‘প্ৰতিটো জনমতে মই তোমাক ভাল পাম’; শ্বেফালী জাৰিৱালাৰ স্বামীৰ আৱেগিক পোষ্ট

শ্বেফালী জাৰিৱালাৰ স্বামীৰ আৱেগিক পোষ্ট

শ্বেফালী জাৰিৱালাৰ মৃত্যুৰ পিছত তেওঁৰ স্বামী পৰাগ ত্যাগী ভাগি পৰিছে।তেওঁ প্ৰয়াত পত্নী শ্বেফালী জাৰিৱালাৰ বাবে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে।

দেওবাৰে ইনষ্টাগ্ৰামত কিছু পুৰণি ফটো শ্বেয়াৰ কৰি পৰাগে তেওঁক স্মৰণ কৰে। এই পোষ্টটোত অভিনেতাগৰাকীয়ে শ্বেফালীক ‘প্ৰতিটো জন্মতে’ ভালপোৱাৰ কথা কৈছে।তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

শ্বেফালীৰ স্মৃতিত শ্বেয়াৰ কৰিছে বিশেষ ভিডিঅ’

ফটোবোৰত পৰাগ ত্যাগী আৰু শ্বেফালীয়ে ছুটীৰ সময়ত ইজনে সিজনক সাৱটি ধৰা আৰু ৰোমান্টিক ভংগীমাৰে ফটোৰ বাবে প’জ দিয়া দেখা গৈছে।

তেওঁৰ পোষ্টটোত তেওঁ মেটিঅ’ অক্সলীৰ আই লাভ ইউ অলৱেজ ফৰ এভাৰ গীতটো বেকগ্ৰাউণ্ড মিউজিক হিচাপে বজাইছে। ফটোখন শ্বেয়াৰ কৰি পৰাগে লিখিছে, ‘মই প্ৰতি জন্মতে তোমাক বিচাৰি পাম আৰু প্ৰতিটো জন্মতে তোমাক ভাল পাম।মই তোমাক সদায় ভাল পাম… মোৰ গুণ্ডী, মোৰ চোকৰী।’ তেওঁ আৰু লিখিছে, ‘মই তোমাক বহুত মিছ কৰো।’

ৰিমিক্স ট্ৰেক ‘কান্ত লগা’ গীতত নৃত্যৰ বাবে বিখ্যাত শ্বেফালীয়ে যোৱা ২৭ জুনত ৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ পিছত তেওঁৰ স্বামী পৰাগ ত্যাগী যথেষ্ট ভাগি পৰিছে।

জানিব পৰা মতে অভিনেত্ৰীগৰাকীয়ে মৃত্যুৰ আগৰ দিনটো খালী পেটতে আছিল।ঘৰত পূজা থকাৰ বাবে ব্ৰতত আছিল শ্বেফালী।

ইফালে অভিনেত্ৰীগৰাকীয়ে খালী পেটতে বয়স বৃদ্ধি প্ৰতিৰোধী ঔষধো গ্ৰহণ কৰিছিল।ইয়াৰ পিছত তেওঁ অচেতন  হৈ মাটিত পৰি যায়। ইয়াৰ পিছত পৰাগে তেওঁক বেলভিউ মাল্টিস্পেচিয়েলিটি হস্পিতাললৈ লৈ যায়।

অৱশ্যে তাত গৈ পোৱাৰ লগে লগে অভিনেত্ৰী গৰাকীক মৃত ঘোষণা কৰা হয়।উল্লেখ্য যে ২০১০ চনত শ্বেফালী আৰু পৰাগৰ প্ৰেমৰ সম্পৰ্কত আছিল আৰু ২০১৪ চনত দুয়ো বিবাহ পাশত আৱদ্ধ হয়।  

লগতে পঢ়ক: “ৱেব ছিৰিজত অন্তৰংগ দৃশ্য আৰু গালি-গালাজৰ কোনো অৰ্থ নাই”; পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য

কমি আছিল ৰক্তচাপ,ফ্ৰীজত থোৱা খাদ্য খাই হৈছিল অচেতন; শ্বেফালী জৰিৱালাৰ মৃত্যুত আৰক্ষীৰ চাঞ্চল্যকৰ তথ্য

