ইজৰাইলৰ ওপৰত এশৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ
ইৰাণে গভীৰ নিশা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । শেহতীয়া খবৰ অনুসৰি ‘অপাৰেচন ট্ৰু প্ৰমিজ-III’ৰ অধীনত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে ইজৰাইলৰ লক্ষ্যত এশৰো অধিক বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰি টেল আভিভ, হাইফা, জেৰুজালেম, বেন গুৰিয়ান বিমানবন্দৰৰ দৰে বৃহৎ অঞ্চলত ব্যাপক ধ্বংসলীলা চলাই ।
ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হাইফাৰ তেল শোধনাগাৰ আৰু শক্তি কেন্দ্ৰৰ ব্যাপক ক্ষতিসাধন হয় । এই আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ লগে লগে বিশাল জুইৰ শিখা বৃদ্ধি হোৱা দেখা গৈছে । ইজৰাইলৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি হাইফাৰ সমীপৰ তামৰাত দুমহলীয়া অট্টালিকাত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩জন লোক আহত হয় ।
ইজৰাইলৰ আৰ্মী ৰেডিঅ’ই নিশ্চিত কৰিছে যে টেল আভিভৰ কেইবাটাও অঞ্চল ৰকেট আক্ৰমণৰ সন্মুখীন হৈছে আৰু এটা অট্টালিকাত পোনপটীয়াকৈ আঘাত হানিছে । পশ্চিম জেৰুজালেম আৰু বেন গুৰিয়ান বিমানবন্দৰৰ সমীপতো তীব্ৰ বিস্ফোৰণ সংঘটিত হয় । এই আক্ৰমণত কমেও ৪ জন লোক নিহত হোৱাৰ বিপৰীতে ৪৯৯ জনতকৈ অধিক লোক আহত হৈছে । অৱশ্যে ইজৰাইলী সেনাই এই পৰ্যন্ত এজনৰ মৃত্যু আৰু ৩জন আহত হোৱা বুলি নিশ্চিত কৰিছে ।
ইজৰাইলৰ প্ৰত্যাক্ৰমণ-
ইৰাণৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ডাঙৰ প্ৰতিশোধ লয় । আই ডি এফে তেহৰাণত ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্পৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ স্থানক লক্ষ্য কৰি আক্ৰমণ চলাইছে । ইয়াৰ ভিতৰত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়, এছ পি এনডি প্ৰকল্প আৰু ইৰাণৰ পাৰমাণৱিক আৰ্কাইভ লুকুৱাই ৰখা অন্যান্য স্থানসমূহো আছে ।
আই ডি এফে কয়, ‘ইৰাণে নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিছে, আমাৰ হাতত ব্যৱস্থা লোৱাৰ বাহিৰে আন উপায় নাই । এইটো এনে এক ভাবুকি যাক বিশ্বই আওকাণ কৰিব নোৱাৰে ।’
আই ডি এফে এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে ইৰাণে বহু সংখ্যক ড্ৰোন প্ৰেৰণ কৰিছিল, যিবোৰ ইজৰাইলৰ এয়াৰ ডিফেন্স চিষ্টেমে বাধা দিছিল । অৱশ্যে কিছুমান ড্ৰোন আৰু মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দি লক্ষ্যত উপনীত হয় ।
আনহাতে ইৰাণৰ সেনাই টেলিগ্ৰাম চেনেলত কয় যে এই আক্ৰমণ ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ প্ৰত্যুত্তৰত কৰা হৈছে । ইৰাণে স্পষ্ট কৰি দিছে যে যদি ইজৰাইলে এই আক্ৰমণ অব্যাহত ৰাখে তেন্তে ইয়াৰ প্ৰত্যাক্ৰমণ আৰু কঠোৰ হ’ব ।