পঢ়াৰ সময়ত অনুসৰণ কৰক এই ৫টা উপায়, কেতিয়াও ভংগ নহয় আপোনাৰ মনোযোগ!

ডাঙৰ প্ৰত্যাহ্বানটো কিতাপ বা কঠিন পাঠ্যক্ৰম নহয়, বৰঞ্চ পঢ়াৰ পৰা মনোযোগ ভংগ হোৱাটোৱেহে হৈ পৰিছে

বৰ্তমান সময়ত শিক্ষাৰ্থীসকলৰ বাবে পঢ়া-শুনাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কিতাপ বা কঠিন পাঠ্যক্ৰম নহয়, বৰঞ্চ পঢ়াৰ পৰা মনোযোগ ভংগ হোৱাটোৱেহে হৈ পৰিছে । বহু ছাত্ৰ-ছাত্ৰীয়ে বুকুত অযুত হেঁপাহ আৰু সম্পূৰ্ণ শক্তিৰে পঢ়িবলৈ বহে যদিও মাত্ৰ কেইমিনিটমানৰ পিছতেই তেওঁলোকৰ মনোযোগ ম’বাইল ফোন, ছচিয়েল মিডিয়াৰ নোটিফিকেচন বা অন্য পাৰিপাৰ্শ্বিক কামৰ দিশলৈ ঢল খায় ।

বিশেষজ্ঞসকলৰ মতে, ঘণ্টাৰ পিছত ঘণ্টা কিতাপৰ সন্মুখত বহি থকাৰ মানে এইটো কেতিয়াও নহয় যে পঢ়া-শুনা ফলপ্ৰসূ হৈছে । আচলতে, ভাল ফলাফল লাভ কৰাটো কেৱল দীঘলীয়া সময় ধৰি বহি থকাৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ সঠিক পদ্ধতিৰে পঢ়াৰ ওপৰতহে নিৰ্ভৰ কৰে । যদি পঢ়াৰ সময়ত মনোযোগ অটুট থাকে আৰু শিকা কথাবোৰ দীৰ্ঘ সময়লৈ মনত থাকে, তেন্তে কম সময় পঢ়িও আশানুৰূপ ফলাফল লাভ কৰিব পৰা যায় ।

শিক্ষাৰ্থীসকলৰ এই গুৰুতৰ সমস্যাক দূৰ কৰিবলৈ বিশেষজ্ঞসকলে ৫টা বিশেষ উপায় অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে, যাৰ দ্বাৰা পঢ়াৰ পৰা মনোযোগ কেতিয়াও হেৰাই নাযায়:

সৰু সৰু ‘ষ্টাডী চেশ্বন’ প্ৰস্তুত কৰক:

একেলেথাৰিয়ে কেইবা ঘণ্টাও পঢ়াৰ পৰিৱৰ্তে ২৫ৰ পৰা ৩০ মিনিট সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়ক আৰু তাৰ পিছত ৫ মিনিটৰ এটা চুটি বিৰতি লওক । এই বিৰতিৰ সময়ছোৱাত অলপ খোজ কাঢ়িব পাৰে, পানী খাব পাৰে বা চকুহালক জিৰণি দিব পাৰে । নিয়মীয়াকৈ এনে চুটি বিৰতি ল’লে মগজু সজীৱ হৈ থাকে আৰু পুনৰ পঢ়াত মনোযোগ দিয়াটো সহজ হয় । কোনো বিৰতি নোলোৱাকৈ পঢ়িলে মানসিক ক্লান্তি বৃদ্ধি পায় আৰু মনত ৰখাৰ ক্ষমতা হ্ৰাস পায় ।

ম’বাইল আৰু ডিজিটেল ডিষ্ট্ৰেকচনৰ পৰা দূৰত্ব:

আজিকালি পঢ়া-শুনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল ম’বাইল ফোন । প্ৰতি কেইমিনিটমানৰ মূৰে মূৰে অহা নোটিফিকেচনে মগজুৰ একাগ্ৰতা সম্পূৰ্ণৰূপে নষ্ট কৰে । সেয়ে পঢ়া আৰম্ভ কৰাৰ আগতে ফোনটো সাইলেন্ট বা ‘ডু নট ডিষ্টাৰ্ব’ মোডত ৰাখক । সম্ভৱ হ’লে ম’বাইলটো অন্য এটা ৰুমত থৈ দিয়ক । অনলাইন পঢ়াৰ সময়ত কেৱল প্ৰয়োজনীয় এপসমূহহে ব্যৱহাৰ কৰক ।

এটা সময়ত কেৱল এটা বিষয়তে গুৰুত্ব দিয়ক:

বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ সময়ত একেলগে গান শুনা, চেট কৰা বা বাৰে বাৰে বিষয় সলনি কৰাৰ দৰে ‘মাল্টিটাস্কিং’ কৰিবলৈ লয় । বিশেষজ্ঞসকলৰ মতে, ই মগজুত অতিৰিক্ত চাপৰ সৃষ্টি কৰে আৰু তথ্যসমূহ সঠিকভাৱে মনত ৰখাত বাধা দিয়ে । গতিকে, এটা সময়ত কেৱল এটা বিষয়তে মনোযোগ দিয়াটো জৰুৰী ।

পৰ্যাপ্ত টোপনি আৰু সন্তুলিত আহাৰ:

মনোযোগ আৰু স্মৃতিশক্তি অটুট ৰাখিবলৈ দৈনিক ৭ৰ পৰা ৮ ঘণ্টাৰ ভাল টোপনি অত্যন্ত প্ৰয়োজনীয় । ইয়াৰ লগতে ফল-মূল, সেউজীয়া শাক-পাচলি, ড্ৰাই ফ্ৰুটছ আৰু প্ৰটিনযুক্ত সন্তুলিত খাদ্য গ্ৰহণ কৰিব লাগে । শৰীৰত পানীৰ অভাৱ হ’লেও একাগ্ৰতা প্ৰভাৱিত হ’ব পাৰে, সেয়ে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী ।

