যোৱা ২৪ ঘন্টাত সমগ্ৰ গাজাত ইজৰাইলী সেনাৰ আক্ৰমণত ১০০জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰ ভিতৰত উত্তৰ দিশৰ বেইট লাহিয়া চহৰৰ দুটা অট্টালিকাত আক্ৰমণ সংঘটিত কৰে যাৰ ফলত ৭৫জন লোক নিহত হয়।
উত্তৰ গাজাত ইজৰাইলৰ ড্ৰোণ আক্ৰমণত নিহত পেলেষ্টাইনী। উত্তৰ গাজাৰ জাবালিয়া অঞ্চলৰ হালিমা আল-ছাদিয়াহ স্কুলৰ ওচৰত ইজৰাইলী ড্ৰ’নে আক্ৰমণ চলাই যাৰ ফলত এজন লোকৰ মৃত্যু হৈছে। বৰ্তমানেও এই আক্ৰমণৰ লক্ষ্য স্পষ্ট হোৱা নাই। বেইট লাহিয়া, জাবালিয়া, নুছেইৰাটক লক্ষ্য কৰি লয় ইজৰাইলৰ সেনাই।
আনফালে লণ্ডন আৰক্ষীয়ে প্ৰতিবাদকাৰীক সকীয়াই দিছে যে হামাছ, হিজবুল্লাহক সমৰ্থন কৰিলে কঠোৰ হ’ব প্ৰশাসন। লণ্ডনৰ মেট্ৰ’পলিটান আৰক্ষীয়ে পেলেষ্টাইন সমৰ্থকক আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰিছে।
ছেপ্টেম্বৰৰ পিছত হিজবুল্লাহৰ প্ৰথম ৰাজহুৱা অন্ত্যেষ্টিক্ৰিয়া। শুকুৰবাৰে হিজবুল্লাই ইজৰাইলী বাহিনীৰ সৈতে সংঘৰ্ষৰ সময়ত নিহত হোৱা পাঁচজন সেনাৰ বাবে লেবাননৰ দক্ষিণৰ গাঁও মাৰাকেহত ৰাজহুৱা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।