ভাৰতীয় বায়ুসেনাই লাভ কৰিব ৯৭খন Tejas Mk1A যুদ্ধ বিমান
ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে হিন্দুস্তান এৰ’নটিক্স লিমিটেড(HAL) ৰ সৈতে এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰে।
এই চুক্তিৰ অধীনত ভাৰতীয় বায়ুসেনাৰ বাবে ৯৭খন থলুৱা লাইট কম্বেট এয়াৰক্ৰাফ্ট (L C A) Tejas Mk1A বিমান ক্ৰয় কৰা হ’ব।
এই চুক্তিৰ মুঠ ব্যয় হৈছে ৬২,৩৭০ কোটি টকা (কৰ বাদ দি)।ইয়াৰ ভিতৰত ৬৮খন একক আসনৰ যুঁজাৰু বিমান আৰু ২৯খন টুইন আসনৰ প্ৰশিক্ষক বিমান, লগতে আনুষংগিক সঁজুলি আৰু সমৰ্থন ব্যৱস্থাসমূহো অন্তৰ্ভূক্ত।
Tejas Mk1A ক্ৰয় কৰাটো ই ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ।HAL ৰ দ্বাৰা নিৰ্মিত এই অত্যাধুনিক স্বদেশী বিমান না কেৱল ভাৰতীয় বায়ুসেনাৰ কাৰ্যকৰী সামৰ্থ্য শক্তিশালী কৰিব,বৰঞ্চ প্ৰতিৰক্ষা উৎপাদন খণ্ডত দেশখনক বিশ্বব্যাপী স্তৰত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।
তেজাছ Mk1A বিমানৰ ইনডাকচনে বায়ুসেনাক দ্ৰুত, আধুনিক আৰু নিৰ্ভৰযোগ্য যুদ্ধ বিমান প্ৰদান কৰিব।ইয়াৰ ফলত বৰ্তমানৰ স্ক্ৱাড্ৰনৰ শক্তি বৃদ্ধি পাব আৰু মিগ-২১ৰ দৰে পুৰণি বিমান পৰ্যায়ক্ৰমে বন্ধ কৰাৰ ফলত সৃষ্টি হোৱা ব্যৱধান পূৰণ হ’ব।
লগতে পঢ়ক: মহাকাশতো বিফল হ’ব চীন-পাকিস্তানৰ কৌশল; ISRO এ নিয়োগ কৰিব মহাকাশৰ S400