ধ্যান আৰু নিয়মীয়া পুনৰীক্ষণ:

দৈনিক অন্ততঃ কেইমিনিটমানৰ বাবে হ’লেও ধ্যান বা গভীৰ উশাহ-নিশাহ লোৱাৰ অভ্যাস কৰিলে মানসিক চাপ বহুখিনি হ্ৰাস পায় আৰু মন শান্ত থাকে । ই পঢ়াৰ মনোযোগ বৃদ্ধি কৰে । ইয়াৰ উপৰিও, কেৱল নতুন নতুন বিষয় পঢ়ি থকাতকৈ পূৰ্বে পঢ়া বিষয়সমূহৰ নিয়মীয়া পুনৰীক্ষণ (Revision) কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ দ্বাৰা তথ্যবোৰ দীৰ্ঘ সময়লৈ মনত থাকে আৰু পৰীক্ষাৰ প্ৰস্তুতি শ্ৰেষ্ঠ হৈ উঠে ।

লগতে পঢ়ক : সম্পৰ্কত দূৰত্ব বাঢ়িছে নেকি? আপোন সম্পৰ্কটোক পুনৰ জীয়াই তুলিবলৈ অনুসৰণ কৰক এই ৮ টা সহজ উপায়

জানক ভাল টোপনিৰ বাবে ৫ টা স্বাস্থ্যকৰ অভ্যাস

নিশা বহু দেৰিলৈ ম’বাইল স্ক্রল কৰা, কামৰ হেঁচাত পলমকৈ শুৱা বা টোপনিৰ সৈতে বুজাবুজি কৰাটো বৰ্তমান সময়ত এক সুলভ অভ্যাসত পৰিণত হৈছে

বৰ্তমানৰ এই ব্যস্ততাপূৰ্ণ আধুনিক জীৱনশৈলীত বহু লোকৰ বাবেই অনিদ্ৰা বা টোপনিৰ সমস্যা এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । নিশা বহু দেৰিলৈ ম’বাইল স্ক্রল কৰা, কামৰ হেঁচাত পলমকৈ শুৱা বা টোপনিৰ সৈতে বুজাবুজি কৰাটো বৰ্তমান সময়ত এক সুলভ অভ্যাসত পৰিণত হৈছে । কিন্তু চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ইয়াৰ কু-প্ৰভাৱ কেৱল টোপনিৰ ওপৰতেই নহয়, বৰঞ্চ পিছৰ দিনটোৰ কাৰ্যক্ষমতা, মানসিক মনোযোগ আৰু শাৰীৰিক শক্তিৰ ওপৰতো পৰে । সুস্বাস্থ্যৰ বাবে সুষম আহাৰ আৰু নিয়মিত ব্যায়াম যিমান প্ৰয়োজনীয়, শৰীৰৰ বাবে পৰ্যাপ্ত আৰু গভীৰ টোপনিও সিমানেই আৱশ্যকীয় ।

নিশাৰ ৰুটিন আৰু ‘চাৰ্কেডিয়ান ৰিদম’

বিশেষজ্ঞসকলৰ মতে, কেৱল বিছনালৈ যোৱাটোৱেই ভাল টোপনিৰ গেৰাণ্টি হ’ব নোৱাৰে । শুবলৈ যোৱাৰ ঠিক এক-দুই ঘণ্টা আগৰ আমাৰ অভ্যাসবোৰেহে টোপনিৰ মানদণ্ড নিৰ্ধাৰণ কৰে । প্ৰতিদিনে এক সুস্থ নিশাৰ ৰুটিন মানি চলিলে আমাৰ মগজুৱে জিৰণি লোৱাৰ সংকেত পায় । ই শৰীৰৰ প্ৰাকৃতিক স্লিপ-ৱেক চাইকেল অৰ্থাৎ ‘চাৰ্কেডিয়ান ৰিদম’ (Circadian rhythm) সক্ৰিয় কৰি ৰাখে, যাৰ ফলত স্বাভাৱিকভাৱে গভীৰ টোপনি আহে ।

শেহতীয়া এক সমীক্ষা আৰু চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ আধাৰত, ৰাতি শুবলৈ যোৱাৰ আগতে গ্ৰহণ কৰিবলগীয়া ৫ টা স্বাস্থ্যকৰ নিয়ম তলত উল্লেখ কৰা হ’ল:

ভাল টোপনিৰ বাবে ৫ টা গোল্ডেন ৰুল-

শুবলৈ যোৱাৰ সময় স্থিৰ কৰক: প্ৰতিদিনে এক নিৰ্দিষ্ট সময়ত শুবলৈ যোৱা আৰু ৰাতিপুৱা প্ৰায় একেটা সময়তে বিছনা এৰাৰ অভ্যাস কৰক । আনকি বন্ধৰ দিন বা সপ্তাহান্ততো এই নিয়মৰ বেছি সালসলনি নকৰিব ।

ডিজিটেল ডিটক্স বা স্ক্ৰীন টাইম হ্ৰাস: শুবলৈ যোৱাৰ অন্ততঃ ৩০ ৰ পৰা ৬০ মিনিট আগতে ম’বাইল, লেপটপ আৰু টিভিৰ দৰে বৈদ্যুতিন সঁজুলি বন্ধ কৰি দিয়ক । এই স্ক্ৰীনবোৰৰ পৰা নিৰ্গত হোৱা ‘ব্লু লাইটে’ শৰীৰত মেলাটনিন হৰমনৰ উৎপাদন ব্যাহত কৰে, যাৰ বাবে টোপনি নাহে । ইয়াৰ পৰিৱৰ্তে কিতাপ পঢ়া বা মৃদু সংগীত শুনাৰ অভ্যাস কৰিব পাৰে ।

