৰ প্ৰতীক বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ আৰম্ভ কৰিছে, যিয়ে মহাকাশৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ বৃদ্ধি কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ছেমি ক্ৰাইজেনিক ইঞ্জিন আৰু ইলেক্ট্ৰিক প্ৰপালচনৰ দৰে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে । শীঘ্ৰে ভাৰতে গগণযান অভিযান সফলভাৱে সম্পূৰ্ণ কৰিব আৰু আগন্তুক সময়ত নিজাকৈ মহাকাশ কেন্দ্ৰও স্থাপন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি স্পেচ-টেক কেৱল গৱেষণাতে সীমাবদ্ধ নহয় বৰঞ্চ ই শাসন ব্যৱস্থাৰো অংশ হৈ পৰিছে । শস্য বীমা আঁচনিৰ উপগ্ৰহভিত্তিক মূল্যায়ন, উপগ্ৰহৰ তথ্য আৰু মাছমৰীয়াৰ সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনাত ভূ-স্থানীয় তথ্যৰ ব্যৱহাৰ আৰু পি এম গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনি- এই সকলোবোৰে সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তুলিছে ।

ইছৰোৰ অধ্যক্ষয়ো ভাৰতৰ দৃষ্টিভংগী ব্যক্ত কৰে-

মহাকাশ দিৱস উপলক্ষে ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আগন্তুক সময়ত ভাৰতে চন্দ্ৰযান-৪ অভিযান, ভেনাছ অৰ্বিটাৰ মিছন আৰু বি আই এছ নামৰ মহাকাশ কেন্দ্ৰৰ দিশত কাম কৰিব । ২০২৮ চনৰ ভিতৰত বি আই এছ মহাকাশ কেন্দ্ৰৰ প্ৰথমটো মডিউল মুকলি কৰা হ’ব আৰু ২০৩৫ চনৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব ।

ইছৰোৰ অধ্যক্ষই কয় যে প্ৰধানমন্ত্ৰীয়ে এন জি এল (Next Generation Launcher)কো অনুমোদন জনাইছে । ২০৪০ চনৰ ভিতৰত ভাৰত কেৱল চন্দ্ৰত অৱতৰণ কৰাই নহয় তাৰ পৰা নিৰাপদে উভতিও আহিব । নাৰায়ণনে কয় যে তেতিয়ালৈকে ভাৰতীয় মহাকাশ কাৰ্যসূচী আন যিকোনো দেশৰ মহাকাশ কাৰ্যসূচীৰ সমতুল্য হ’ব ।

ইছৰোৰ মুৰব্বীগৰাকীয়ে গগণযাত্ৰী কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে এজন ভাৰতীয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰাটো এক বৃহৎ সফলতা । তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ ধাৰণা আছিল যে প্ৰথমে আমাৰ নিজৰ ৰকেটেৰে এজন ভাৰতীয়ক আই এছ এছলৈ পঠিয়াব লাগে । এই ধাৰণাৰ অধীনত শুভাংশ শুক্লাক আই এছ এছলৈ পঠিওৱা হ’ল আৰু তেওঁ নিৰাপদে উভতি আহিল । তেওঁ কয় যে গগণযান দলৰ চাৰিওজন সদস্যই আমাৰ বাবে সমানে গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ… ৫ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হানিব আঘাত

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ শুভাংশু শুক্লাৰ…

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ শুভাংশু শুক্লাৰ

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ভৰি দি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে । তেওঁ কেৱল ভাৰতৰ দ্বিতীয়গৰাকী মহাকাশচাৰী হোৱাই নহয়, মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথমজন ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছে । আন তিনিজন মহাকাশচাৰী আৰু তাত থকা স্থায়ী দলৰ সৈতে তেওঁ এই ঐতিহাসিক অভিযানত জড়িত হৈ আছে ।

এই গৌৰৱময় মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিশেষ বাৰ্তালাপ কৰে । এই সময়ছোৱাত দুয়োজনে বহু বিষয়ত কথা পাতে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশুক প্ৰশ্ন কৰে যে মহাকাশৰ বিশালতা দেখাৰ পিছত তেওঁৰ মনলৈ প্ৰথম কি চিন্তা আহিল ?  ইয়াৰ উত্তৰত ভাৰতীয় মহাকাশচাৰীজনে কয় যে আমি যেতিয়া প্ৰথমবাৰৰ বাবে কক্ষপথত উপনীত হওঁ, তেতিয়া প্ৰথম দৃশ্য আছিল পৃথিৱীৰ । এই সময়ছোৱাত তেওঁৰ মনলৈ প্ৰথম চিন্তা আহে যে সমগ্ৰ পৃথিৱীখনক একে যেন লাগে । কোনো সীমান্ত দেখা নাযায় ।

