মাত্ৰ কেইদিনমান পূৰ্বে হিজবুল্লাহৰ নতুন মুৰব্বী হোৱা ছফিদ্দিনক হত্যা । হাছান নছৰুল্লা নিহত হোৱাৰ পাছত মাত্ৰ কেইদিনমান পূৰ্বে হিজবুল্লাহৰ নতুন মুৰব্বী হৈছিল ছফিদ্দিন । হাছান নছৰল্লাহক হত্যা কৰাৰ পাছত এতিয়া ইজৰাইলী সংবাদ মাধ্যমে তেওঁৰ উত্তৰাধিকাৰী হাছিম ছাফিদ্দিনক হত্যা কৰা বুলি দাবী কৰিছে । জেৰুজালেম পোষ্টৰ প্ৰতিবেদন অনুসৰি বেইৰুটত হাছিম ছাফিদ্দিনক লক্ষ্য কৰি লোৱা হৈছিল ।
ইজৰাইলী সেনা বিষয়াৰ মতে, বৃহস্পতিবাৰে মাজনিশা ইজৰাইলী যুঁজাৰু বিমানে ভয়ংকৰ আক্ৰমণ আৰম্ভ চলায় । এই আক্ৰমণৰ উদ্দেশ্য আছিল নিহত হিজবুল্লাহ নেতা হাছান নাছৰাল্লাহৰ সম্পৰ্কীয় ভাই আৰু উত্তৰাধিকাৰী হাছিম ছফিদ্দিন ।
ইজৰাইলৰ এই আক্ৰমণ নছৰল্লাহক হত্যা কৰাৰ আক্ৰমণতকৈ বহু ডাঙৰ আছিল আৰু ইয়াৰ ফলত বাংকাৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈছিল । নতুন মুৰব্বী ছফিদ্দিনে হিজবুল্লাহৰ জ্যেষ্ঠ নেতাৰ সৈতে ভূগৰ্ভস্থ বাংকাৰত গোপন বৈঠকত মিলিত হৈ থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় ।
ইজৰাইলৰ দ্বাৰা নাছৰাল্লাহ নিহত হোৱাৰ পিছত এয়া অঞ্চলটোত সংঘটিত আটাইতকৈ ভয়ংকৰ বোমাবর্ষণৰ ভিতৰত এটা আছিল । অৱশ্যে, ইজৰাইলী প্ৰতিৰক্ষা বাহিনী অথবা লেবাননত হিজবুল্লাহৰ পৰা এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই ।