মধ্য ইৰাণত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ
ইজৰাইলে পুনৰবাৰ মধ্য ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে । এই আক্ৰমণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে । ইজৰাইলে তেহৰাণৰ ওপৰত এয়াৰ ছুপেৰিয়ৰিটি আৰু পশ্চিম ইৰাণৰ পৰা ৰাজধানীলৈকে আকাশী ক্ষেত্ৰত নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছে ।
ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত ইৰাণৰ অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি অব্যাহত আছে । ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি একেৰাহে চাৰিটা নিশা ইজৰাইলৰ আক্ৰমণৰ অন্তত কমেও ২৩০ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে প্ৰায় ৯০ শতাংশ লোক সাধাৰণ নাগৰিক বুলি কোৱা হৈছে ।
ইফালে ইৰাণেও ইজৰাইলৰ ওপৰত এতিয়ালৈকে ৩৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে । ইৰাণৰ আক্ৰমণৰ ফলত ইজৰাইলত ২৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে । ৫৯২ জন লোক আহত হৈছে, ইয়াৰে ১০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা আৰু উত্তেজনা হ্ৰাস কৰাৰ আহ্বানৰ পিছতো ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে তেহৰানে যুদ্ধবিৰতি আলোচনা নাকচ কৰিছে ।
কাটাৰ আৰু ওমানৰ মধ্যস্থতাকাৰীসকলক ইৰাণৰ বিষয়াসকলে জনাইছে যে ইৰাণে ইজৰাইলৰ পূৰ্বৰ আক্ৰমণৰ প্ৰতি সম্পূৰ্ণ সামৰিক প্ৰত্যুত্তৰ দিলেহে অৰ্থপূৰ্ণ আলোচনাৰ কথা বিবেচনা কৰা হ’ব ।
ইফালে ইৰাণৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু পাৰমাণৱিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাত ইজৰাইলে যথেষ্ট সফলতা লাভ কৰাৰ দাবী কৰিছে । ইজৰাইলৰ বিষয়াসকলে দাবী কৰিছে যে শেহতীয়া আক্ৰমণত ইৰাণৰ কেইবাজনো উচ্চ পদস্থ সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানী নিহত হৈছে ।
নিশাটোৰ ভিতৰতে ইজৰাইলী বাহিনীয়ে তেহৰাণত ৮০টাতকৈও অধিক লক্ষ্যত আঘাত কৰি পাৰমাণৱিক আৰু সামৰিক প্ৰতিষ্ঠানৰ বাহিৰলৈয়ো নিজৰ আক্ৰমণ সম্প্ৰসাৰিত কৰি মূল তেল ডিপো আৰু চৰকাৰী সুবিধাসমূহকো লক্ষ্য কৰি লয় ।
দেওবাৰে ইজৰাইলৰ বিমান আক্ৰমণত তেহৰাণৰ দুটা বৃহৎ ইন্ধন ডিপো ধ্বংস হোৱাৰ বিপৰীতে তেল সমৃদ্ধ খুজেস্তান প্ৰদেশৰ আহভাজো আক্ৰমণৰ সন্মুখীন হয় । ইজৰাইলী সেনাই তেহৰাণৰ আৰক্ষী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ৰ লগতে ইছফাহান চহৰৰ প্ৰতিৰক্ষা সম্পৰ্কীয় এটা ডাঙৰ স্থানকো আক্ৰমণৰ লক্ষ্য কৰি লয় ।
লগতে পঢ়ক : ইজৰাইলৰ ওপৰত এশৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ; টেল আভিভৰ পৰা হাইফালৈ ধ্বংসলীলা