তেওঁ কয় যে দ্বিতীয় কথাটো লক্ষ্য কৰা হ’ল যে মহাকাশৰ পৰা ভাৰতক দেখি আমি উপলব্ধি কৰিলোঁ যে মানচিত্ৰত আমাৰ দেশৰ যি দেখিবলৈ পাওঁ সেয়া ইমান নহয় । কিন্তু ভাৰত সঁচাকৈয়ে দেখাত বহুত ভব্য আৰু ডাঙৰ । মানচিত্ৰত দেখাতকৈ বহু বেছি । ইয়াৰ পৰা আমি অনুভৱ কৰোঁ যে কোনো সীমা নাই, কোনো দেশ নাই । আমি সকলোৱে মানৱতাৰ অংশ, পৃথিৱী আমাৰ ঘৰ আৰু আমি সকলোৱে ইয়াৰ অংশ ।

‘শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক কয় যে- আপোনাৰ লগত কথা পাতি থাকোঁতে মই ভৰি বান্ধি লৈছো কাৰণ ইয়াত মাধ্যাকৰ্ষণ শক্তি শূন্য, যদি মই এই কাম নকৰো তেন্তে মই উৰিবলৈ আৰম্ভ কৰিম । ইয়াত শুৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সোধে মেডিটেছনৰ লাভ পোৱা যায় নে ? এই সন্দৰ্ভত শুভাংশুৱে কয় যে ইয়াত মাইণ্ডফুলনেছে ডাঙৰ প্ৰভাৱ পেলায় কাৰণ উতক্ষেপণৰ সময়ত পৰিস্থিতি বহুত বেলেগ, কিন্তু যেতিয়া আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখে তেতিয়া আপুনি উন্নত সিদ্ধান্ত ল’ব পাৰে । এনে প্ৰত্যাহ্বানৰ সময়ত এই সকলোবোৰ অতি উপকাৰী ।

শুভাংশ শুক্লাই কয় যে এই যাত্ৰা আচৰিত আছিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত মই অনুভৱ কৰোঁ যে এইটো মোৰ দেশৰ বাবে এক ডাঙৰ কৃতিত্ব, মই দেশৰ শিশুসকলক ক’ম যে তেওঁলোকে নিজৰ ভৱিষ্যত উন্নত কৰক । কাৰণ ইয়াৰ দ্বাৰা শিশুসকলৰ ভৱিষ্যত উজ্জ্বল হোৱাই নহয় দেশৰ ভৱিষ্যতো উজ্জ্বল হৈ উঠিব । এটা কথা সদায় মনত ৰাখিব যে ‘আকাশৰ কোনো সীমা নাই’ । আপুনি মোৰ পিছফালে দেখা ত্ৰিৰংগা আগতে নাছিল, মই ইয়াত কালিহে ৰাখিছো, ইয়ে মোক বহুত আৱেগিক কৰি তোলে ।

লগতে পঢ়ক : মহাকাশত ৰচিলে ইতিহাস; ২৮ ঘণ্টীয়া যাত্ৰা সম্পূৰ্ণ কৰি ISS ত উপস্থিত শুভাংশু শুক্লা

চীনে ৰছিলে ইতিহাস;  নিজৰ মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে ৩ জন নতুন মহাকাশচাৰী

চীনে নিজৰ মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে তিনিজন নতুন মহাকাশচাৰী, যিয়ে ছমাহ ধৰি তাত থকা মহাকাশচাৰীৰ স্থান ল’ব।মহাকাশচাৰীসকলক ষ্টেচনলৈ উৎক্ষেপণৰ কাৰ্যসূচী টেলিভিছন পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।

চীনৰ জিউকুৱান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা যাত্ৰীসহ শ্বেনঝৌ-২০ মহাকাশযানখনে উৰা মাৰিছিল।মহাকাশযানখনত চেন ডং, চেন ঝংগ্ৰুই আৰু ৱাং জি নামৰ তিনিজন মহাকাশচাৰী আছে।

চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে উত্তৰ চীনৰ ডংফেং লেণ্ডিং ছাইটলৈ উভতি অহাৰ কথা। নতুন ক্ৰু মেম্বাৰসকল ষ্টেচনত প্ৰৱেশ কৰাৰ পিছত,আন তিনিজন সদস্য ২৯ এপ্ৰিলত পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে।

