নেপালৰ পিছত এইবাৰ লণ্ডনত প্ৰতিবাদৰ জুই… ৰাজপথত নামিল হাজাৰ হাজাৰ জনতা

নেপালৰ পিছত এইবাৰ লণ্ডনত প্ৰতিবাদৰ জুই

নেপালৰ পিছত এতিয়া এইবাৰ লণ্ডনত প্ৰতিবাদৰ জুই । ব্ৰিটেইনৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰতিবাদ ১৩ ছেপ্টেম্বৰ দেওবাৰে চেণ্ট্ৰেল লণ্ডনত সংঘটিত হয় । অনুমান কৰা হৈছে যে “ইউনাইট দ্য কিংডম” ৰেলীৰ বাবে লণ্ডনৰ ৰাজপথত এক লাখৰো অধিক লোক সমবেত হৈছিল । অৱশ্যে এই প্ৰতিবাদত প্ৰায় ১০ লাখ লোকে অংশগ্ৰহণ কৰা বুলি একাংশ উদ্যোক্তাই দাবী কৰে । প্ৰায় ১০ লাখ লোকৰ সমাগম হ’ব বুলি কৰ্তৃপক্ষই আশা কৰিছিল আৰু সেই অনুসৰি প্ৰস্তুতি চলোৱা হৈছিল । প্ৰতিবাদৰ কিছু সময়ৰ ভিতৰতে ৰাজপথবোৰত জনতাৰ ভিৰ পৰিলক্ষিত হয় । এই প্ৰতিবাদী সমদলৰ নেতৃত্বত আছিল সুপৰিচিত কৰ্মী টমী ৰবিনছন ।

ইয়াক ব্ৰিটেইনৰ ইতিহাসৰ অন্যতম বৃহৎ ৰাজনৈতিক প্ৰতিবাদ বুলি অভিহিত কৰা হৈছে । এই সমাৱেশৰ আয়োজন কৰা হৈছিল মত প্ৰকাশৰ স্বাধীনতা আৰু চৰকাৰৰ প্ৰতি হতাশা, বিশেষকৈ অনুপ্ৰৱেশ আৰু চেঞ্চৰশ্বিপৰ বিষয়টোক লৈ । এই প্ৰতিবাদৰ নেতৃত্বত আছিল সুপৰিচিত কৰ্মী টমী ৰবিনছন । চৰকাৰৰ দ্বাৰা অৱহেলিত অনুভৱ কৰা লোকসকলেও এই সমাৱেশত অংশ লৈছিল ।

আৰক্ষীৰ মতে, এই সমাৱেশৰ সময়ত কেইবাজনো আৰক্ষী বিষয়াকো আক্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে । এই সমাৱেশৰ আৰম্ভণি হৈছিল ‘Stand Up to Racism’ৰ প্ৰতিবাদেৰে, য’ত প্ৰায় ৫ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল । এই সময়ছোৱাত আৰক্ষীয়ে দিনটো কঠোৰ পৰিশ্ৰম কৰি হিংসাত্মক সংঘৰ্ষ ৰোধ কৰিব লগা হৈছিল । আৰক্ষীৰ ঘেৰাও ভাঙি প্ৰতিবাদ নিষিদ্ধ জ’নত সোমাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীক বাধা দি থাকিল ।

টমী ৰবিনছনে এক্সত তেওঁৰ পোষ্টত লিখিছে যে আমি আমাৰ স্বাধীনতাৰ বাবে চেণ্ট্ৰেল লণ্ডনৰ ৰাজপথত একত্ৰিত হৈছো । ইয়াত লাখ লাখ লোকে যোগদান কৰিছে ।

টমী ৰবিনছনৰ নেতৃত্বত এই প্ৰতিবাদী সমদল আৰম্ভ হৈছিল ব্ৰিটেইনৰ অনুপ্ৰৱেশকাৰীৰ হোটেলৰ বাহিৰত । এই সময়ত প্ৰতিবাদকাৰীসকলে ইউনিয়ন জেক আৰু ৰঙা বগা ৰঙৰ ছেইণ্ট এণ্ড জৰ্জ ক্ৰছৰ পতাকা উৰুৱাই । এই সমাৱেশত বহু লোকে আমেৰিকা আৰু ইজৰাইলৰ পতাকাও উৰুৱাই থকা দেখা গৈছিল । এই সময়ত ৰেলীত জড়িত লোকসকলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ‘ঘৰলৈ পঠিয়াওক’ বুলি লিখা প্লেকাৰ্ডো দেখুৱাইছিল ।

লগতে পঢ়ক : নেপালত উদয় নতুন সূৰ্য্য!পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ

ভাৰত আৰু ব্ৰিটেইনৰ মাজত চুক্তি ; কাপোৰৰ পৰা জোতালৈকে বহু বস্তু হ’ব সস্তা

ভাৰত আৰু ব্ৰিটেইনৰ মাজত চুক্তি

বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে লণ্ডনত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত মুক্ত বাণিজ্যৰ চুক্তি স্বাক্ষৰিত কৰে।

এই চুক্তিয়ে দুয়োখন দেশতে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।লগতে বিশ্ব পৰ্যায়ত দুয়োখন দেশৰ অৰ্থনীতি শক্তিশালী কৰা হ’ব।

ভাৰত আৰু ব্ৰিটেইনৰ মাজত এই চুক্তি দুয়োখন দেশৰ সাধাৰণ জনতাৰ বাবেও অতি উপকাৰী হ’ব।ঔষধৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিকছ আৰু ফেশ্বনলৈকে সকলো সস্তা হৈ পৰিব। অৱশ্যে কিছুমান বস্তুও ব্যয়বহুল হৈ পৰিব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেটত পৰিব।

এই চুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ হৈছিল ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা তেতিয়াৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কাৰ্যকালত।ইয়াৰ পূৰ্বে ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য আছিল।

এই চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনীতিৰ উত্থান ঘটিব।লগতে চাকৰিৰ সুযোগো মুকলি হ’ব।

মুক্ত বাণিজ্য চুক্তিত ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ ভিতৰত ১২০ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মুক্ত বাণিজ্য চুক্তি দুখন বা তাতোকৈ অধিক দেশৰ মাজত কাৰ্যকৰী কৰা হয়।এই দেশসমূহে নিজৰ সামগ্ৰীৰ ওপৰত ইখনে সিখনৰ শুল্ক বাতিল কৰিবলৈ সাজু বা ইয়াক হ্ৰাস কৰাৰ বিষয়ে আলোচনা কৰে। চুক্তিৰ পিছত এই দেশসমূহৰ মাজত শুল্ক বাতিল কৰা হয় বা শুল্ক হ্ৰাস কৰা হয়।

লগতে পঢ়ক: ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, কিছু সময় পিছতে স্বাক্ষৰিত হ’ব এফ টি এ

লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ

লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ

লণ্ডনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই প্ৰৱাসী ভাৰতীসকলে । এই সময়ছোৱাত প্ৰবাসী ভাৰতীয় সকলে হাতত ত্ৰিৰংগা লৈ ভাৰত মাতা কি জয় শ্লোগান দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্স প্লেটফৰ্মত কিছু ছবি শ্বেয়াৰ কৰি লিখিছে, “ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ে দিয়া উষ্ম আদৰণিত মই আপ্লুত হৈছো । ভাৰতৰ প্ৰগতিৰ প্ৰতি তেওঁলোকৰ মৰম আৰু আবেগ সঁচাকৈয়ে উৎসাহজনক ।”

প্ৰধানমন্ত্ৰীক আদৰণি আৰু সম্ভাষণ জনায় ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে । এই সময়ছোৱাত প্ৰবাসী ভাৰতীয় সকলে হাতত ত্ৰিৰংগ লৈ ভাৰত মাতা কি জয় আৰু মোদী-মোদী শ্লোগানেৰে উত্তাল কৰি আছিল । প্ৰধানমন্ত্ৰী মোদীয়ে নমস্কাৰ জনাই আৰু হাত মিলাই সকলোৰে শুভেচ্ছা গ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণক দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে উপযোগী বুলি অভিহিত কৰিছে । ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন আৰু সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি হ’ব বুলিও তেওঁ কয় ।

লণ্ডনত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এই ভ্ৰমণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । তেওঁ কয়, মই লণ্ডনত উপস্থিত হৈছোঁ ৷ এই ভ্ৰমণ দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত অতি সহায়ক বুলি প্ৰমাণিত হ’ব । আমাৰ গুৰুত্ব হ’ব আমাৰ জনসাধাৰণৰ বাবে সমৃদ্ধি, উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত । বিশ্বৰ প্ৰগতিৰ বাবে ভাৰত-ব্ৰিটেইনৰ শক্তিশালী বন্ধুত্বৰ প্ৰয়োজন ।‘

এয়া ব্ৰিটেইনলৈ প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ভ্ৰমণ । তেওঁক আমন্ত্ৰণ জনাইছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে । ইয়াৰ পিছত ২ দিনৰ বাবে মালদ্বীপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

কেইৰ ষ্টাৰমাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ব্ৰিটেইন ভ্ৰমণ । ব্ৰিটিছ ৰজা কিং চাৰ্লছকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে । এয়া তেওঁৰ চতুৰ্থটো ব্ৰিটেইন ভ্ৰমণ । ব্ৰিটেইনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিব । ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি আনুষ্ঠানিক হ’ব । ইয়াৰ পিছত তেওঁ মালদ্বীপলৈ যাব ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ…