গাওঁখনত চলি গাওঁ পঞ্চায়তৰ নিৰ্বাচন । গাওঁখনৰ প্ৰাক্তন মুখিয়া ছোটন যাদৱ ২০ বছৰ ধৰি নাউৰু পঞ্চায়তৰ মুৰব্বী সভাপতি হৈ আছিল । সেই সময়ত গাওঁখনৰ কোনো উন্নয়নমূলক কাম কৰা নাছিল তেওঁ।যাৰ বাবে গাওঁবাসীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাক্তন মুখিয়া ছোটন যাদৱক নিদিলে ভোট । যাৰ বাবে পৰাজয় বৰণ কৰিব লগা হ’ল বিহাৰৰ জেহানাবাদৰ ছোটন যাদৱে। ইয়াতে ক্ষুব্ধ হৈ প্ৰাক্তন মুৰব্বী ছোটন যাদৱ আৰু তেওঁৰ সমৰ্থকসকলে ট্ৰেক্টৰেৰে খহাই পেলালে গাওঁখনৰ মূল পথচোৱা । প্ৰাক্তন মুখিয়া গৰাকীয়ে নিজৰ ধনেৰে সেই পথ নিৰ্মাণ কৰাৰ বাবে পথচোৱা ভাঙি পেলালে বুলি মন্তব্য কৰিছে। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।