শ্বেফালী জৰিৱালাৰ মৃত্যুত আৰক্ষীৰ চাঞ্চল্যকৰ তথ্য

শুকুৰবাৰে নিশা অভিনেত্ৰী তথা মডেল শ্বেফালী জৰিৱালাৰ মুম্বাইত মৃত্যু হয়।   মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪২ বছৰ। শ্বেফালী জৰিৱালা যথেষ্ট সুস্থ আছিল যাৰ বাবে তেওঁৰ হঠাৎ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

সকলোৱে জানিব বিচাৰে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ কাৰণ।এতিয়া চিকিৎসকে সন্দেহ কৰিছে যে শ্বেফালীৰ মৃত্যুৰ কাৰণ হঠাতে ৰক্তচাপ কমি যোৱা হ’ব পাৰে।ইফালে এজন আৰক্ষী বিষয়াই কৈছে যে আমি মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰি আছো।

বিপি কম হোৱাৰ বাবেই মৃত্যু হ’ল নেকি শ্বেফালীৰ?

আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা নিজৰ ঘৰতে অজ্ঞান হৈ পৰে অভিনেত্ৰীগৰাকী। তেওঁৰ স্বামী তথা টেলিভিছন অভিনেতা পৰাগ ত্যাগীয়ে তেওঁক ততাতৈয়াকৈ আন্ধেৰীৰ বেলভিউ মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ’ব পাৰে। পিছত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জুহুৰ আৰ এন কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষা

আৰক্ষীয়ে জনোৱা মতে, কুপাৰ হাস্পতালৰ চিকিৎসকে শ্বেফালী জৰিৱালাৰ মৃত্যুৰ কাৰণ হঠাতে ৰক্তচাপ কমি যোৱা বুলি সন্দেহ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘৰত সত্যনাৰায়ণ পূজাৰ বাবে উপবাসত আছিল। সেই পূজাত শ্বেফালীৰ পিতৃ-মাতৃও উপস্থিত আছিল।

তেওঁৰ স্বামী পৰাগে আৰক্ষীক দিয়া তথ্য অনুসৰি ফ্ৰীজত আছিল আগদিনা প্ৰস্তুত কৰা খাদ্য আৰু সেই ঠাণ্ডা খাদ্য খাই অজ্ঞান হৈ পৰিছিল অভিনেত্ৰীগৰাকী।তাৰ পিছতে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হয় শ্বেফালীৰ ।

ইয়াত আৰক্ষীয়ে প্ৰয়াত অভিনেত্ৰীগৰাকীৰ স্বামী আৰু পৰিয়ালৰ লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে। শেফালীয়ে ধুনীয়া আৰু চিৰ যৌৱনা হৈ থাকিবলৈ যোৱা কেইদিনমানৰ পৰা চিকিৎসা লৈ আছিল।

তেওঁৰ ঘৰৰ পৰা তথ্য সংগ্ৰহ কৰি থাকোঁতে আৰক্ষীয়ে এন্টি এজিং টেবলেট, স্কিন গ্লো টেবলেট আৰু ভিটামিন টেবলেট থকা দুটা বাকচ উদ্ধাৰ কৰে।

এগৰাকী আৰক্ষী বিষয়াই কয় যে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিছিল বুলি কৈছিল। অৱশ্যে ইয়াৰ বাবে কেতিয়াও শ্বেফালীৰ কোনো সমস্যা হোৱা নাছিল।অৱশ্যে অভিনেত্ৰীগৰাকীৰ মৃত্যু প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছত হে জানিব পৰা যাব।

লগতে পঢ়ক: ‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু; ৪২ বছৰ বয়সতে সামৰিলে জীৱন নাট

‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু; ৪২ বছৰ বয়সতে সামৰিলে জীৱন নাট

‘কাঁটা লাগা’ খ্যাত অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ মৃত্যু

মডেল তথা অভিনেত্ৰী শ্বেফালী জৰিৱালাৰ দেহাৱসান । মাত্ৰ ৪২ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে ‘কাঁটা লাগা’ খ্যাত এসময়ৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে । প্ৰথম অৱস্থাত হাৰ্ট এটেক অহাৰ ফলত তেওঁক স্বামী পৰাগ ত্যাগীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰিছিল যদিও চিকিতসকে অভিনেত্ৰীগৰাকীক মৃত ঘোষণা কৰে ।

