ভাৰতক ঘেৰিবলৈ চীন-পাকিস্তানৰ নতুন ষড়যন্ত্ৰ
দক্ষিণ এছিয়াত কূটনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে । চীন আৰু পাকিস্তানে একেলগ হৈ এইবাৰ ভাৰতক চাৰিওফালৰ ঘেৰিবলৈ পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে । পাকিস্তান আৰু চীনে একেলগে কাম কৰি নতুন আঞ্চলিক সংগঠনৰ ষড়যন্ত্ৰ কৰি আছে, যিয়ে দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যন (ছাৰ্ক)ৰ ঠাই ল’ব পাৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই নতুন সংগঠন গঠন কৰি আঞ্চলিক দেশসমূহক একত্ৰিত কৰি বাণিজ্য আৰু সংযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব । বিশেষ কথাটো হ’ল এই মঞ্চত যোগদান কৰিবলৈ ভাৰতকো আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা আছে ।
ইছলামবাদৰ কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি পাকিস্তানৰ ‘এক্সপ্ৰেছ ট্ৰিবিউন’ নামৰ কাকতখনে দাবী কৰিছে যে এই নতুন সংগঠনটো সন্দৰ্ভত চীন আৰু পাকিস্তানৰ মাজত আলোচনা চূড়ান্ত পৰ্যায়ত আছে । দুয়োখন দেশৰ মতে দক্ষিণ এছিয়াত বহনক্ষম উন্নয়ন আৰু পাৰস্পৰিক সংযোগৰ বাবে এনে এটা সংগঠন প্ৰয়োজনীয় । কোৱা হৈছে যে এই সংগঠনৰ গাঁথনি কিছু পৰিমাণে ছাৰ্কৰ সৈতে মিল থাকিব, কিন্তু ইয়াত চীনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ।
বাংলাদেশৰ ভূমিকা সম্পৰ্কেও প্ৰশ্ন-
প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ চীনৰ কুনমিং চহৰত পাকিস্তান, চীন আৰু বাংলাদেশৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । ইয়াক এই নতুন সংগঠনৰ প্ৰস্তুতি হিচাপে দেখা গৈছে । কিন্তু বাংলাদেশে কোনো ৰাজনৈতিক মিত্ৰতাৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছে । বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনে কয় যে এই বৈঠক কেৱল সাধাৰণ কথা-বতৰাহে আছিল, কোনো মিত্ৰতা গঠনৰ পৰিকল্পনা নাই ।
এই দেশসমূহকো অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি-
এই প্ৰস্তাৱিত সংস্থাটোত ভাৰত, শ্ৰীলংকা, মালদ্বীপ আৰু আফগানিস্তানক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে । কোৱা হৈছে যে ইয়াৰ জৰিয়তে বাণিজ্য, সংযোগ আৰু আঞ্চলিক সহযোগিতা বৃদ্ধি কৰা হ’ব । কিন্তু বৰ্তমান ভাৰত আৰু চীনৰ মাজত থকা উত্তেজনা আৰু পাকিস্তানৰ পুৰণি মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত ভাৰতৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।
উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি নিষ্ক্ৰিয় হৈ আছে ছাৰ্ক সংগঠন । ২০১৪ চনৰ পিছত এই সংগঠনৰ কোনো শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱা নাই । ২০১৬ চনত ইছলামবাদত অনুষ্ঠিত হ’ব লগা আছিল ছাৰ্ক সন্মিলন, কিন্তু জম্মু-কাশ্মীৰত উৰি আক্ৰমণৰ পিছত ভাৰতে ইয়াত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছত বাংলাদেশ, ভূটান আৰু আফগানিস্তানেও সন্মিলন বৰ্জন কৰে । তেতিয়াৰ পৰাই এই সংগঠনটো নিষ্ক্ৰিয় হৈ আছে ।
লগতে পঢ়ক : ‘যেতিয়ালৈকে কানাডাই কৰ আঁতৰ নকৰে, তেতিয়ালৈকে কোনো আলোচনা নহ’ব’; ট্ৰাম্পৰ ডাঙৰ ঘোষণা