ভাৰতক ঘেৰিবলৈ চীন-পাকিস্তানৰ নতুন ষড়যন্ত্ৰ; ছাৰ্কক একাষৰীয়া কৰাৰ প্ৰস্তুতি !

ভাৰতক ঘেৰিবলৈ চীন-পাকিস্তানৰ নতুন ষড়যন্ত্ৰ

দক্ষিণ এছিয়াত কূটনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে । চীন আৰু পাকিস্তানে একেলগ হৈ এইবাৰ ভাৰতক চাৰিওফালৰ ঘেৰিবলৈ পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে । পাকিস্তান আৰু চীনে একেলগে কাম কৰি নতুন আঞ্চলিক সংগঠনৰ ষড়যন্ত্ৰ কৰি আছে, যিয়ে দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যন (ছাৰ্ক)ৰ ঠাই ল’ব পাৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই নতুন সংগঠন গঠন কৰি আঞ্চলিক দেশসমূহক একত্ৰিত কৰি বাণিজ্য আৰু সংযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব । বিশেষ কথাটো হ’ল এই মঞ্চত যোগদান কৰিবলৈ ভাৰতকো আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা আছে ।

ইছলামবাদৰ কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি পাকিস্তানৰ ‘এক্সপ্ৰেছ ট্ৰিবিউন’ নামৰ কাকতখনে দাবী কৰিছে যে এই নতুন সংগঠনটো সন্দৰ্ভত চীন আৰু পাকিস্তানৰ মাজত আলোচনা চূড়ান্ত পৰ্যায়ত আছে । দুয়োখন দেশৰ মতে দক্ষিণ এছিয়াত বহনক্ষম উন্নয়ন আৰু পাৰস্পৰিক সংযোগৰ বাবে এনে এটা সংগঠন প্ৰয়োজনীয় । কোৱা হৈছে যে এই সংগঠনৰ গাঁথনি কিছু পৰিমাণে ছাৰ্কৰ সৈতে মিল থাকিব, কিন্তু ইয়াত চীনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ।

বাংলাদেশৰ ভূমিকা সম্পৰ্কেও প্ৰশ্ন-

প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ চীনৰ কুনমিং চহৰত পাকিস্তান, চীন আৰু বাংলাদেশৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । ইয়াক এই নতুন সংগঠনৰ প্ৰস্তুতি হিচাপে দেখা গৈছে । কিন্তু বাংলাদেশে কোনো ৰাজনৈতিক মিত্ৰতাৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছে । বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনে কয় যে এই বৈঠক কেৱল সাধাৰণ কথা-বতৰাহে আছিল, কোনো মিত্ৰতা গঠনৰ পৰিকল্পনা নাই ।

এই দেশসমূহকো অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি-

এই প্ৰস্তাৱিত সংস্থাটোত ভাৰত, শ্ৰীলংকা, মালদ্বীপ আৰু আফগানিস্তানক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে । কোৱা হৈছে যে ইয়াৰ জৰিয়তে বাণিজ্য, সংযোগ আৰু আঞ্চলিক সহযোগিতা বৃদ্ধি কৰা হ’ব । কিন্তু বৰ্তমান ভাৰত আৰু চীনৰ মাজত থকা উত্তেজনা আৰু পাকিস্তানৰ পুৰণি মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত ভাৰতৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি নিষ্ক্ৰিয় হৈ আছে ছাৰ্ক সংগঠন । ২০১৪ চনৰ পিছত এই সংগঠনৰ কোনো শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱা নাই । ২০১৬ চনত ইছলামবাদত অনুষ্ঠিত হ’ব লগা আছিল ছাৰ্ক সন্মিলন, কিন্তু জম্মু-কাশ্মীৰত উৰি আক্ৰমণৰ পিছত ভাৰতে ইয়াত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছত বাংলাদেশ, ভূটান আৰু আফগানিস্তানেও সন্মিলন বৰ্জন কৰে । তেতিয়াৰ পৰাই এই সংগঠনটো নিষ্ক্ৰিয় হৈ আছে ।

লগতে পঢ়ক : ‘যেতিয়ালৈকে কানাডাই কৰ আঁতৰ নকৰে, তেতিয়ালৈকে কোনো আলোচনা নহ’ব’; ট্ৰাম্পৰ ডাঙৰ ঘোষণা

ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ বাবে ভাৰতৰ সমৰ্থন বিচাৰিছে বাংলাদেশে..জয়শংকৰৰ সৈতে হোৱা বৈঠকত ক’লে এই কথা

বাংলাদেশৰ বিদেশ উপদেষ্টা তৌহিদ হোছেইনে মাস্কটত অনুষ্ঠিত বহুপক্ষীয় সন্মিলনৰ সময়ত SAARC (South Asian Association for Regional Cooperation) পুনৰুজ্জীৱিত কৰাৰ বাবে ভাৰতৰ সমৰ্থন বিচাৰিছে । দেওবাৰে হুছেইনে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে এখন বৈঠকত মিলিত হয় ।

ওমানৰ ৰাজধানী মাস্কটত অনুষ্ঠিত অষ্টম ভাৰত মহাসাগৰীয় সন্মিলনৰ সময়ত জয়শংকৰ আৰু হুছেইনৰ সাক্ষাৎৰ পিছতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে । ইয়াত কোৱা হৈছে, ‘হুছেইনে ১৯৯৬ চনত স্বাক্ষৰিত গংগা জল সন্ধিৰ নবীকৰণৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল আৰু ছাৰ্কৰ স্থায়ী সমিতিৰ বৈঠক আহ্বান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এই বিষয়ত নতুন দিল্লীৰ সমৰ্থন বিচাৰিছিল ।’

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে স্থগিত ৰখা হৈছে ছাৰ্ক-

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে দীৰ্ঘদিন ধৰি স্থগিত ৰখা ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে । বৈঠক সন্দৰ্ভত জয়শংকৰে ‘এক্স’ত পোষ্ট কৰে । অৱশ্যে ইয়াত ছাৰ্কৰ কথা উল্লেখ কৰা হোৱা নাই । জয়শংকৰে টুইটাৰত লিখিছে- “বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বিদেশ উপদেষ্টা মহম্মদ তৌহিদ হুছেইনক সাক্ষাৎ কৰোঁ । আলোচনাত আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে বিমষ্টেকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । চলিত বৰ্ষৰ ২ৰ পৰা ৪ এপ্ৰিললৈ বেংককত অনুষ্ঠিত হ’ব ষষ্ঠ বিমষ্টেক সন্মিলন । ইয়াৰ পিছত থাইলেণ্ডৰ ঠাইত বাংলাদেশে অধ্যক্ষৰ দায়িত্ব ল’ব ।”

বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ কৰি কি ক’লে-

বিবৃতিটোত কোৱা হৈছে যে দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি সেইবোৰৰ সমাধানৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ আঁৰত বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে বৈঠকত মিলিত হৈছিল । ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত ব্যাপক প্ৰতিবাদৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰৰ পতন ঘটে । ইয়াৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয় ।