চীন মানৱ মহাকাশ সংস্থাৰ মুখপাত্ৰ লিন জিকিয়াঙে সংবাদ মাধ্যমৰ আগত কয় যে এই দলটোৱে জেব্ৰাফিছ, প্লেনেৰিয়ান আৰু ষ্ট্ৰেপ্ট’মাইছক লৈ নতুন জীৱবিজ্ঞান পৰীক্ষা কৰিব।

লিনে কয় যে চীনে প্ৰথমবাৰৰ বাবে মহাকাশত ‘প্লেনেৰিয়ান’ৰ পুনৰুৎপাদনৰ ওপৰত গৱেষণা কৰিব।

‘প্লেনৰিয়ান’ হৈছে চীনৰ মহাকাশ কেন্দ্ৰলৈ অনা এক নতুন জীৱ। ই অংগ-প্ৰত্যংগ পুনৰুৎপাদনৰ কৰাৰ অসাধাৰণ ক্ষমতাৰ বাবে জনাজাত।লিনে কয় যে এই গৱেষণাই ব্যক্তিগত পৰ্যায়ত পুনৰুৎপাদনৰ মৌলিক ব্যৱস্থাৰ বিষয়ে বুজাবুজিক আগুৱাই নিব।

মহাকাশ কেন্দ্ৰত নতুন পৰীক্ষাৰ বাবে সাজু হৈছে চীন;  মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ৩ জন নতুন মহাকাশচাৰী

দশম মহাকাশ দিৱস উপলক্ষে বৃহস্পতিবাৰে চীনে নিজৰ মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তিনিজন মহাকাশচাৰীক।এই তিনিজন মহাকাশচাৰীয়ে বিগত ছমাহ ধৰি ষ্টেচনত নিয়োজিত হৈ থকা সহকৰ্মীসকলৰ ঠাই ল’ব।

বুধবাৰে চীনে এই ঘোষণা কৰিছে । চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি চীনৰ মানৱ সম্পন্ন মহাকাশ সংস্থাৰ প্ৰৱক্তা লিন জিকিয়াঙে এই সন্দৰ্ভত তথ্য দিছে।

লিনে কয় যে বৃহস্পতিবাৰে ক্ৰুৰ সৈতে শ্বেনঝৌ-২০ মহাকাশ অভিযান আৰম্ভ কৰা হ’ব।মহাকাশযানখনত তিনি মহাকাশচাৰী ক্ৰমে চেন ডং, চেন ঝংৰুই, আৰু ৱাং জি থাকিব।

চেন ডঙে কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।লিনে কয় যে, এই দলটোৱে জেব্ৰাফিশ, প্লেনেৰিয়ান নামৰ অণুজীৱ আৰু ষ্ট্ৰেপ্ট’মাইচিছ নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়াক লৈ নতুন পৰীক্ষা চলাব।

১৯৭০ চনৰ ২৪ এপ্ৰিলত চীনে প্ৰথমটো উপগ্ৰহ, ডোংগফৈংগহোংগ  ১ৰ সফল উৎক্ষেপণৰ পিছত ২০১৬ চনত এই দিনটো তেওঁলোকৰ মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছিল।

শ্বেনঝৌ-২০ হৈছে চীনৰ মানৱীয় মহাকাশ কাৰ্যসূচীৰ ৩৫ সংখ্যক উৰণ অভিযান। দলটো চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে উত্তৰ চীনৰ ডংফেং অৱতৰণ স্থানলৈ উভতি আহিব পাৰে।

সৃষ্টি হ’ব ইতিহাস; আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উৰুৱাব ভাৰতৰ পতাকা

মহাকাশক্ষেত্ৰত ভাৰতৰ অৱদানত আন এক গুৰুত্বপূৰ্ণ সাফল্য যোগ কৰা হৈছে। ভাৰতীয় বায়ু সেনাৰ (আইএএফ) গ্ৰুপ কেপ্টেইন শুভাংক শুক্লা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আইএছএছ) উপস্থিত হোৱা প্ৰথম ভাৰতীয় হ’বলৈ সাজু হৈছে।

নাছা আৰু ইছৰোৰ যুটীয়া অভিযানৰ অধীনত, শুভাংক শুক্লাই এক্সিওম মিছন ৪-ৰ অধীনত আইএছএছৰ যাত্ৰা কৰিব।

এই মিছনটোৰ আৰম্ভ ২০২৫ চনত ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্সৰ ড্ৰেগন মহাকাশযানৰ জৰিয়তে কৰা হ’ব।এইটো মহাকাশ অভিযানৰ ইতিহাসত এটা মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।