নিশা প্ৰায় ১২:৩০ বজাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ আন্ধেৰীৰ কুপাৰ হাস্পতাললৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

ইফালে মুম্বাই আৰক্ষীয়ে গভীৰ নিশা আন্ধেৰীৰ শ্বেফালীৰ ঘৰত তদন্তৰ বাবে উপস্থিত হয় । ফৰেনছিক দলো উপস্থিত হৈ তেওঁৰ বাসগৃহত পুংখানুপুংখভাৱে তালাচী চলায় । যদিও, শ্বেফালীৰ মৃত্যু সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই, কিন্তু আৰক্ষী আৰু ফৰেনছিক দলে যিদৰে তদন্ত কৰি আছে, ঘটনাটোক সন্দেহজনক বুলি গণ্য কৰা হৈছে ।

‘কাঁটা লাগা’ৰ জৰিয়তে লাভ কৰিছিল পৰিচয়-

শক্তিশালী অভিনয় আৰু সৌন্দৰ্য্যৰে দৰ্শকৰ হৃদয় জয় কৰিছিল শ্বেফালী জৰিৱালাই । ২০০২ চনত মুক্তি পোৱা আইকনিক মিউজিক ভিডিঅ’ ‘কাঁটা লগা’ত তেওঁৰ নৃত্যই তেওঁক নিশাটোৰ ভিতৰতে বিখ্যাত কৰি তুলিছিল । শ্বেফালীৰ গ্লেমাৰাছ লুক, টেটু, কঁকালত বেলি বুটাম আৰু আধুনিক সাজ-পোছাকে তেওঁক ‘কাঁটা লগা গাৰ্ল’ হিচাপে বিখ্যাত কৰি তুলিছিল । এই মিউজিক ভিডিঅ’টো বিখ্যাত হোৱাৰ পিছত দেশত আৰম্ভ হয় ৰিমিক্স সংগীতৰ এক নতুন যুগ । ইয়াৰ উপৰিও বহু টিভি ধাৰাবাহিক আৰু প্ৰজেক্টত কাম কৰিছিল, যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে বহু প্ৰসংশা লাভ কৰিছিল ।

শ্বেফালীয়ে বিগ বছ ১৩ ছিজনত প্ৰতিযোগী হিচাপে যোগদান কৰিছিল । ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে শ্ব’টোত অংশগ্ৰহণ কৰিছিল তেওঁ । অভিনেত্ৰীগৰাকীৰ আচৰণ আৰু আনৰ প্ৰতি থকা প্ৰেমে তেওঁক দৰ্শকৰ মাজত প্ৰিয় কৰি তুলিছিল । ইয়াৰ উপৰিও ডান্স ৰিয়েলিটি শ্ব’ নাচ বালিয়ে ছিজন ৫তো অংশগ্ৰহণ কৰিছিল তেওঁ ।

ভাৰতীয় পপ সংস্কৃতিত শ্বেফালী এটা সুপৰিচিত নাম । ‘কাঁটা লগা’ গীতটো মুক্তি পোৱাৰ লগে লগে সমগ্ৰ দেশতে ছুপাৰহিট হৈ পৰে আৰু ইয়াৰ জৰিয়তে তেওঁ গ্লেমাৰাছ ষ্টাৰডম অৰ্জন কৰে ।

২০০২ চনত মুক্তি পোৱা ‘কাঁটা লাগা’ গীতটো, য’ত শ্বেফালী জৰিৱালাক দেখা গৈছিল, আচলতে ১৯৬৪ চনৰ ‘সমঝাৌতা’ ছবিৰ বিখ্যাত গীত ‘কাঁটা লগা’ৰ পুনৰ্সৃষ্ট সংস্কৰণ আছিল ।

লগতে পঢ়ক : ডাঙৰ পৰ্দাত শক্তিশালী ৰূপত এন্ট্ৰি ‘কন্নপ্পা’; প্ৰতিটো দৰ্শনীয়ে হাউছফুল