ইৰাণৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা খামেইনী চৰকাৰৰ;  মছজিদত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ

ইৰাণত অধিক হিসাত্মক হৈ পৰিছে প্ৰতিবাদ। ইৰাণৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা খামেইনী চৰকাৰৰ। হিসাত্মক প্ৰতিবাদত জ্বলিছে ইৰাণ।

ইৰাণত খামেইনী চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ বিদ্ৰোহ হিসাত্মক হৈ পৰিছে।দেশখনত যোৱা ১৪ দিন ধৰি বৃহৎ সংখ্যক জনসাধাৰণে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে।

এগৰাকী চিকিৎসকে জানিবলৈ দিয়া মতে, তেহৰাণত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে কাৰণ চৰকাৰে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছে।ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনীয়ে এই প্ৰতিবাদৰ বাবে আমেৰিকাক জগৰীয়া কৰিছে।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীয়ে শনিবাৰে আস্থা প্ৰকাশ কৰে যে ইৰাণৰ জনসাধাৰণে অতি সোনকালে বিজয়ৰ অভিজ্ঞতা লাভ কৰিব।

তেওঁ X ত এটা পোষ্টত লিখিছে যে,’ঈশ্বৰৰ কৃপাত অতি সোনকালে সকলো ইৰাণী জনসাধাৰণৰ হৃদয়ত জয়ৰ অনুভৱ আহিব।’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ কৰ্তৃপক্ষক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বল প্ৰয়োগ নকৰিবলৈ বাৰে বাৰে সকীয়াই দিছে আৰু অধিক হত্যা হ’লে কঠোৰ প্ৰতিশোধৰ ভাবুকি দিছে।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীয়ে আমেৰিকাৰ সতৰ্কবাণীক আওকাণ কৰি দেশত শেহতীয়াকৈ সৃষ্টি হোৱা অশান্তিৰ বাবে বিদেশী হস্তক্ষেপৰ বাবে দোষাৰোপ কৰিছে।

ইফালে ইৰাণত প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে চৰকাৰে ইণ্টাৰনেট কৰ্তন কৰিছে।যাৰ বাবে ছ’চিয়েল মিডিয়া এই প্ৰতিবাদ সীমিত হৈ পৰিছে।

লগতে পঢ়ক: মেক্সিকোত লেণ্ড ষ্ট্ৰাইক আক্ৰমণ কৰিব আমেৰিকাই! ড’নাল্ড ট্ৰাম্পে কৰিলে ঘোষণা

মধ্য ইৰাণত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ; ইৰাণেও এতিয়ালৈকে নিক্ষেপ কৰিলে ৩৭০টা বেলিষ্টিক মিছাইল

মধ্য ইৰাণত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ

ইজৰাইলে পুনৰবাৰ মধ্য ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে । এই আক্ৰমণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে । ইজৰাইলে তেহৰাণৰ ওপৰত এয়াৰ ছুপেৰিয়ৰিটি আৰু পশ্চিম ইৰাণৰ পৰা ৰাজধানীলৈকে আকাশী ক্ষেত্ৰত নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছে ।

ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত ইৰাণৰ অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি অব্যাহত আছে । ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি একেৰাহে চাৰিটা নিশা ইজৰাইলৰ আক্ৰমণৰ অন্তত কমেও ২৩০ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে প্ৰায় ৯০ শতাংশ লোক সাধাৰণ নাগৰিক বুলি কোৱা হৈছে ।

ইফালে ইৰাণেও ইজৰাইলৰ ওপৰত এতিয়ালৈকে ৩৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে । ইৰাণৰ আক্ৰমণৰ ফলত ইজৰাইলত ২৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে । ৫৯২ জন লোক আহত হৈছে, ইয়াৰে ১০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা আৰু উত্তেজনা হ্ৰাস কৰাৰ আহ্বানৰ পিছতো ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে তেহৰানে যুদ্ধবিৰতি আলোচনা নাকচ কৰিছে ।

কাটাৰ আৰু ওমানৰ মধ্যস্থতাকাৰীসকলক ইৰাণৰ বিষয়াসকলে জনাইছে যে ইৰাণে ইজৰাইলৰ পূৰ্বৰ আক্ৰমণৰ প্ৰতি সম্পূৰ্ণ সামৰিক প্ৰত্যুত্তৰ দিলেহে অৰ্থপূৰ্ণ আলোচনাৰ কথা বিবেচনা কৰা হ’ব ।

ইফালে ইৰাণৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু পাৰমাণৱিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাত ইজৰাইলে যথেষ্ট সফলতা লাভ কৰাৰ দাবী কৰিছে । ইজৰাইলৰ বিষয়াসকলে দাবী কৰিছে যে শেহতীয়া আক্ৰমণত ইৰাণৰ কেইবাজনো উচ্চ পদস্থ সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানী নিহত হৈছে ।

নিশাটোৰ ভিতৰতে ইজৰাইলী বাহিনীয়ে তেহৰাণত ৮০টাতকৈও অধিক লক্ষ্যত আঘাত কৰি পাৰমাণৱিক আৰু সামৰিক প্ৰতিষ্ঠানৰ বাহিৰলৈয়ো নিজৰ আক্ৰমণ সম্প্ৰসাৰিত কৰি মূল তেল ডিপো আৰু চৰকাৰী সুবিধাসমূহকো লক্ষ্য কৰি লয় ।

দেওবাৰে ইজৰাইলৰ বিমান আক্ৰমণত তেহৰাণৰ দুটা বৃহৎ ইন্ধন ডিপো ধ্বংস হোৱাৰ বিপৰীতে তেল সমৃদ্ধ খুজেস্তান প্ৰদেশৰ আহভাজো আক্ৰমণৰ সন্মুখীন হয় । ইজৰাইলী সেনাই তেহৰাণৰ আৰক্ষী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ৰ লগতে ইছফাহান চহৰৰ প্ৰতিৰক্ষা সম্পৰ্কীয় এটা ডাঙৰ স্থানকো আক্ৰমণৰ লক্ষ্য কৰি লয় ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত এশৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ; টেল আভিভৰ পৰা হাইফালৈ ধ্বংসলীলা

উত্তেজনাৰ মাজতই ইৰাণে উপগ্ৰহ উৎক্ষেপণৰ দাবী ; তেহৰাণক বেলিষ্টিক মিছাইল সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ কৰাৰ দাবী   

ইজৰাইলৰ সৈতে তীব্ৰ উত্তেজনাৰ মাজতে ইৰাণে সফলতাৰে মহাকাশলৈ প্ৰক্ষেপণ কৰা বুলি দাবী কৰি এক আলোড়নৰ সৃষ্টি কৰিছে। তেহৰানে সোমবাৰে সফল উৎক্ষেপণৰ দাবী কৰিছিল।

এইটো ইয়াৰ শেহতীয়া উৎক্ষেপণ কাৰ্যসূচীৰ অংশ, যাক পশ্চিমীয়া দেশবোৰে সমালোচনা কৰিছে।পশ্চিমীয়া দেশসমূহে তেহৰাণক ইয়াৰ বেলিষ্টিক মিছাইল কাৰ্যসূচীৰ প্ৰচাৰ কৰাৰ অভিযোগ কৰিছে।

এইটো ইৰাণৰ এটা অতি গোপন উৎক্ষেপণ কাৰ্যসূচী আছিল। উৎক্ষেপণ সফল হোৱাৰ পিছত, ইয়াৰ তথ্য ইৰাণে শ্বেয়াৰ কৰিছে।

ইৰাণে উপগ্ৰহ কঢ়িওৱা বাহন ব্যৱহাৰ কৰি ‘চিমৰ্গ’ বাহনৰ জৰিয়তে উপগ্ৰহটো উৎক্ষেপণ কৰিছে। ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি আন দেশসমূহে ইৰাণৰ এই উৎক্ষেপণৰ পৰ্যালোচনা কৰিবলৈ একত্ৰিত হৈছে আৰু সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰি আছে।

ইয়াৰ পূৰ্বে ইৰাণৰ পৰা আৰম্ভ কৰা বহুতো প্ৰচেষ্টা বিফল হৈছে।উৎক্ষেপণটো ইৰাণৰ চেমনান প্ৰদেশৰ ইমাম খোমেনি স্পেচপোৰ্টৰ পৰা সম্পন্ন কৰা হৈছিল।

উৎক্ষেপণৰ সফলতা তাৎক্ষণিকভাৱে স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা নগ’ল। কিন্তু ইৰানে ইয়াক সফল বুলি দাবী কৰিছিল।

গাজা ষ্ট্ৰিপত হামাসৰ বিৰুদ্ধে ইজৰাইলৰ চলিত যুদ্ধ আৰু লেবাননত দুৰ্বল যুদ্ধবিৰতি চুক্তিক লৈ পশ্চিম এছিয়াত বৰ্ধিত উত্তেজনাৰ মাজত ইৰাণৰ দ্বাৰা এই উৎক্ষেপণ কৰা হৈছে।

আমেৰিকাই আগতে কৈছিল যে ইৰাণৰ উপগ্ৰহ উৎক্ষেপণে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ উলংঘা কৰিছে আৰু তেহৰাণক পাৰমাণৱিক অস্ত্ৰ প্ৰদান কৰিব পৰা বেলিষ্টিক মিছাইল সম্পৰ্কীয় যিকোনো কাৰ্যকলাপ বন্ধ কৰিবলৈ কৈছে।