ভাৰতীয় বায়ু সেনাৰ অভিজ্ঞ পাইলট আৰু ইছৰোৰ গগনযান অভিযানৰ বাবে নিৰ্বাচিত মহাকাশচাৰী, গ্ৰুপ কেপ্টেইন শুভাংক শুক্লা, এক্সিওম মিছন-৪-ৰ মুখ্য মিছন পাইলট হ’ব।

এই অভিযান স্পেচএক্সৰ ফালকন-৯ ৰকেট আৰু ড্ৰেগন মহাকাশযানৰ জৰিয়তে সম্পূৰ্ণ কৰা হ’ব।তেওঁলোকৰ উৎক্ষেপণ ফ্লৰিডাৰ পৰা হ’ব।

শুভাংক শুক্লাক অলপতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ গগনযান অভিযানৰ বাবে ‘প্ৰধান’ মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল।

তেওঁলোক ১৯৮৪ চনৰ পৰা মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয় মহাকাশচাৰী হ’ব।তেওঁৰ যাত্ৰা ২০০৬ চনৰ জুন মাহত যুঁজাৰু শাখাত আৰম্ভ হৈছিল।

গ্ৰুপ কেপ্টেইন শুভাংক শুক্লাৰ জন্ম ১৯৮৫ চনৰ ১০ অক্টোবৰত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত হৈছিল।এজন অভিজ্ঞ পৰীক্ষা পাইলট হিচাপে, তেওঁ বিভিন্ন বিমানত ২০০০ ঘণ্টাতকৈও অধিক উৰণৰ অভিজ্ঞতা জমা কৰিছে।

তেওঁ বিভিন্ন প্ৰকাৰৰ যুঁজাৰু আৰু পৰিবহন বিমান যেনে এছইউ-৩০ এমকেআই, মিগ-২১, মিগ-২৯, জাগুয়াৰ, হক, ডৰ্ণিয়াৰ আৰু এএন-৩২ উৰুৱাইছে।মাৰ্চ ২০২৪-ত, তেওঁক গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হয়।

ইয়াৰ উপৰিও, শুভাংক শুক্লাক ভাৰতৰ উচ্চাকাংক্ষী মানৱ মহাকাশ অভিযান গগনযানৰ বাবে মহাকাশচাৰী হিচাপেও নিৰ্বাচিত কৰা হৈছে।

এক্সিওম মিছন ৪ ৰ উদ্দেশ্য হৈছে পৃথিৱীৰ নিম্ন কক্ষপথত গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ প্ৰচাৰ কৰা।এই অভিযানে নাছা আৰু ইছৰোৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰিব আৰু ভাৰতক আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানত আগশাৰীৰ ভূমিকা পালন কৰাৰ সুযোগ প্ৰদান কৰিব।এই পদক্ষেপে ভৱিষ্যতে মহাকাশত বাণিজ্যিক আৰু বৈজ্ঞানিক অভিযানৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।

শুভাংক শুক্লাই তেওঁৰ অভিযান সন্দৰ্ভত কৈছিল যে তেওঁ এই অভিজ্ঞতা ভাৰতীয় নাগৰিকৰ সৈতে ভাগ বতৰা কৰিবলৈ উৎসাহিত।

তেওঁ এইটোও উল্লেখ কৰিছিল যে তেওঁলোকে কিছুমান ভাৰতীয় সাংকেতিক সামগ্ৰী লগত লৈ যাব বিচাৰে আৰু আইএছএছত কিছুমান যোগভঙ্গী প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰি আছে।ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক আৰু বৈজ্ঞানিক ঐতিহ্যক মহাকাশলৈ অনাৰ বাবে এইটো এক অনন্য প্ৰয়াস হ’ব।

‘২০৩৫ চনৰ ভিতৰত হ’ব ভাৰতৰ নিজৰ মহাকাশ কেন্দ্ৰ’, কেন্দ্ৰীয় মন্ত্ৰীৰ ডাঙৰ ঘোষণা

মহাকাশ ক্ষেত্ৰত ভাৰতে ইটোৰ পিছত সিটোকৈ নতুন কৃতিত্ব অৰ্জন কৰিছে । শেহতীয়াকৈ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে এক ডাঙৰ ঘোষণা কৰিছে । তেওঁ কয় যে ২০৩৫ চনৰ ভিতৰত ভাৰতৰ ওচৰত নিজৰ মহাকাশ কেন্দ্ৰ থাকিব ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘২০৩৫ চনৰ ভিতৰত আমি নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছো । ইয়াক ভাৰতীয় মহাকাশ কেন্দ্ৰ বুলি জনা যাব । ইয়াৰ বাহিৰেও ২০৪০ চনৰ ভিতৰত আমি এজন ভাৰতীয় চন্দ্ৰত অৱতৰণ কৰাব পাৰিম ।‘

