অভিনেতা সঞ্জয় দত্ত বলীউডৰ এজন শীৰ্ষ অভিনেতা।সঞ্জয় দত্তৰ ‘মুন্না ভাই এমবিবিএছ’ ৩ ৰ খবৰে কিছু সময়ৰ পৰা এক আলোড়নৰ সৃষ্টি কৰি আহিছে।শেহতীয়াকৈ অভিনেতা গৰাকীয়ে ছবিখনক লৈ এক মন্তব্য দিছে। দৰাচলতে চলচ্চিত্ৰখনক লৈ মুখ্য অভিনেতা সঞ্জয় দত্তই প্ৰকাশ কৰিছে যে তেওঁ ৰাজকুমাৰ হিৰাণীক বাৰে বাৰে সুধি ভাগৰি পৰিছে যে ছবিখন অৱশেষত কেতিয়া মুক্তি পাব? কিন্তু ৰাজকুমাৰ হিৰাণীয়ে তেওঁক কোনো উত্তৰ দিয়া নাই। সেয়ে এইবাৰ দৰ্শক সকলক অনুৰোধ কৰিছে সঞ্জয় দত্তই। তেওঁ কৈছে য়ে এতিয়াৰে পৰা ছবিখনৰ কথাক লৈ তেওঁক প্ৰশ্ন কৰাতকৈ ৰাজকুমাৰ হিৰাণীকেই প্ৰশ্ন কৰিব। ৬৫ বছৰ বয়সটো অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ আজিও একেই আছে। অৱশ্যে সঞ্জয় দত্তই অভিনয় কৰা মুন্না ভাই এমবিবিএছ ৩ আহিব নে নাই সেই কথা এতিয়া জানিব পৰা হোৱা নাই ।
Post Views: 50