সময়মতে পাতল নৈশ আহাৰ: ৰাতিৰ আহাৰ সদায় শুবলৈ যোৱাৰ ২ ৰ পৰা ৩ ঘণ্টা আগতেই গ্ৰহণ কৰিব লাগে । গধুৰ বা তেলত ভজা খাদ্যই হজম ক্ৰিয়াত ব্যাঘাত জন্মায়, আনহাতে পাতল আৰু সুষম আহাৰে শৰীৰক আৰাম দিয়ে ।

কেফেইন আৰু মিঠা পানীয় বৰ্জন: সন্ধিয়া ৫ বজাৰ পিছত চাহ, কফি, কোনো ধৰণৰ এনাৰ্জি ড্ৰিংক বা অতিৰিক্ত চেনিযুক্ত পানীয় খোৱাৰ পৰা বিৰত থাকক । কেফেইনে মগজুক সজাগ কৰি ৰাখে, যাৰ ফলত টোপনিৰ স্বাভাৱিক প্ৰক্ৰিয়া নষ্ট হয় ।

শোৱা কোঠাৰ পৰিৱেশ: আপোনাৰ শোৱা কোঠাটো শান্ত, পৰিস্কাৰ আৰু অন্ধকাৰময় কৰি ৰাখক । কোঠাৰ উষ্ণতা যাতে অতি গৰম বা অতি ঠাণ্ডা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব । এনে পৰিৱেশে মগজুক ক্ষিপ্ৰতাৰে শান্ত হ’বলৈ সহায় কৰে ।

সাৱধান! এইবোৰ ভুলে কাঢ়ি নিব পাৰে আপোনাৰ নিশাৰ টোপনি

বিশেষজ্ঞসকসকলে সকীয়াই দিছে যে কেতবোৰ দৈনন্দিন ভুলে মানুহক লাহে লাহে ক্ৰনিক ইনচমনিয়া (অনিদ্ৰা ৰোগ)ৰ পিনে ঠেলি দিব পাৰে ।

টোপনি নষ্ট কৰা মূল কাৰকসমূহ:

-নিশা বহু দেৰিলৈ ছচিয়েল মিডিয়া চলাই থকা বা কাম কৰা ।

-শুবৰ পৰত মানসিক চাপ, চিন্তা বা উত্তেজনাপূৰ্ণ বিষয় লৈ চৰ্চা কৰা ।

-দিনৰ ভাগত বা আবেলি দীৰ্ঘসময় ধৰি শুই থকা ।

-শুবলৈ যোৱাৰ ঠিক আগে আগে উজ্জ্বল পোহৰৰ সংস্পৰ্শত থকা ।

যদি আপুনিও দিনটো এনাৰ্জেটিক আৰু ফ্ৰেছ হৈ থাকিব বিচাৰে, তেন্তে আজিৰ পৰাই নিজৰ নিশাৰ অভ্যাসবোৰ সলনি কৰক । মনত ৰাখিব, এক সুস্থ শৰীৰ আৰু তীক্ষ্ণ মগজুৰ মূল চাবিকাঠিয়েই হৈছে প্ৰতি নিশা ৭ ৰ পৰা ৮ ঘণ্টাৰ এক আৰামদায়ক টোপনি ।

লগতে পঢ়ক : সম্পৰ্কত দূৰত্ব বাঢ়িছে নেকি? আপোন সম্পৰ্কটোক পুনৰ জীয়াই তুলিবলৈ অনুসৰণ কৰক এই ৮ টা সহজ উপায়

সম্পৰ্কত দূৰত্ব বাঢ়িছে নেকি? আপোন সম্পৰ্কটোক পুনৰ জীয়াই তুলিবলৈ অনুসৰণ কৰক এই ৮ টা সহজ উপায়

এই প্ৰতিবেদনত কেইটামান উপায় উল্লেখ কৰা হৈছে, যাৰ সহায়ত আপুনি আপোনাৰ বিঘ্নিত হোৱা সম্পৰ্কটোক পূৰ্বৰ দৰেই সুখী আৰু মজবুত কৰি তুলিব পাৰিব

জীৱনৰ ব্যস্ততা আৰু সময়ৰ সোঁতত যিকোনো সম্পৰ্কতে উত্থান-পতন অহাটো স্বাভাৱিক । আৰম্ভণিৰ সেই মৰম, আপোনত্ব আৰু সুখবোৰ লাহে লাহে সৰু-সুৰা কাজিয়া, ভুল বুজাবুজি বা দূৰত্বলৈ সলনি হ’বলৈ বেছি সময় নালাগে । কৰ্মক্ষেত্ৰৰ অতিৰিক্ত চাপ, ইজনে সিজনক পৰ্যাপ্ত সময় দিব নোৱাৰা অথবা মনৰ কথা খুলি নোকোৱাৰ বাবে বহু সময়ত সুন্দৰ সম্পৰ্ক একোটাও দুৰ্বল হৈ পৰে ।

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সম্পৰ্কটো শেষ হৈ গৈছে । যদি দুয়োজনৰে মনত অলপ চেষ্টা আৰু সদিচ্ছা থাকে, তেন্তে হেৰাই যোৱা মৰম পুনৰ ঘূৰাই আনিব পৰা যায় । এই প্ৰতিবেদনত কেইটামান উপায় উল্লেখ কৰা হৈছে, যাৰ সহায়ত আপুনি আপোনাৰ বিঘ্নিত হোৱা সম্পৰ্কটোক পূৰ্বৰ দৰেই সুখী আৰু মজবুত কৰি তুলিব পাৰিব ।

