খোমেইনীক ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাণক কঠোৰ সকিয়নী দিছে । তেওঁ কয় যে, ইৰাণে যদি ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখে তেন্তে “তেহৰাণ জ্বলাই দিয়া হ’ব”। ইৰাণে নিজৰ পাৰমাণৱিক, ক্ষেপণাস্ত্ৰ আৰু সামৰিক প্ৰতিষ্ঠানত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতে এই বিবৃতি প্ৰকাশ কৰিছে তেল আভিভে ।
ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী ইয়াল জমিৰ, মোছাদৰ মুৰব্বী ডেভিদ বাৰ্নিয়া আৰু অন্যান্য সামৰিক বিষয়াসকলে অংশগ্ৰহণ কৰা উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ইৰাণৰ একনায়কত্ববাদে নিজৰ নাগৰিকক পণবন্দী কৰি ৰাখিছে আৰু এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে য’ত বিশেষকৈ তেহৰাণৰ বাসিন্দাসকলে যথেষ্ট মূল্য ভৰিব লাগিব ।
মিছাইল নিক্ষেপ কৰিলে তেহৰাণ জ্বলাই দিয়া হ’ব !
প্ৰতিৰক্ষা মন্ত্ৰী কাটজে ইৰাণৰ সৰ্বোচ্চ নেতা আলী খোমেইনীক পোনপটীয়াকৈ সকীয়াই দি কয় যে, “যদি খোমেইনীয়ে ইজৰাইলৰ নাগৰিকৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি থাকে তেন্তে তেহৰাণ জ্বলাই দিয়া হ’ব ।” আই ডি এফৰ তথ্য অনুসৰি শুকুৰবাৰৰ নিশাৰ পৰা ইৰাণে ইজৰাইললৈ প্ৰায় ২০০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে । ইয়াৰে অধিকাংশই ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাৰ দ্বাৰা ধ্বংস হয় যদিও নিৰ্ধাৰিত প্ৰট’কল অনুসৰি প্ৰায় ২৫% ক্ষেপণাস্ত্ৰ বাধা দিব পৰা নগ’ল আৰু কিছুমান মুকলি ঠাইত পৰে ।
ইজৰাইলৰ সেনাই কয় যে কিছুমান ক্ষেপণাস্ত্ৰই প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দি আৱাসিক অঞ্চলত উপনীত হোৱাৰ ফলত টেল আভিভ, ৰমাত গান আৰু ৰিছন লেজিয়নৰ দৰে চহৰত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিসাধন হয় । এই আক্ৰমণত তিনি ইজৰাইলী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০ জন লোক আহত হৈছে । অৱশ্যে আই ডি এফে কয় যে সকলো সামৰিক আৰু বায়ুসেনাৰ ঘাটি স্বাভাৱিকভাৱে কাম কৰি আছে ।
ইজৰাইলৰ ওপৰত এশৰো অধিক ড্ৰোন নিক্ষেপ ইৰাণৰ-
শুকুৰবাৰে ইৰাণে নিক্ষেপ কৰা ১০০খন ড্ৰোনৰ উপৰিও নিশা আন বহু ড্ৰোন নিক্ষেপ কৰা হয়, যিবোৰ ইজৰাইলৰ বায়ুসেনা আৰু নৌসেনাই ধ্বংসক কৰে । ইফালে আই ডি এফৰ মুৰব্বী ইয়াল জমিৰ আৰু ইজৰাইলৰ বায়ুসেনাৰ মুৰব্বী ট’মাৰ বাৰে কয় যে “তেহৰাণলৈ যোৱাৰ পথ এতিয়া স্পষ্ট হৈছে” । সেনাই কয় যে এতিয়া ইজৰাইলৰ যুদ্ধ বিমান তেহৰাণতো চলিব ।
আই ডি এফে কয় যে ইজৰাইলৰ বায়ুসেনাই তেহৰাণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত আক্ৰমণ চলাই ইজৰাইলৰ বিমানক তাত অধিক স্বাধীনতা প্ৰদান কৰিছে । টমাৰ বাৰে কয়, “আমি একেদিনাই শ শ টাৰ্গেটত আঘাত কৰিছিলো, য’ত কেইবা ডজন বিমান বিধ্বংসী ব্যৱস্থাও আছিল ।”
তেওঁ কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইজৰাইলৰ যুদ্ধ বিমানে ১৫০০ কিলোমিটাৰ দূৰৰ পৰা তেহৰাণৰ ওপৰেৰে উৰা মাৰি ইয়াৰ প্ৰতিৰক্ষা লক্ষ্যত আক্ৰমণ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : ‘তেল এভিভক ধ্বংস কৰি দিব তেহৰাণে’; ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনীৰ প্ৰতিজ্ঞা