মালবীয় নগৰৰ এটা অট্টালিকাৰ তলৰ মহলাত চলি থকা এখন হোটেলত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জুই ইমান দ্ৰুতগতিত বিয়পি পৰিল যে পলায়নৰ সুযোগো নাপালে অট্টালিকাটোৰ বাসিন্দাই।
দিল্লীৰ মালৱীয় নগৰ অঞ্চলৰ ‘লেমন গ্ৰীণ’ নামৰ এখন হোটেলত বুধবাৰে এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাটোৰ ফলত ২০ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱা ০৯:৪৫ বজাত এই অগ্নিকাণ্ডৰ খবৰ পাইছিল, যাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে বেচমেণ্টৰ পৰা তিনিজন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে আৰু CATS এম্বুলেন্সৰ জৰিয়তে তেওঁলোকক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে, কিন্তু ২০ জনকৈ লোকক বচাব পৰা নগ’ল।
DDMA ছাউথ ডিষ্ট্ৰিক্টৰ এছডিএম জিতেন্দ্ৰ কুমাৰে জনায়, “পুৱা খবৰ পোৱাৰ লগে লগেই আমি ঘটনাস্থলীত উপস্থিত হও। এই অট্টালিকাটোৰ তলত এখন হোটেল চলাই থকা হৈছিল। বৰ্তমানলৈকে অগ্নিকাণ্ডটোৰ কাৰণ জানিব পৰা হোৱা নাই, কিন্তু সেই হোটেলখনৰ বাবেই জুই লাগিছে বুলি সন্দেহ কৰা হৈছে।”
এছডিএমে তথ্য দিয়া অনুসৰি অট্টালিকাটোৰ তলত জুই বিয়পি পৰাৰ পিছত ওপৰৰ বাসিন্দা সকলে বাহিৰলৈ ওলাই অহাৰ কোনো পথ বাকী থকা নাছিল। স্থানীয় ৰাইজে অট্টালিকাটোৰ সন্মুখত মাটিত গাদী পাৰি দিছিল। ইয়াৰ পিছত মানুহে বেলকনি আৰু খিৰিকী আদিৰ পৰা তললৈ জাপ দিছিল। আৱাসিক এলেকাত এনে কিমান হোটেল আৰু ৰেষ্টুৰেণ্টক কাম-কাজ চলোৱাৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে, সেই সন্দৰ্ভত MCD-ৰ পৰা তথ্য বিচৰা হৈছে। সকলোৰে এক নিয়মীয়া পৰীক্ষা কৰা হ’ব।
লগতে পঢ়ক: নিশা হঠাৎ খহি পৰিল ৫ মহলীয়া প্ৰকাণ্ড অট্টালিকা, বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা









