আই চি চিয়ে বৃদ্ধি কৰিলে মহিলা বিশ্বকাপৰ পুৰস্কাৰৰ ধন
মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৰস্কাৰৰ ধন আচৰিত ভাৱে বৃদ্ধি পাবলৈ গৈ আছে । ১ ছেপ্টেম্বৰ, সোমবাৰে আই চি চিয়ে মহিলা বিশ্বকাপ ২০২৫ৰ বাবে মুঠ ১২২.৫ কোটি টকা (১৩.৮৮ মিলিয়ন মাৰ্কিন ডলাৰ) ঘোষণা কৰে । এই ধনৰাশি পূৰ্বৰ বিশ্বকাপতকৈ প্ৰায় ২৯৭ শতাংশ বেছি । বিশেষ কথাটো হ’ল ২০২৫ চনৰ মহিলা বিশ্বকাপত বিজয়ী দলে যি ধন লাভ কৰিব সেয়া পুৰুষৰ বিশ্বকাপৰ চেম্পিয়নতকৈও অধিক হ’ব ৷
বিজয়ী দলে লাভ কৰিব ৩৯.৪ কোটি টকা-
এই প্ৰতিযোগিতাত জয়ী হোৱা দলটোৱে লাভ কৰিব ৪৪.৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৩৯.৪ কোটি টকা)। এই পুৰস্কাৰৰ ধন এতিয়ালৈকে সৰ্বাধিক আৰু বিগত বিশ্বকাপ (২০২২)তকৈ প্ৰায় ডেৰ-দুগুণ বেছি ।
ৰানাৰ্ছ আপ আৰু ছেমি ফাইনেলৰ পৰাজিত দল-
বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটোক ২২.৪ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৯.৭ কোটি টকা) দিয়া হ’ব । বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হোৱা দলে লাভ কৰিব ১১.২ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৯.৮ কোটি টকা) পুৰস্কাৰ ।
গ্ৰুপ ষ্টেজ আৰু অন্যান্য পুৰস্কাৰ-
গ্ৰুপ পৰ্যায়ৰ প্ৰতিখন মেচত জয়ী হোৱাৰ বাবে দলক দিয়া হ’ব ৩৪,৩১৪ মাৰ্কিন ডলাৰ (প্ৰায় ৩০.১৯ লাখ টকা)।
পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে লাভ কৰিব ৭ লাখ ডলাৰ (প্ৰায় ৬.১৬ কোটি টকা) ।
সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে ২.৮ লাখ ডলাৰ (প্ৰায় ২.৪৬ কোটি টকা) পুৰস্কাৰ লাভ কৰিব ।
প্ৰতিটো দলক গ্ৰুপ ষ্টেজৰ অংশগ্ৰহণ মাচুল হিচাপে পৃথকে পৃথকে ২.৫ লাখ ডলাৰ (প্ৰায় ২.২ কোটি টকা) দিয়া হ’ব ।
জয় শ্বাহৰ ডাঙৰ মন্তব্য-
আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয় যে এই সিদ্ধান্তই মহিলা ক্ৰিকেটৰ ভৱিষ্যতক এক নতুন দিশ প্ৰদান কৰিব । তেওঁ কয়, “মহিলা ক্ৰিকেটৰ যাত্ৰাৰ এয়া এক ঐতিহাসিক মাইলৰ খুঁটি । পুৰস্কাৰৰ ধনৰ এই চাৰিগুণ বৃদ্ধিয়ে প্ৰমাণ কৰিছে যে এতিয়া মহিলা ক্ৰিকেটকো পুৰুষৰ সমান মৰ্যাদা দিয়া হৈছে । আমাৰ বাৰ্তা স্পষ্ট, যদি মহিলাসকলে এই খেলখন পেছাদাৰীভাৱে বাছি লয়, তেন্তে তেওঁলোকেও পুৰুষ খেলুৱৈয়ে পোৱা সন্মান আৰু সুযোগ লাভ কৰিব ।”
ক’ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা-
ত্ৰয়োদশ সংস্কৰণৰ মহিলা বিশ্বকাপ ২০২৫ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব । ভাৰতত গুৱাহাটী, ইন্দোৰ, নৱী মুম্বাই আৰু বিশাখাপট্টনমে এই প্ৰতিযোগিতাৰ আয়োজনৰ অধিকাৰ লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাত খেলসমূহ কলম্বোত অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট; ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে দিব লাগিব পৰীক্ষা