মুকলিকৈ কথা পাতক-

সম্পৰ্কত কিবা খেলিমেলি হ’লে তাক মনৰ ভিতৰত হেঁচি ৰখাটো আটাইতকৈ ডাঙৰ ভুল । শান্তিপূৰ্ণভাৱে দুয়ো একেলগে বহক আৰু কথা পাতক । কথা পতাৰ সময়ত ম’বাইল বা অন্য সঁজুলি আঁতৰাই সম্পূৰ্ণ মনোযোগ সংগীক দিয়ক । সন্মুখৰ জনক দোষাৰোপ নকৰাকৈ নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰক । বহু সময়ত কেৱল মন খুলি কৰা বাৰ্তালাপেই ডাঙৰ সংঘাত দূৰ কৰে ।

প্ৰথমে শুনক, তাৰ পিছত কওক-

প্ৰায়ে কাজিয়া হ’লে মানুহে কেৱল নিজৰ যুক্তিখিনি জাপি দিবলৈ ব্যস্ত হৈ পৰে আৰু সংগীৰ কথা নুশুনে । সম্পৰ্কত কোৱাতকৈ শুনাৰ গুৰুত্ব বেছি । যেতিয়া আপুনি মাজতে বাধা নিদিয়াকৈ সংগীৰ কথা ধৈৰ্য্যেৰে শুনিব, তেতিয়া তেওঁ অনুভৱ কৰিব যে আপুনি তেওঁৰ আবেগক সন্মান কৰে । ইয়াৰ দ্বাৰা বিশ্বাস বৃদ্ধি পায় আৰু ভুল বুজাবুজি কমি আহে ।

পুৰণি ভাল মুহূৰ্তবোৰ ৰোমন্থন কৰক-

প্ৰতিটো সম্পৰ্কৰে আৰম্ভণি কিছুমান ধুনীয়া স্মৃতিৰে হয় । দুয়ো মিলি সেই পুৰণি দিনবোৰ মনত পেলাওক, যেতিয়া আপোনালোক প্ৰথমবাৰ লগ হৈছিল বা একেলগে কটোৱা সুখী সময়বোৰ । পুৰণি মধুৰ স্মৃতিবোৰে মনলৈ পুনৰ সেই হেৰাই যোৱা আকৰ্ষণ আৰু আপোনত্ব ঘূৰাই আনে ।

ইজনে সিজনৰ বাবে সময় উলিয়াওক-

ব্যস্ততাৰ মাজতো সংগীৰ বাবে সুকীয়াকৈ সময় উলিওৱাটো অতি জৰুৰী । সম্ভৱ হ’লে কোনোবা দিনা মুভী ডেটলৈ যাওক, অথবা বেছি সময় নাথাকিলে ঘৰতে বা ওচৰৰে ক’ৰবাত চাহ-কফিৰ ডেট প্লেন কৰক । মনত ৰাখিব, মৰম কেৱল অনুভৱ কৰা বস্তুৱেই নহয়, ইয়াক সময়ে সময়ে প্ৰকাশ কৰাটোও প্ৰয়োজনীয় ।

সম্পৰ্কৰ কিছুমান নিয়ম স্থিৰ কৰক-

এটা সুস্থ সম্পৰ্কৰ বাবে কিছুমান সীমাৰেখা বা নিয়ম থকাটো প্ৰয়োজন । কোনবোৰ কথা বা আচৰণ গ্ৰহণযোগ্য আৰু কোনবোৰ নহয়, সেই বিষয়ে দুয়োজন স্পষ্ট হ’ব লাগে । ইজনে সিজনৰ ব্যক্তিগত পচন্দ আৰু অনুভূতিক সদায় সন্মান কৰক ।

অলপ সময় নিজৰ বাবেও ৰাখক-

সম্পৰ্কত থকা মানেই যে ২৪ ঘণ্টাই একেলগে থাকিব লাগিব, তেনে নহয় । এক সুস্থ সম্পৰ্কৰ বাবে কেতিয়াবা অলপ সময় নিজৰ সৈতেও কটোৱা উচিত । ইয়াৰ দ্বাৰা মানসিক চাপ কমে, মন শান্ত হয় আৰু সম্পৰ্কটোক নতুন দৃষ্টিভংগীৰে বুজি পোৱাত সহায় হয় । আপুনি নিজে সুখী থাকিলেহে সম্পৰ্কটোকো সুখী কৰি ৰাখিব পাৰিব ।

নিজক উন্নত কৰাৰ চেষ্টা কৰক-

সম্পৰ্ক এটাক সুন্দৰ কৰিবলৈ কেৱল সংগী সলনি হোৱাটো আশা কৰিলে নহ’ব, নিজৰ মাজতো ইতিবাচক পৰিৱৰ্তন আনিব লাগিব । নিজৰ স্বাস্থ্যৰ যত্ন লওক, নতুন কিবা শিকাৰ চেষ্টা কৰক, কোনো ভাল চখ গ্ৰহণ কৰক । আপুনি যেতিয়া মানসিক আৰু শাৰীৰিকভাৱে উন্নত হৈ উঠিব, তাৰ এক শুভ প্ৰভাৱ আপোনাৰ সম্পৰ্কৰ ওপৰতো পৰিব ।

প্ৰয়োজন হ’লে বিশেষজ্ঞৰ সহায় লওক-

এই সকলোবোৰ চেষ্টা কৰাৰ পিছতো যদি সমস্যা সমাধান হোৱা নাই, তেন্তে লাজ বা কুণ্ঠাবোধ নকৰি কোনো পেছাদাৰী ৰিলেচনশ্বিপ কাউঞ্চেলৰ বা কোনো বিশ্বাসী বন্ধুৰ পৰামৰ্শ লওক । সঠিক সময়ত লোৱা সঠিক পৰামৰ্শই এটা ভাঙিব ধৰা সম্পৰ্কক ৰক্ষা কৰিব পাৰে ।

