‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু
মডেল তথা অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ দেহাৱসান । মাত্ৰ ৪২ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে ‘কাঁটা লাগা’ খ্যাত এসময়ৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে । প্ৰথম অৱস্থাত হাৰ্ট এটেক অহাৰ ফলত তেওঁক স্বামী পৰাগ ত্যাগীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰিছিল যদিও চিকিতসকে অভিনেত্ৰীগৰাকীক মৃত ঘোষণা কৰে ।
নিশা প্ৰায় ১২:৩০ বজাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ আন্ধেৰীৰ কুপাৰ হাস্পতাললৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।
ইফালে মুম্বাই আৰক্ষীয়ে গভীৰ নিশা আন্ধেৰীৰ শ্বেফালীৰ ঘৰত তদন্তৰ বাবে উপস্থিত হয় । ফৰেনছিক দলো উপস্থিত হৈ তেওঁৰ বাসগৃহত পুংখানুপুংখভাৱে তালাচী চলায় । যদিও, শ্বেফালীৰ মৃত্যু সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই, কিন্তু আৰক্ষী আৰু ফৰেনছিক দলে যিদৰে তদন্ত কৰি আছে, ঘটনাটোক সন্দেহজনক বুলি গণ্য কৰা হৈছে ।
‘কাঁটা লাগা’ৰ জৰিয়তে লাভ কৰিছিল পৰিচয়-
শক্তিশালী অভিনয় আৰু সৌন্দৰ্য্যৰে দৰ্শকৰ হৃদয় জয় কৰিছিল শ্বেফালী জৰিৱালাই । ২০০২ চনত মুক্তি পোৱা আইকনিক মিউজিক ভিডিঅ’ ‘কাঁটা লগা’ত তেওঁৰ নৃত্যই তেওঁক নিশাটোৰ ভিতৰতে বিখ্যাত কৰি তুলিছিল । শ্বেফালীৰ গ্লেমাৰাছ লুক, টেটু, কঁকালত বেলি বুটাম আৰু আধুনিক সাজ-পোছাকে তেওঁক ‘কাঁটা লগা গাৰ্ল’ হিচাপে বিখ্যাত কৰি তুলিছিল । এই মিউজিক ভিডিঅ’টো বিখ্যাত হোৱাৰ পিছত দেশত আৰম্ভ হয় ৰিমিক্স সংগীতৰ এক নতুন যুগ । ইয়াৰ উপৰিও বহু টিভি ধাৰাবাহিক আৰু প্ৰজেক্টত কাম কৰিছিল, যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে বহু প্ৰসংশা লাভ কৰিছিল ।
শ্বেফালীয়ে বিগ বছ ১৩ ছিজনত প্ৰতিযোগী হিচাপে যোগদান কৰিছিল । ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে শ্ব’টোত অংশগ্ৰহণ কৰিছিল তেওঁ । অভিনেত্ৰীগৰাকীৰ আচৰণ আৰু আনৰ প্ৰতি থকা প্ৰেমে তেওঁক দৰ্শকৰ মাজত প্ৰিয় কৰি তুলিছিল । ইয়াৰ উপৰিও ডান্স ৰিয়েলিটি শ্ব’ নাচ বালিয়ে ছিজন ৫তো অংশগ্ৰহণ কৰিছিল তেওঁ ।
ভাৰতীয় পপ সংস্কৃতিত শ্বেফালী এটা সুপৰিচিত নাম । ‘কাঁটা লগা’ গীতটো মুক্তি পোৱাৰ লগে লগে সমগ্ৰ দেশতে ছুপাৰহিট হৈ পৰে আৰু ইয়াৰ জৰিয়তে তেওঁ গ্লেমাৰাছ ষ্টাৰডম অৰ্জন কৰে ।
২০০২ চনত মুক্তি পোৱা ‘কাঁটা লাগা’ গীতটো, য’ত শ্বেফালী জৰিৱালাক দেখা গৈছিল, আচলতে ১৯৬৪ চনৰ ‘সমঝাৌতা’ ছবিৰ বিখ্যাত গীত ‘কাঁটা লগা’ৰ পুনৰ্সৃষ্ট সংস্কৰণ আছিল ।
লগতে পঢ়ক : ডাঙৰ পৰ্দাত শক্তিশালী ৰূপত এন্ট্ৰি ‘কন্নপ্পা’; প্ৰতিটো দৰ্শনীয়ে হাউছফুল