এফালে ইজৰাইল-হামাছৰ যুদ্ধ আনফালে দুবছৰতকৈ অধিক সময় ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু অধিক মাৰাত্মক হোৱাৰ সম্ভাৱনা আছে। এতিয়া উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জঙে ৰাছিয়াক সহায় কৰিবলৈ হাজাৰ হাজাৰ জোৱান প্ৰেৰণ কৰিছে। দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাই এই কথা দাবী কৰিছে।
দুবছৰতকৈও অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। এতিয়ালৈকে কোনো দেশেই এই যুদ্ধত অগ্ৰগতি ল’ব পৰা নাই। এফালে পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনলৈ অহৰহ অস্ত্ৰ যোগান ধৰি আছে। বৰ্তমান সময়ত উত্তৰ কোৰিয়াইও ৰাছিয়ালৈ নিজৰ সৈন্য প্ৰেৰণ কৰিছে, যাৰ ফলত যুদ্ধৰ দামামা বৃদ্ধি পোৱাৰ শংকা।
দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনে ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত ৰাছিয়াক সহায় কৰিবলৈ হাজাৰ হাজাৰ জোৱান প্ৰেৰণ কৰিছে। কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু কিম জঙৰ সাক্ষাৎ হৈছিল আৰু দুয়োখন দেশে বহু ডাঙৰ চুক্তি কৰিছিল। দক্ষিণ কোৰিয়াৰই প্ৰকাশ কৰিছে, উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত ৰাছিয়াক সহায় কৰিবলৈ ১২ হাজাৰ সৈন্য প্ৰেৰণ কৰিছে।