শেষ কথা:

উত্থান-পতন জীৱনৰেই অংশ । কিন্তু মৰম, বিশ্বাস, পাৰস্পৰিক সন্মান আৰু মুকলি বাৰ্তালাপে যিকোনো কঠিন পৰিস্থিতিতে সম্পৰ্ক এটাক বান্ধি ৰাখিব পাৰে । যদি দুয়োজন ব্যক্তিয়ে সম্পৰ্কটো জীয়াই ৰাখিবলৈ সমানে প্ৰয়াস কৰে, তেন্তে যিকোনো দূৰত্ব মচি পেলাই পুনৰ এক নতুন আৰু সুখী আৰম্ভণি কৰাটো অসম্ভৱ নহয় ।

সতৰ্কীকৰণ: এই প্ৰতিবেদনত উল্লেখ কৰা সমলসমূহে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে। এয়া কোনো কাৰণতে কোনো পেছাদাৰী বা যোগ্য চিকিৎসা/মানসিক মতামতৰ বিকল্প হ’ব নোৱাৰে । অধিক জানিবৰ বাবে সদায় বিশেষজ্ঞ বা আপোনাৰ পৰামৰ্শদাতাৰ সৈতে যোগাযোগ কৰক ।

লগতে পঢ়ক : বাৰিষাৰ দিনত ভ্ৰমণ কৰাৰ পূৰ্বে জানিবলগীয়া ৫টা গুৰুত্বপূৰ্ণ নিয়ম

বাৰিষাৰ দিনত ভ্ৰমণ কৰাৰ পূৰ্বে জানিবলগীয়া ৫টা গুৰুত্বপূৰ্ণ নিয়ম

বাৰিষাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যদি আপুনি ওলাই যাব খোজে, তেন্তে আগতীয়াকৈ সঠিক প্ৰস্তুতি চলাই লোৱাটো অতি প্ৰয়োজনীয়

মৌচুমী বায়ুৰ আগমনৰ লগে লগে আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণ আৰু ঠাণ্ডা বতাহজাক সকলোৰে বাবে অতি প্ৰিয় । কিন্তু এই সুন্দৰ ঋতুটোৱেই আকৌ ভ্ৰমণকাৰীসকলৰ বাবে কঢ়িয়াই আনিব পাৰে একাধিক প্ৰত্যাহ্বান । হঠাতে হোৱা প্ৰবল বৰষুণ, বানপানী আৰু পিছল ৰাস্তাৰ বাবে যাত্ৰাত ব্যাঘাত জন্মাটো এতিয়া এক স্বাভাৱিক কথা ।

তথাপিও, বাৰিষাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যদি আপুনি ওলাই যাব খোজে, তেন্তে আগতীয়াকৈ সঠিক প্ৰস্তুতি চলাই লোৱাটো অতি প্ৰয়োজনীয় । আজিৰ এই প্ৰতিবেদনত আমি আপোনাৰ বাবে লৈ আহিছোঁ কিছুমান সহজ অথচ অতি কাৰ্যকৰী মনছুন ট্ৰেভেল টিপছ, যাৰ সহায়ত আপোনাৰ যাত্ৰা হ’ব সুৰক্ষিত আৰু আৰামদায়ক ।

সঠিক কাপোৰ আৰু জোতা বাছনি কৰক-

-বাৰিষাৰ দিনত ভ্ৰমণ কৰোঁতে বেগৰ সামগ্ৰীসমূহ বৰষুণৰ পানীৰ পৰা সুৰক্ষিত কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ।

-সদায় এনেকুৱা কাপোৰ লগত ৰাখক যিবোৰ সোনকালে শুকাই যায় আৰু বেছি সময় তিতি নাথাকে (যেনে- নাইলন বা পলিয়েষ্টাৰ)।

-আপোনাৰ বেগত এটা ভাল মানৰ ৰেইনকোট বা সহজে জাপি থব পৰা ছাটি নিশ্চিতভাৱে ৰাখিব ।

জোতা বাছনি কৰোঁতে বিশেষ সাৱধান হওক । এনে জোতা পিন্ধক যিবোৰ মজবুত, পানী প্ৰতিৰোধী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে পিছল নোখোৱা হয় ।

-বৰষুণৰ দিনত চেন্দেল বা ফ্লিপ-ফ্লপ পিন্ধাৰ পৰা বিৰত থাকক, কাৰণ এইবোৰ বোকা-পানীত সোনকালে পিছল খায় ।

বতৰৰ আগজাননী পৰীক্ষা কৰক-

যিকোনো ঠাইলৈ যাত্ৰা কৰাৰ আগতে বতৰৰ খবৰ লোৱাটো অত্যন্ত জৰুৰী । বিশেষকৈ পাহাৰীয়া আৰু সাগৰ তীৰৰ অঞ্চলসমূহত বাৰিষাৰ সময়ত প্ৰবল বৰষুণ, ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সমস্যা অধিক হোৱা দেখা যায় । বতৰৰ শেহতীয়া আপডেটসমূহ জানিবলৈ বিশ্বাসযোগ্য মোবাইল এপছ ব্যৱহাৰ কৰক, যাতে বেয়া বতৰৰ বাবে আপোনাৰ ভ্ৰমণৰ আনন্দ মাটি হৈ নাযায় ।

