এছিয়া কাপ ‘বৰ্জন’ কৰিবলৈ সাজু বি চি চি আই
এছিয়া কাপ ২০২৫ লৈ অব্যাহত আছে অনিশ্চয়তা । প্ৰতিবেদন অনুসৰি যদি এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা (এ জি এম) ঢাকাত অনুষ্ঠিত হয়, তেন্তে বি চি চি আইয়ে যিকোনো প্ৰস্তাৱক “বৰ্জন” কৰিব পাৰে । টি-২০ ফৰ্মেটত ছটা দলৰ মাজত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা এছিয়া কাপৰ ভৱিষ্যত অনিশ্চিত । ভাৰত এই প্ৰতিযোগিতাৰ নিৰ্দিষ্ট আয়োজক আৰু এ চি চিয়ে এতিয়াও ঘোষণা কৰা নাই প্ৰতিযোগিতাখনৰ সূচী বা স্থান । আনহাতে, ছেপ্টেম্বৰ মাহত প্ৰতিযোগিতাখনৰ আয়োজনৰ কথা আছিল যদিও এতিয়া এই প্ৰতিযোগিতাৰ ওপৰত সংকটৰ ডাৱৰ উৰিছে ।
উল্লেখ্য যে ২৪ জুলাইত ঢাকাত সভা অনুষ্ঠিত হোৱাৰ কথা । কিন্তু শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশৰ মাজত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বৈঠকৰ বাবে যাত্ৰা কৰিবলৈ অস্বীকাৰ কৰিছে । শেহতীয়াকৈ বি চি চি আই আৰু বি চি বিয়ে পাৰস্পৰিকভাৱে ভাৰতৰ বাংলাদেশ ভ্ৰমণ ২০২৫ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছিল ।
পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকভি এ চি চিৰ নেতৃত্বত আছে । প্ৰকাশিত বাতৰি অনুসৰি বৈঠক সন্দৰ্ভত নাকভিয়ে ভাৰতৰ ওপৰত “অপ্ৰয়োজনীয় হেঁচা” প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে । লগতে বি চি চি আইয়ে সংস্থাটোৰ অধ্যক্ষক সভাৰ স্থান সলনি কৰিবলৈ অনুৰোধ জনাইছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই ।
প্ৰতিবেদন অনুসৰি ভাৰতৰ বাহিৰেও শ্ৰীলংকা, আফগানিস্তান আৰু ওমানৰ ক্ৰিকেট ব’ৰ্ডেও এই বৈঠকৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল’ব পাৰে । এই দেশসমূহেও ঢাকাক বৈঠকৰ স্থান হিচাপে লোৱাত আপত্তি প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : ‘ঋষভ পন্তক চতুৰ্থ টেষ্টৰ পৰা আঁতৰাই ৰাখক’;ৰবি শাস্ত্ৰীয়ে টিম ইণ্ডিয়াক দিলে পৰামৰ্শ