‘ৰঙালী, নৰ্থ-ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি’… মুখ্যমন্ত্ৰীৰ মন্তব্য
‘শ্যামকানু মহন্তৰ ৰঙালী, নৰ্থ-ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি । শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানে অসমীয়া সংস্কৃতিক প্ৰতিনধিত্ব নকৰে’ । এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে সাংবাদিকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰ দি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, শ্যামকানু মহন্তৰ অনুষ্ঠানসমূহ অসমীয়া সংস্কৃতিৰ লগত জড়িতই নহয় । তেওঁ কয়, “মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে যোৱা নাছিলো । এবাৰ জজ ফিল্ডত তেওঁৰ এটা অনুষ্ঠানত গৈছিলো । কিন্তু তাত সোমাওতেই মঞ্চৰ পৰা গাহৰি গাহৰি কৈ থকা কিছুমান শব্দ শুনিলোঁ । তেতিয়া মই ভাবিলো ইয়াৰ বিহুৰ লগত কি সম্পৰ্ক, সেয়েহে মই গেটৰ পৰাই উভতি আহিলো । গতিকে মই মোৰ সমষ্ট ৰাজনৈতিক কেৰিয়াৰত মাত্ৰ এবাৰ তেওঁ দিল্লীত পতা এটা অনুষ্ঠানত গৈছিলো প্ৰায় ৮ বছৰ পূৰ্বে । ইয়াৰ বাহিৰে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে মই নগৈছিলো, ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানসমূহ মই উতসাহিত কৰা নাছিলো ।“
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, জুবিন গাৰ্গৰ সৈতে যিখিন ঘটনা হল, তাৰ পিছতে ৰাজ্য চৰকাৰে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে বিত্তীয় সহযোগিতা আগনবঢ়োৱাৰ সিদ্ধান্ত লৈছে । লগতে এনে অনুষ্ঠানত ৰাজ্য চৰকাৰ জড়িতও হৈ নাথাকে, লগতে শ্যামকানু মহন্তক অসমত কোনো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈয়ো দিয়া নহয় বুলি মুখ্যমন্ত্ৰী মন্তব্য কৰে । ইফালে শ্যামকানু মহন্তৰ যিকোনো অনুষ্ঠানক যাতে স্পনছৰ নকৰে, কোনো সহযোগিতা নকৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰকো জনোৱা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে । কাৰণ শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানে অসমীয়া সংস্কৃতিক প্ৰতিনধিত্ব নকৰে ।
আনহাতে শ্যামকানু মহন্তৰ সৈতে ব্যক্তিগতভাৱে কোনো কথাও পতা নাছিল বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ মোবাইলত শ্যামকানুৰ অজস্ৰ মেছেজ আছিল আৰু সেইসমূহৰ কোনো উত্তৰ দিয়া নাছিল বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “শ্যামকানুৰ ওপৰত মোৰ যিটো দৃষ্টিভংগী সেইটো তেওঁ জানে । মই কেইবাদিনে শ্যামকানুক কৈছো যে তেওঁ যিটো কৰে সেয়া উচিত নহয় । অসমখনক লৈ শ্যাকানৱে যি অপ-সংস্কৃতি প্ৰচাৰ কৰিছিল তাক মই কেতিয়াও সমৰ্থন কৰা নাছিলো । সেয়েহে শ্যামকানুৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল । শ্যামকানু মহন্তৰ ৰঙালীয়েই হওক বা নৰ্থ-ইষ্ট ফেষ্টিভেলেই হওক ই কেতিয়াও অসমক প্ৰতিনিধিত্ব নকৰে আৰু তেও সম্পূৰ্ণ বিজতৰীয়া সংসক্ৃতি এটাক আগুৱাই লৈ গৈছিল ।“
লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য…