ইলেকট্ৰনিক সামগ্ৰী আৰু নথি-পত্ৰ সুৰক্ষিত কৰক-

বৰষুণৰ বতৰত সচৰাচৰ ব্যৱহৃত গেজেট যেনে- ফোন, পাৱাৰ বেংক, কেমেৰা আদি পানী সোমাই সোনকালে নষ্ট হ’ব পাৰে ।

-এইবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ সদায় ৱাটাৰপ্ৰুফ পাউচ বা এয়াৰটাইট জিপ বেগ ব্যৱহাৰ কৰক ।

-কেৱল ইলেকট্ৰনিক সামগ্ৰীয়েই নহয়, আপোনাৰ চিনাক্তকৰণ পত্ৰ, ট্ৰেভেল ইনশ্বিঅ’ৰেন্স আৰু যাত্ৰাৰ অনুমতি পত্ৰৰ দৰে প্ৰয়োজনীয় নথি-পত্ৰৰ হাৰ্ড কপিও ৱাটাৰপ্ৰুফ কভাৰত সুমুৱাই ৰাখিব ।

-কেমেৰা বা ফোনৰ বেগত ওদাল বা সেমেকা ভাৱ দূৰ কৰিবলৈ ছিলিকা জেলৰ সৰু পেকেট ব্যৱহাৰ কৰিব পাৰে ।

ভ্ৰমণৰ পৰিকল্পনা নমনীয় কৰক-

বাৰিষাৰ সময়ত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে ফ্লাইট, ট্ৰেইন বা পথ যাত্ৰাত পলম হোৱাটো এক সাধাৰণ সমস্যা । গতিকে আপোনাৰ ভ্ৰমণৰ সময়সূচী সদায় অলপ ফ্লেক্সিবল বা নমনীয় কৰি ৰাখক, যাতে সময়ৰ ইফাল-সিফাল হ’লেও আপুনি মানসিক চাপত পৰিবলগীয়া নহয় । ইয়াৰ উপৰিও, এনেকুৱা ট্ৰেভেল ইনশ্বিঅ’ৰেন্স লোৱাৰ কথা চিন্তা কৰিব পাৰে যিয়ে বেয়া বতৰৰ বাবে হোৱা লোকচান বা টিকট বাতিলৰ খৰচ কভাৰ কৰে ।

বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক-

বাৰিষাৰ বতৰত পানী আৰু খাদ্যৰ জৰিয়তে সংক্ৰমণ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে । গতিকে ভ্ৰমণৰ সময়ত বাট-পথৰ মুকলি খাদ্য বা ষ্ট্ৰীট ফুড খোৱাৰ পৰা একেবাৰেই বিৰত থাকক ।

-সংক্ৰমণৰ পৰা বাচিবলৈ সদায় সতেজ, পৰিষ্কাৰ আৰু গৰম খাদ্যহে গ্ৰহণ কৰিব ।

-জৰুৰীকালীন অৱস্থাৰ বাবে আৰু শৰীৰৰ শক্তি বজাই ৰাখিবলৈ নিজৰ ট্ৰেভেল বেগত সদায় বাদাম, প্ৰ’টিন বাৰ আৰু ড্ৰাই ফ্ৰুটছ আদি লগত ৰাখিব ।

বাৰিষাৰ ভ্ৰমণ আনন্দদায়ক হ’ব পাৰে যদিহে আপুনি সুৰক্ষাৰ দিশটাত গুৰুত্ব দিয়ে । ওপৰত উল্লেখ কৰা এই সৰু সৰু টিপছকেইটা অনুসৰণ কৰিলে আপুনি কোনো ধৰণৰ অপ্ৰত্যাশিত সমস্যাৰ সন্মূখীন নোহোৱাকৈয়ে বৰষুণৰ ঋতুৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ সম্পূৰ্ণ আনন্দ ল’ব পাৰিব ।

সতৰ্কীকৰণ: ইয়াত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাস আৰু বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহিত তথ্যৰ ওপৰত আধাৰিত । কোনো ধৰণৰ ভ্ৰমণ পৰিকল্পনা কৰাৰ পূৰ্বে বা জৰুৰীকালীন অৱস্থাত স্থানীয় প্ৰশাসনৰ অফিচিয়েল গাইডলাইন আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ সঠিক আগজাননী নিশ্চয়কৈ পৰীক্ষা কৰি ল’ব ।

লগতে পঢ়ক : সফলতা আৰু স্বাস্থ্যৰ বাবে অপৰিহাৰ্য ডিজিটেল উপবাস…

আপোনাৰো ছালৰ উজ্জ্বলতা দিনে দিনে কমি গৈছে নেকি? বেচনে আনিব ঘূৰাই

ছালৰ উজ্জ্বলতাৰ বাবে বেচনৰ উপকাৰিতা সমূহৰ কথা জানেনে? ই আপোনাৰ ছালৰ ৰং উন্নত কৰাৰ লগতে কোমল কৰি তোলে ।

বেচন যিমানে সুস্বাদু, স্বাস্থ্যৰ বাবেও ই সিমানেই উপকাৰী। ইয়াত উপলব্ধ আঁহ আৰু প্ৰ’টিনে শৰীৰটোক বহুতো ৰোগৰ পৰা সকাহ দিয়ে। বেচন অতি সোনকালে হজম হয়। ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰা হ্ৰাস কৰাতো ই যথেষ্ট সহায়ক।

আজিকালি সকলোৱে ছাল-চুলিকলৈ যথেষ্ঠ সচেতন। সকলোৰে এটাই চিন্তা, কিদৰে নিজক ধুনীয়া কৰি ৰাখিব পাৰি।ছালৰ উজ্জ্বলতা বজাই ৰাখিবলৈ বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু সকলোৱে ইয়াৰ পৰা কোনো বিশেষ সুফল নাপায়।ঘৰত থকা কিছুমান বস্তু ব্যৱহাৰ কৰিও আপোনাৰ ছালখনক সুন্দৰ কৰি ৰাখিব পাৰে।