ফেব্ৰুৱাৰী মাহত এই কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে-

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰীত তিৰুৱনন্তপুৰমত গগনযান অভিযানৰ মহাকাশচাৰীৰ নাম ঘোষণা কৰাৰ পিছত ২০৩৫ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ হ’ব বুলি কৈছিল । এতিয়া এই সপোন যেন অতি সোনকালে বাস্তৱত পৰিণত হ’ব । উল্লেখ্য যে, এতিয়ালৈকে বিশ্বত মাত্ৰ দুটা মহাকাশ কেন্দ্ৰ আছে আৰু যদি ভাৰতে সঁচাকৈয়ে নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰে, তেন্তে ই কেৱল এক ঐতিহাসিক কৃতিত্বই নহয়, ভাৰত বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হ’ব যাৰ নিজৰ মহাকাশ কেন্দ্ৰ আছে ।

BAS ৰ বাবে পৰিকল্পনা উন্মোচন-

ভাৰতৰ প্ৰথম মহাকাশ কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলগীয়া ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS)ৰ পৰিকল্পনা উন্মোচন কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই । ৫২ টন ওজনৰ এই বি এ এছত প্ৰথমে তিনিজন মহাকাশচাৰীক আতিথ্য প্ৰদান কৰা হ’ব । অৱশ্যে ভৱিষ্যতে ইয়াৰ ক্ষমতা ৬লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে । এই গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে বাংগালুৰুৰ ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰত আয়োজিত কানাড়া কাৰিকৰী আলোচনা চক্ৰত ।

ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS) কি ?

BAS হৈছে এটা মডিউলাৰ মহাকাশ কেন্দ্ৰ যিটো ভাৰতে জীৱ বিজ্ঞান, চিকিৎসা বিজ্ঞানৰ দৰে ক্ষেত্ৰত বৈজ্ঞানিক গৱেষণাক সহায় কৰিবলৈ আৰু মহাকাশ অন্বেষণ বৃদ্ধিৰ বাবে বিকশিত কৰি আছে । ইয়াৰ প্ৰথম মডিউল ২০২৮ চনত এল ভি এম৩ লঞ্চ বাহনে উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে, অৰ্থাৎ চাৰি বছৰৰ পাছত মহাকাশত ভাৰতৰ কাম আৰম্ভ হ’ব । কিন্তু এই ভাৰতীয় মহাকাশ কেন্দ্ৰটো ২০৩৫ চনত সম্পূৰ্ণৰূপে সম্পূৰ্ণ হ’ব, যেতিয়া ইয়াৰ আন মডিউলসমূহ ছেট কৰা হ’ব ।

মহাকাশ কেন্দ্ৰ কি ?

মহাকাশ কেন্দ্ৰ প্ৰকৃততে এক মহাকাশযান, যি মহাকাশত দীৰ্ঘদিন থাকিবলৈ সক্ষম, সেয়েহে ইয়াক মহাকাশৰ ঘৰ বুলি ক’ব পাৰি । ই এটা কৃত্ৰিম উপগ্ৰহ, য’ত মহাকাশচাৰীসকল থাকিবলৈ আৰু মহাকাশযান থাকিবলৈ ডকিং পৰ্ট আছে । প্ৰায়ে বৈজ্ঞানিক উদ্দেশ্যত মহাকাশ কেন্দ্ৰসমূহ উৎক্ষেপণ কৰা হয় যদিও ইয়াৰ পৰা সামৰিক উৎক্ষেপণো হৈছে, সেয়েহে মহাকাশ কেন্দ্ৰৰ গুৰুত্ব অতি উচ্চ ।

এতিয়ালৈকে বিশ্বত মাত্ৰ এটা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আছিল, যিটো নাছাই বহু দেশৰ সহযোগত প্ৰস্তুত কৰিছিল । কিন্তু, এতিয়া চীনেও নিজৰ মহাকাশ কেন্দ্ৰ প্ৰস্তুত কৰিছে । গতিকে এতিয়া মহাকাশত দুটা মহাকাশ কেন্দ্ৰ আছে । যদি ভাৰতে নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰে তেন্তে এনে কৰা তৃতীয়খন দেশ হ’ব, যাৰ নাম ‘ভাৰতীয় মহাকাশ কেন্দ্ৰ’ (BSS) ৰখা হৈছে ।