এতিয়া শাকৰ বতৰ। এই সময়ছোৱাত সকলো বজাৰতে শাক একেবাৰে সহজলভ্য।শাক বহু পুষ্টিৰে সমৃদ্ধ। সেউজীয়া শাক বুলিলে প্ৰথমে পালেং শাকৰ কথায়েই মনলৈ আহে।পালেং শাক অতি জনপ্ৰিয় শাক । ভাৰতৰ লগতে ভাৰতৰ বাহিৰটো ইয়াৰ চাহিদা আছে ।
ইয়াত ভিটামিন-এ, ভিটামিন-বি ২, ভিটামিন-চি, ভিটামিন-ই, কেলচিয়াম, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, ফছফৰাছ, চেলেনিয়াম, প্ৰ’টিন আৰু আঁহ যথেষ্ট পৰিমাণে থাকে।পালেং শাক খালে আমাৰ বিভিন্ন ৰোগ নিৰাময়ৰ হয়।জানো আহক পালেং শাকৰ উপকাৰিতা–
# চকুৰ ৰশ্মি কমিলে নিয়মিত পালেং শাক খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমানে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়।
# পালেং পাতৰ ৰস আধাগিলাচ গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।
# পালেং পাতৰ ৰস আৰু গ্লিছাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেং পাত পিচিলৈ মুখত লেপদি ২০মিনিটৰ পিছত ভালকৈ ধুব লাগে । ইয়াৰ ফলত মুখj ,ক’লা দাগ আৰু শালমন ভাল হয় ।
#পালেং শাকত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে। যাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ’পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ ভাল হয়।
# পালেং শাক খালে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ নিৰাময় কৰাত সহায় কৰে।
# পালেং শাকত খালে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।
# পালেং শাকত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা , গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী।
# পালেং শাক খালে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিচ ৰোগীয়ে পালেং শাক খালে চকুৰ সমস্যাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰে।
#পালেং খালে বাৰ্ধক্যৰ চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও চপল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।
#পালেং শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে।
(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)