বেচনত থকা জিংকে ভিতৰৰ পৰা শালমণৰ সমস্যা নি:শেষ কৰে। বেচন ‘ফেচ পেক’ হিচাপে ব্যৱহাৰ কৰিলে মুখৰ ছাল উজ্জ্বল হয়। বেচনত গোলাপ জল মিহলি কৰি এটা ‘ফেচ পেক’ তৈয়াৰ কৰি মুখত ১৫-২০ মিনিটমানৰ কাৰণে লগাই পিছত কুহুমীয়া পানীৰে ধুই দিব। সপ্তাহত এনেকৈ দুই তিনিবাৰ মান প্ৰয়োগ কৰিলে আপুনি ইয়াৰ পৰা এশ শতাংশই উপকৃত হ’ব।

বেচনে ছালৰ গভীৰত সোমাই থকা ধূলি-বালি আৰু মিহি ধূলি আঁতৰাই ছাল পৰিষ্কাৰ কৰে। দৈৰ সৈতে মিহলাই ব্যৱহাৰ কৰিলে ছাল উজ্জ্বল আৰু সতেজ দেখায়। তৈলাক্ত ছালৰ বাবে ইয়াক বিশেষভাৱে উপযোগী, যিয়ে অধিক তেল নিষ্কাশন কৰে।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: ঘিউৰ পৰা বনৌষধি চাহলৈকে…প্ৰদূষণৰ পৰা হাত সাৰিবলৈ বেগত ৰাখক এইবোৰ; কম হ’ব প্ৰদূষণৰ প্ৰভাৱ

শীতকালত কেনেকৈ ল’ব চুলিব যতন; কৰক এই কাম শীঘ্ৰেই পাব ফলাফল

শীতকালত চুলিৰ যত্নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। কাৰণ ঠাণ্ডা বতাহ আৰু শুকান বতাহে চুলি শুকান কৰি তোলে।

শীতৰ এই সময়ছোৱাত আমাৰ ছাল-চুলি আদিৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ৷ শীতৰ এই সময়ছোৱাত জলবায়ুত আদ্ৰতাৰ কম থকাৰ বাবে চুলিকোছা শুকান, অনুজ্বল হোৱাৰ লগতেই বহুতৰে চুলিসৰা সমস্যাও হোৱা দেখা যায় ৷

শীতৰ সময়চোৱাত চুলি বেছিকৈ ফাটে শুকান হোৱাৰ বাবে। ভালদৰে যত্ন ল’লে শীতকালতো চুলিকোচা ধুনীয়া কৰি ৰাখিব পাৰি। চুলিতে সৌন্দৰ্য লুকাই থাকে। চুলিকোচা সুন্দৰকৈ ৰাখিবলৈ সকলোৱে যত্ন কৰে কিন্তু সময়ৰ অভাৱত সেইয়া সম্ভৱ নহয়।‌

এই সময়ত শুকান চুলিৰ সমস্যা দূৰ কৰিবলৈ নাৰিকল তেলৰ লগত কেষ্টৰ তেল মিলাই মালিচ কৰিলে চুলি গজাত সহায় কৰে আৰু শুকান ভাৱ নাইকিয়া কৰে।

সপ্তাহত এদিন হ’লেও নাৰিকল তেল লগাব লাগে চুলিত।‌ চুলিত নাৰিকল তেল ব্যৱহাৰ কৰিলে চুলি সহজে শুকান হৈ নপৰে। নাৰিকল তেলৰ ব্যৱহাৰৰ ফলত চুলি মজবুত হৈ থাকে।

শীতকালত বহুতে গৰম পানী ব্যৱহাৰ কৰে। গৰম পানীৰে চুলি ধুলে আমাৰ চুলি অধিক শুকান আৰু দুৰ্বল হৈ পৰে। ইয়াৰ উপৰিও মূৰৰ ছালখনো শুকান হৈ পৰে, যাৰ ফলত চুলিত উফি আৰু খজুৱতিৰ সমস্যা হয়। ইয়াৰ প্ৰভাৱত আপোনাৰ চুলিবোৰ ভাঙিবলৈ আৰম্ভ কৰে। এইবাবে কম পৰিমাণে গৰম পানী ব্যৱহাৰ কৰিব লাগে চুলি ধুলে।

শীতকালত শুকান ছালৰ সমস্যা ৰোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো দৰকাৰ। কাৰণ পানীয়ে আমাৰ শৰীৰটো হাইড্ৰেড কৰি ৰাখে। লগতে সেউজীয়া শাক-পাচলি, ফলমূল আদি খোৱাটো দৰকাৰ।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: শীতকালত প্ৰতিদিনে সেৱন কৰক বীট,গাজৰ আৰু মূলাৰ কাঞ্জী ; নোহোৱা হ’ব বদহজম

কাচকল খোৱাৰ উপকাৰিতা জানেনে? শৰীৰৰ শক্তিৰ বাবে ছুপাৰফুড!

