২১ জুলাইৰ পৰা ২১ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন
২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । ২১ আগষ্টলৈকে চলিব এই অধিৱেশন । এই তথ্য বুধবাৰে প্ৰদান কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে । পূৰ্বে ১২ আগষ্টত অধিৱেশন সমাপ্ত হ’বলগীয়া আছিল যদিও এতিয়া এসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে । পহলগাম আক্ৰমণৰ পিছত চলি থকা এই সংসদ অধিৱেশন অতি উত্তাল হোৱাৰ সম্ভাৱনা আছে ।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে মঙলবাৰে সামাজিক মাধ্যমত যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ চনৰ ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন আহ্বান কৰিবলৈ চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে । কিন্তু স্বাধীনতা দিৱস উদযাপনৰ কথা মনত ৰাখি ১৩ আৰু ১৪ আগষ্টত কোনো বৈঠক অনুষ্ঠিত নহয় ।
তিনিমাহতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত ২১ জুলাইৰ পুৱা ১১ বজাত দুয়োটা সংসদ সদনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা । ইয়াৰ পূৰ্বে ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে এই তাৰিখৰ পৰামৰ্শ দিছিল । তেওঁ কয় যে ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শত অনুমোদন জনাইছে । এই অধিৱেশনত বহু গুৰুত্বপূৰ্ণ বিধেয়ক আৰু বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে ।
অপাৰেচন সিন্দুৰৰ পিছৰ এই প্ৰথম অধিবেশন উত্তাল হোৱাৰ সম্ভাৱনা আছে । আগন্তুক অধিৱেশনৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধেও মহাভিযোগ দাখিলৰ প্ৰস্তাৱ অনাৰ প্ৰস্তুতি চলোৱা হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুক ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত বিৰোধী দলসমূহৰ সৈতে আলোচনাৰ দায়িত্ব দিয়া হৈছে ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ত অনুমোদন কেবিনেটৰ; হ’ব এইসমূহ ঐতিহাসিক পৰিৱৰ্তন