শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে আনকেপড খেলুৱৈ বুলি গণ্য কৰিব পৰা খেলুৱৈ সন্দৰ্ভত নিয়ম আপডেট কৰিছে। এই নিয়মৰ জৰিয়তে সংশ্লিষ্ট ছিজনৰ কমেও পাঁচ বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ভাৰতীয় খেলুৱৈসকলে আনকেপড খেলুৱৈ হিচাপে নিলামত অংশগ্ৰহণ কৰিব পাৰিব।
২০০৮ চনত IPLৰ উদ্বোধনী ছিজনত প্ৰথমবাৰৰ বাবে এই নিয়ম প্ৰৱৰ্তন কৰাৰ পিছত ২০২১ চনত এই নিয়ম বাতিল কৰা হৈছিল যদিও IPLৰ এই নিয়ম পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে।
সূত্ৰ অনুসৰি কেৱল এম এছ ধোনিৰ বাবেই এই নিয়ম পুনৰ প্ৰৱৰ্তন কৰা হৈছিল। খবৰ অনুসৰি, যদিও চেন্নাই ছুপাৰ কিংছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক দলত ৰাখিব বিচাৰিছিল, তথাপিও তেওঁৰ বাবে অধিক খৰচ কৰিব বিচৰা নাছিল। একে সময়তে চেন্নাইৰ দলটোৱেও কিংবদন্তি উইকেটকীপাৰ-বেটছমেনজনক মুকলি কৰি দিব বিচৰা নাছিল।
২০২২ চনৰ মেগা নিলামৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে ১২ কোটি টকাত এম এছ ধোনীক CSKত ৰাখিছিল। অৱশ্যে এই নিয়ম পুনৰ প্ৰৱৰ্তনৰ বাবে এতিয়া তেওঁলোকে ধোনীক ৪ কোটি টকাত ধৰি ৰাখিব পাৰিব।
এটা অৰ্ধেক নিয়মৰ লগত ঠিকেই আছে যদিও আন অৰ্ধেকৰ মতে কেৱল এজন খেলুৱৈৰ বাবেই নিয়মটো পুনৰ প্ৰৱৰ্তন কৰাটো সঠিক নহয়। প্ৰতিবেদনত এইটোও কোৱা হৈছে যে বেছিভাগ ফ্ৰেঞ্চাইজিয়েই এই নিয়ম পুনৰ প্ৰৱৰ্তনৰ বিৰোধী আছিল।