শীতকালত শৰীৰৰ উষ্ণতা আৰু শক্তিৰ প্ৰয়োজনীয়তা বাঢ়ি যায়।এনে সময়ত কাচকল খোৱাটো অতি উপকাৰী বুলি জনা যায়।

শীতকালত শৰীৰৰ উষ্ণতা আৰু শক্তিৰ প্ৰয়োজনীয়তা বাঢ়ি যায়।এনে পৰিস্থিতিত কাচকল স্বাস্থ্যৰ বাবে অতি উপকাৰী।

ই হজম শক্তি শক্তিশালী কৰে,দুৰ্বলতা আৰু ক্লান্তি দূৰ কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।কাচকলত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ, পটাছিয়াম, আইৰণ, মেগনেছিয়াম আদি খনিজ পদাৰ্থ থাকে।যিয়ে পেশী শক্তিশালী কৰে, ভাগৰ কমায় আৰু ৰক্তচাপ ভাৰসাম্য ৰক্ষা কৰে।

কাচকলৰ আটাইতকৈ সহজ উপায় হ’ল ইয়াক সিজাই ও খাব পাৰি ।ডায়েবেটিছ ৰোগীৰ বাবেও সিজোৱা কাচকল উপকাৰী বুলি বিবেচিত হয়।ইয়াক অলপ নিমখ আৰু জলকীয়া দি পিটিকা কৰিও খাব পাৰি।

স্বাস্থ্যৰ ক্ষেত্ৰত কাচকল পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী।ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়,যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা দূৰ হয়।

শীতকালত গধুৰ খাদ্যৰ বাবে পেটৰ লগত জড়িত সমস্যা বাঢ়ি যায়, এনে পৰিস্থিতিত কেঁচা কলে হজম শক্তি শক্তিশালী কৰে আৰু পেট লঘু কৰি ৰাখে।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: শীতৰ সময়ত কেনেকৈ ল’ব চুলিৰ যতন? ঘৰতে কৰক এই কাম

ওজন হ্ৰাস আৰু উজ্জ্বল ছালৰ বাবে দৈনিক এনেদৰে সেৱন কৰক আমলখিৰ ৰস

ওজন হ্ৰাসৰ বাবে সেৱন কৰক আমলখিৰ ৰস

ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ আমলখি স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ ব্যৱহাৰে চুলি আৰু ছালৰ সমস্যাৰ পৰা যথেষ্ট সকাহ দিয়ে।

আমলখিক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপুনি ওজন হ্ৰাস, উজ্জ্বল ছাল, চিকচিকিয়া চুলিৰ দৰে সুবিধা লাভ কৰিব পাৰে।

এই আমলখিৰ জুচ দৈনিক সেৱন কৰিলে ১ মাহত বহু উপকাৰ দেখিবলৈ পোৱা যাব। ওজন কমাব বিচৰা বা উজ্জ্বল ছাল বিচৰা হ’বলগীয়া কইনাৰ বাবে এই ৰস অতি উপকাৰী।

এই জুচ বনাবৰ বাবে আমলখি,কেঁচা হালধি, আদা, নৰসিংহৰ পাত আৰু জালুকৰ প্ৰয়োজন হ’ব। এই জুচ বনোৱাটো অতি সহজ।

ইয়াৰ বাবে এটা আমলখি, এটুকুৰা কেঁচা হলধি, এটুকুৰা আদা, কেইটামান জালুক, আৰু ৬-৭ টা নৰসিংহৰ পাত লৈ মিক্সাৰত ভালদৰে পিহি লওক। আপোনাৰ জুচ সাজু হ’ব, আৰু আপুনি প্ৰতিদিনে পুৱা ইয়াক সেৱন কৰিব পাৰিব।

আমলখি সেৱন কৰিলে শৰীৰৰ বিপাকীয় ক্ৰিয়া উন্নত হয়। ইয়াৰ উপৰিও ই সোনকালে চৰ্বি শেষ কৰাটো সহায় কৰে। ক্ষুধা আৰু লোভ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আমলখিক অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক; লাই শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে?

লাই শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে?

লাই শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে?

লাহে লাহে ধৰাৰ বুকুলৈ শীতৰ আগমন হৈছে।এতিয়া বজাৰত সেউজীয়া শাক-পাচলী উভয়নদী হৈ থাকে।পুষ্টিবিদ সকলৰ মতে লাই শাক সতেজ অৱস্থাত খালেহে সঠিক পুষ্টি উপাদানবোৰ পোৱা যায়।

এই শাক-পাচলীবোৰৰ ভিতৰত লাই শাকত অধিক মাত্ৰাত এণ্টি–অক্সিডেণ্ট পোৱা যায় ।এই লাই শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? লাই শাক শৰীৰৰ বাবে উপকাৰী ঔষধি গুণ যুক্ত শাক ।

খাদ্য বিশেষজ্ঞ সকলৰ মতে লাইশাকে বিষ জনিত ৰোগত লাই শাক অতি উপকাৰি। পানীলগা , কফ উপশম কাৰক । কৃমি নাশক , খৰ , বেচু আদি ৰোগৰো উপশম দায়ক হিচাপে ব্যৱহাৰ কৰা হয় ।লাই শাকে হজম শক্তি বৃদ্ধি কৰে। যাৰ ফলত ভোক বৃদ্ধি পায়।

লাই শাকে শৰীৰৰ ছাল নিমজ আৰু মসৃণ কৰে।ডায়েবেটিছ ৰোগত এই শাক অতি উপকাৰী ।শৰীৰৰ হাড়ৰ গঠন মজবুত কৰে লগতে হাড়ৰ যোৰা সমূহ সবল কৰাটো সহায় কৰে ।

লাই শাকত থকা ভিটামিন-চি আৰু বিটা কেৰ’টিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।মগজুৰ কাৰ্য্যক্ষমতা সঠিক ভাৱে ভালে ৰখাৰ লগতে মানসিক স্থিতিও সবল কৰে ।এই শাকে চকুৰ দৃষ্টি শক্তি সঠিক ভাৱে ৰখাত সহায় কৰে ।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: শীতকালত ১ মাহ ধৰি সেৱন কৰক এই বিশেষ পানী; মেদবহুলতা, ডায়েবেটিছ আৰু গাঁঠিৰ বিষত অতি উপকাৰী