বলীউডৰ আটাইতকৈ প্ৰিয় দম্পতীৰ তালিকাত অহা ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন দীৰ্ঘদিন ধৰি কোনো কোনো কাৰণত শিৰোনাম দখল কৰি আছে। দুয়োকে পৃথকে পৃথকে বহু অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে যে স্বামী অভিষেকৰ বাবেই ঐশ্বৰ্য ৰায়ে কৰিছিল এই কাম।
দৰাচলতে স্বামী অভিষেকৰ বাবেই ঐশ্বৰ্য ৰায়ে তেওঁৰ কেৰিয়াৰত বহুতো ডাঙৰ চিনেমাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল যি পিছলৈ চুপাৰ হিট প্ৰমাণিত হৈছিল ।২০১৪ চনত মুক্তি লাভ কৰা ‘হেপ্পী নিউ ইয়েৰ’ ছবিখনৰ কৰিবৰ বাবে ঐশ্বৰ্যই অস্বীকাৰ কৰিছিল একমাত্ৰ স্বামী অভিষেকৰ বাবেই ।
এটা সাক্ষাৎকাৰত কৈছিল যে “অভিষেকৰ বাবেই তেওঁ সেই ছবিখন নকৰাৰ সিদ্ধান্ত লৈছিল। দৰাচলতে এই ছবিখন মোৰ আৰু অভিষেক বচ্চনৰ বাবে সঠিক নহ’লহেঁতেন।কাৰণ চিনেমা খনত নায়ক নায়িকাৰ স্থানত নাছিলো দুয়ো।অভিষেকৰ বাবে এইটো অলপ আচৰিত হ’লহেঁতেন। সেয়ে চিনেমাখন নকৰাৰ মই সিদ্ধান্ত লৈছিলে”।