যেতিয়াই বলিউডৰ ধনী পৰিয়ালৰ কথা আহে, প্ৰথমে বচ্চন আৰু ৩ খানৰ নাম মনলৈ আহে।কিন্তু আচৰিত কথা যে বলিউডৰ আটাইতকৈ ধনী পৰিয়াল তেওঁলোকৰ এটাও নহয়।বলিউডত এনে এটা পৰিয়াল আছে যি বহু বছৰ ধৰি চলচ্চিত্ৰ জগতত শাসন কৰি আহিছে আৰু ইয়াৰ স্থান নিশ্চিত কৰিছে।
পাৰিবাৰিক ঐতিহ্য বজাই ৰাখি পৰিয়ালটোৱে সময়ৰ সৈতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু সময়ৰ লগে লগে ইয়াৰ উপাৰ্জন আৰু সম্পদ দ্ৰুতগতিত বৃদ্ধি পাইছে।
কেইবা দশক ধৰি হিন্দী চিনেমাৰ আটাইতকৈ ডাঙৰ ষ্টুডিঅ’ আৰু প্ৰযোজনা গৃহ পৰিচালনা কৰা পৰিয়ালটো ভূষণ কুমাৰ আৰু কৃষ্ণ কুমাৰৰ মালিকানাধীন টি-চিৰিজৰ বাহিৰে আন কোনো নহয়। এইটো হৈছে বলীউডৰ আটাইতকৈ ধনী পৰিয়াল। গোটেই পৰিয়ালটোৱে একেলগে এই কোম্পানীটো চলায়।
যদিও বলীউডৰ বহুতো পৰিয়াল যথেষ্ট ধনী, কিন্তু ভূষণ কুমাৰ পৰিয়ালটো কাৰো সৈতে তুলনা নহয় । ধনী ব্যক্তি সকলৰ ক্ষেত্ৰত শীৰ্ষত আছে তেওঁলোক আৰু তেওঁলোকৰ মুঠ সম্পত্তি হৈছে ১০০০০ কোটি টকা।
এটা সংস্থাই উলিওৱা এক তালিকা অনুসৰি ভূষণ কুমাৰৰ পৰিয়াল মুঠ সম্পত্তি ১০,০০০ কোটি টকা। উল্লেক্য যে এটা সময় আছিল যেতিয়া এই পৰিয়ালটোক কোনো লোকেই চিনি পোৱা নাছিল ।
ভূষণ কুমাৰৰ দেউতাক গুলচন কুমাৰে এই কোম্পানীটো আৰম্ভ কৰিছিল। চলচ্চিত্ৰ উদ্যোগলৈ অহাৰ পূৰ্বে গুলচন কুমাৰ এজন ফল বিক্ৰেতা আছিল যি দিল্লীৰ ৰাস্তাত ফল বিক্ৰী কৰিছিল।
তেওঁৰ ভাগ্য তেতিয়াই উজ্জলিছিল যেতিয়া যেতিয়া তেওঁৰ দেউতাকে এখন দোকান পাইছিল য’ত তেওঁ চলচ্চিত্ৰ গীতৰ কেছেট বিক্ৰী কৰিছিল। ইয়াতেই তেওঁ ৰেকৰ্ড লেবেল আৰম্ভ কৰিছিল আৰু আজি এই উদ্যোগৰ ৰজা হৈ পৰিছে।