৮৩ বছৰত ভৰি দিলে অমিতাভ বচ্চনে; নিজকে দিলে ৬.৫৯ কোটি  টকীয়া উপহাৰ

৮৩ বছৰত ভৰি দিলে অমিতাভ বচ্চনে

ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম ডাঙৰ ছুপাৰষ্টাৰ হৈছে অমিতাভ বচ্চন। তেওঁৰ পৰ্দাত উপস্থিতি এতিয়াও আইকনিক বুলি গণ্য কৰা হয়। আজি তেওঁ ৮৩ সংখ্যক জন্মদিন উদযাপন কৰিছে।

জন্মদিনৰ দিনটোতে বিগ বিয়ে নিজকে কোটি টকীয়া উপহাৰ দিছে।তেওঁ মুম্বাইৰ গাতে লাগি থকা আলিবাউগত এটা ডাঙৰ সম্পত্তি ক্ৰয় কৰিছে।

অমিতাভ বচ্চনৰ পৰিয়ালে ইয়াত একেলগে তিনিটা বিলাসী প্লট ক্ৰয় কৰিছে, যাৰ মুঠ খৰচ কোটি কোটি বুলি জানিব পৰা গৈছে।

মুম্বাইৰ সমীপৰ আলিবাউগত মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰায় ৬.৫৯ কোটি টকাত তিনিটা প্লট ক্ৰয় কৰিছে। অমিতাভ বচ্চন আৰু অভিষেক বচ্চনে মিলি ৰায়গদ জিলাৰ আলিবাগ তালুকৰ মুনৱালী গাঁৱত এই তিনিটা প্লট ক্ৰয় কৰিছে ।

এই প্লট ক্ৰয়ৰ পিছতে এতিয়া মেগাষ্টাৰ বিগ বি শ্বাহৰুখ খান (ডেজা ৱু ফাৰ্মছ), বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা (ছেৰেন হেভেন), দীপিকা পাডুকন আৰু ৰণবীৰ সিং, অনিতা শ্ৰফ আদাজনিয়া, চুহানা খান আৰু ৰাহুল খান্নাৰ চুবুৰীয়া হ’ব।

লগতে পঢ়ক: ‘কান্তৰা অধ্যায় ১’ এ সৃষ্টি কৰিলে নতুন ইতিহাস; ৫০০ কোটিৰ ঘৰত অন্তৰ্ভূক্ত

‘অভিষেক বচ্চনে ভাল খেলিলে…’; শ্বোৱেইব আখতাৰক ঠাট্টা অমিতাভ বচ্চনৰ

শ্বোৱেইব আখতাৰক ঠাট্টা অমিতাভ বচ্চনৰ

২০২৫ চনৰ এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে টিম ইণ্ডিয়াই। ভাৰতে ৯ম বাৰৰ বাবে এছিয়া কাপত জয়লাভ কৰিছে।ভাৰতৰ এই বিজয়ৰ ফলত সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ উঠিল।

তাৰ মাজতে অমিতাভ বচ্চনে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে। বিগ বিয়ে নিজৰ পোষ্টৰ জৰিয়তে পাকিস্তানক ট্ৰ’ল কৰিছিল।

আচলতে এছিয়া কাপৰ সময়ত প্ৰাক্তন পাকিস্তানী খেলুৱৈ শ্বোৱেইব আখতাৰে টিভিৰ এটা অনুষ্ঠানত পেনেলিষ্ট হিচাপে নিজৰ দেশৰ দলৰ পৰিকল্পনা আৰু কৌশলৰ বিষয়ে আলোচনা কৰি আছিল।

এই সময়তে শ্বোৱেইব আখতাৰৰ জিভা পিছলি গ’ল আৰু ক্ৰিকেটাৰ অভিষেক শৰ্মাৰ সলনি অভিষেক বচ্চনৰ নাম তেওঁৰ মুখৰ পৰা ওলাই আহিল।তেওঁ কয় যে যদি পাকিস্তানে অভিষেক বচ্চনক আউট কৰে তেন্তে ইয়াৰ জয়ৰ সম্ভাৱনা বৃদ্ধি পাব।

দেওবাৰে এছিয়া কাপত পৰাস্ত হোৱাৰ পিছত এতিয়া বিগ বিয়ে তেওঁলোকক ট্ৰ’ল কৰি সামাজিক মাধ্যমত এটা পোষ্ট দিছে। পোষ্টটোত তেওঁ লিখিছে যে,জিকি গ’ল!! ভাল খেলিলে ‘অভিষেক বচ্চন’… তাত জিভা লৰচৰ হ’ল আৰু ইয়াত বলিং, বেটিং আৰু ফিল্ডিং নকৰাকৈ, শত্ৰুক লৰচৰ কৰিলে!! মুখৰ মাত বন্ধ কৰি দিয়া হ’ল। জয় হিন্দ! জয় ভাৰত! জয় মা দুৰ্গা।

অভিনেতা গৰাকীৰ এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুত স্তম্ভিত আমিৰ খান; আৱেগিক পোষ্টৰে দিলে শ্ৰদ্ধাঞ্জলি

মুম্বাইত ৰেড এলাৰ্ট; কৃত্ৰিম বানৰ ফলত অমিতাভ বচ্চনৰ বাংলোত সোমাল পানী

কৃত্ৰিম বানত অমিতাভ বচ্চনৰ বাংলোত সোমাল পানী

মুম্বাইৰ বৰষুণে সাধাৰণ ৰাইজৰ লগতে বলীউডৰ তাৰকাসকলকো অশান্তি দিছে। এতিয়া বলীউডৰ সম্ৰাট অমিতাভ বচ্চনৰ জুহুস্থিত বাংলো প্ৰতিক্ষাৰ অৱস্থা বেয়া হৈছে।

বিগ বিৰ এই বাংলোটোৰ বাহিৰৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।এই ঘৰটো বিগ বিয়ে জীয়েক শ্বেতা বচ্চনক দিছিল।

মুম্বাইত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অভিনেতা গৰাকীৰ বাংলোৰ বাহিৰত পানীৰে ভৰি পৰিছে।বচ্চন পৰিয়ালটোৰ প্ৰতীক্ষাকে ধৰি তিনিটা ডাঙৰ ঘৰ আছে।

পৃথ্বী চিগনেলৰ সমীপৱৰ্তী অমিতাভ বচ্চনৰ বাংলোৰ সমীপৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানপানী হোৱাৰ কেইবাটাও ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত পোহৰলৈ আহিছে।

ভিডিঅ’বোৰত দেখা যায় যে বৰষুণে কেনেদৰে অঞ্চলটোৰ আৰু জনসাধাৰণৰ অৱস্থা বেয়া কৰি তুলিছে। বিগ বিৰ বাংলো প্ৰতীক্ষাৰ ভিতৰটো পানী সোমাইছে।  

মুম্বাই পানীত ডুব যোৱাৰ ভিডিঅ’ ধাৰাবাহিকভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু ২১ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী প্ৰকাশ কৰিছে।

লগতে পঢ়ক: মুম্বাইত বৰষুণৰ বিধ্বংসী ৰূপ ! বন্ধ হ’ল বিগ বছ ১৯ৰ শ্বুটিং

‘এইবোৰ বন্ধ কৰক…’; বাংলোৰ বাহিৰত থকা পাপাৰাজীক ধমকি অমিতাভ বচ্চনৰ

পাপাৰাজীক ধমকি অমিতাভ বচ্চনৰ

বলীউড উদ্যোগৰ মেগাষ্টাৰ অমিতাভ বচ্চনক চিনি নোপোৱা মানুহ হয়টো পৃথিৱীত নোলাব। তেওঁ অভিনয়ৰ লগতে অতি শান্ত স্বভাৱৰ বাবে সদায়েই শিৰোনামত থাকে।

অভিনেতা গৰাকীয়ে সকলোৰে লগত অতি মৰমেৰে কথা পাতে আৰু সকলোকে সন্মানেৰে ব্যৱহাৰ কৰে।লাগিলে সেয়া অনুৰাগীয়েই হওক বা পাপাৰাজীয়েই হওক।

কিন্তু শেহতীয়াকৈ ইণ্টাৰনেটত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁক খঙত অগ্নি শৰ্মা হৈ থকা দেখিবলৈ পোৱা গৈছে।  

এই ভাইৰেল ভিডিঅ’টোত অমিতাভ বচ্চনে নিজৰ মুম্বাই বাংলোৰ বাহিৰত বগা কুৰ্তা-পাইজামা পিন্ধি থকা দেখা গৈছে। অভিনেতা গৰাকীয়ে বাংলোৰ পৰা ওলাই অহাৰ লগে লগে পাপাৰাজী সকলে ফটো উঠাবলৈ ধৰে।

ফটোগ্ৰাফাৰে ভিডিঅ’টো ৰেকৰ্ডিং কৰাৰ লগে লগে খং উঠিল বিগ বিৰ। অভিনেতা গৰাকীয়ে ফটোগ্ৰাফাৰ সকলক ধমক দি কয় যে ‘’ এই ভিডিঅ’ নল’ব, কেমেৰা বন্ধ কৰক’।

তেওঁৰ এই কথাই অনুৰাগীৰ লগতে পাপাৰাজীকো আচৰিত কৰি তুলিছে।যদিও এই ভিডিঅ’টো কেতিয়া বনোৱা

লগতে পঢ়ক: দক্ষিণৰ বিখ্যাত অভিনেতা ফিশ ভেংকটৰ মৃত্যু; টকাৰ অভাৱেই হ’ল কাল

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক; তদন্তৰ দাবী উত্থাপন

অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক

এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে।এই দুৰ্ঘটনাত ২৪১ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাৰ খবৰ পাই সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে।

ইফালে অমিতাভ বচ্চনে এতিয়া অতি দুখী বুলি কৈছে আৰু প্ৰাৰ্থনা কৰিছে যে এই দুখে আমাক একত্ৰিত কৰক, যাতে যি সকলে প্ৰাণ হেৰুৱাইছে সেই সকলক আমি সন্মান কৰিব পাৰো।ইয়াৰ সমান্তৰালকৈ তেওঁ দুৰ্ঘটনাটোৰ স্বচ্ছ তদন্তৰ দাবীও উত্থাপন কৰিছে।

ব্লগৰ জৰিয়তে শোক প্ৰকাশ

শেহতীয়াকৈ অমিতাভ বচ্চনে তেওঁৰ এটা ব্লগত লিখিছে, ‘এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাত মই গভীৰভাৱে দুখী আৰু ব্যথিত।আমাৰ মানুহৰ বাহিৰেও এই দুৰ্ঘটনাত আন দেশবোৰেও নিজৰ নাগৰিক হেৰুৱাইছে, তেখেতসকলৰ প্ৰতি মোৰ পূৰ্ণ সমবেদনা আৰু সমৰ্থন’।

‘এই দুখে আমাক একত্ৰিত কৰক, যাতে আমি সকলোৱে মিলি মৃতকক শ্ৰদ্ধাঞ্জলি জনাব পাৰো তাৰ বাবে প্ৰাৰ্থনা কৰিছো’।

বিগ বিয়ে আৰু কয়, ‘এই ঘটনা সততা আৰু স্বচ্ছতাৰে তদন্ত কৰা উচিত, যাতে আমি সদায় মনত ৰাখোঁ আৰু তাৰ পৰা কিবা এটা শিকিব পাৰোঁ’।

‘আমি শক্তিশালী হ’ব লাগিব,সঠিক পদক্ষেপ ল’ব লাগিব আৰু সোনকালে শিকিব লাগিব, যাতে সকলোৱে এই দুখ দূৰ কৰাত সহায় লাভ কৰিব পাৰে’।

এই দুৰ্ঘটনাত অমিতাভ বচ্চনৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰো মৃত্যু হৈছে,সেই কথা জনাৰ পিছত বিগ বি আৱেগিক হৈ পৰিল। কাৰো নাম নোলোৱাকৈয়ে বিগ বিয়ে লিখিছে, ‘আজি ৰাতিপুৱাই মোক আৰু মোৰ পৰিয়ালক এটা ডাঙৰ শ্বক দিলে’।

‘আজিৰ ৰাতিপুৱাটোৱে এটা দুখৰ খবৰ লৈ আহিল। আমাৰ এজন অতি মৰমৰ বন্ধুৱে নিজৰ পুত্ৰক হেৰুৱালে।তেওঁ সৰু আছিল আৰু এই সকলোবোৰ হঠাতে ঘটিছিল’।

‘আমাৰ বন্ধু আৰু আমি যি দুখ-কষ্টৰ মাজেৰে পাৰ হৈ আহিছো সেয়া কল্পনাতীত।এনে হৈছে বুলি বিশ্বাস কৰিবলৈ বৰ টান হৈছে’।

‘ এতিয়া আমি মাত্ৰ প্ৰাৰ্থনা কৰিব লাগিব আৰু শোকত ভাগি পৰা লোকসকলক সাহস দিব লাগিব, যাতে তেওঁলোকে এই ক্ষতি সহ্য কৰিবলৈ শক্তি পায়’।

লগতে পঢ়ক: ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

সৰ্বাধিক কৰ আদায় দিয়া চেলিব্ৰিটি… শ্বাহৰুখ-ছলমানক পিছ পেলালে বিগ বিয়ে

জনপ্ৰিয়ভাৱে বিগ-বি নামেৰে পৰিচিত বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সৰ্বাধিক কৰদাতা হিচাপে পৰিগণিত হৈছে । এই বিষয়ত তেওঁ আনকি শ্বাহৰুখ খান আৰু ছলমান খানকো অতিক্ৰম কৰিছে । তেওঁৰ এডভান্স টেক্সৰ শেষ কিস্তি ১৫ মাৰ্চত পৰিশোধ কৰিছিল, যিটো ৫২.৫০ কোটি টকা ।

বিগ বি-ৰ উপাৰ্জন ৩৫০ কোটি-

খবৰ অনুসৰি বিগ বি অমিতাভ বচ্চনে এই বিত্তীয় বৰ্ষত ৩৫০ কোটি টকাৰ বৃহৎ উপাৰ্জন কৰিছে আৰু এই আয়ৰ পৰিসংখ্যাৰ ওপৰত তেওঁৰ কৰ ১২০ কোটি টকা । এই এডভান্স টেক্সৰ ভিতৰত ৫২.৫০ কোটি টকাৰ শেষ কিস্তি ১৫ মাৰ্চত প্ৰদান কৰা হৈছিল । উল্লেখ্য যে চিনেমাৰ উপৰিও ৮১ বছৰীয়া অভিনেতা গৰাকীৰ উপাৰ্জনৰ উৎস বিজ্ঞাপন, কুইজ শ্ব’ কৌন বানেগা কড়োৰপতি আৰু বহু বিনিয়োগ । বিশেষকৈ অমিতাভ বচ্চনে ৰিয়েল এষ্টেটত বৃহৎ বিনিয়োগ কৰিছে আৰু তেওঁৰ মুম্বাইৰ পৰা অযোধ্যালৈকে সম্পত্তি আছে ।

শ্বাহৰুখতকৈ অধিক কৰ দিছে-

অমিতাভ বচ্চনে নতুন অভিলেখ গঢ়ি বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খানক অতিক্ৰমী ২০২৪-২৫ চনত ভাৰতৰ সৰ্বাধিক কৰ আদায় দিয়া চেলিব্ৰিটি হিচাপে পৰিগণিত হৈছে । প্ৰতিবেদন অনুসৰি অমিতাভ বচ্চনে বিগত বিত্তীয় বৰ্ষত ৭১ কোটি টকাৰ কৰ আদায় দিছিল যদিও এইবাৰ তেওঁৰ কৰ দায়বদ্ধতা ৬৯% বৃদ্ধি পাইছে ।

বিগত বিত্তীয় বৰ্ষত শ্বাহৰুখ খানে ৯২ কোটি টকাৰ কৰ দি সৰ্ববৃহৎ কৰদাতা চেলিব্ৰিটি হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে প্ৰতিবেদন অনুসৰি এই বিত্তীয় বৰ্ষত তেওঁ ৮৪.১৭ কোটি টকাৰ অগ্ৰিম কৰ আদায় দিছে । ইয়াৰ উপৰিও চাউথ ছুপাৰষ্টাৰ থালাপথী বিজয়ে ৮০ কোটি আৰু ছলমান খানে ৭৫ কোটি টকা কৰ আদায় দিছে ।

অব্যাহত অমিতাভ বচ্চনৰ যাদু-

এই বয়সতো অমিতাভ বচ্চনৰ প্ৰভাৱ বলীউডত অক্ষত আছে । কৰ্মক্ষেত্ৰত তেওঁ প্ৰায় দুটা দশক ধৰি কৌন বানেগা কড়োৰপতি (কে বি চি)ক হোষ্ট কৰা দেখা গৈছে । শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল তামিল ছবি ‘ভেট্টাইয়ান’ত, য’ত তেওঁ ৰজনীকান্তৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল । সম্প্ৰতি অমিতাভ বচ্চনৰ হাতত আছে ৰিভু দাসগুপ্তৰ ‘ছেকচন ৮৪’, আনহাতে কল্কি ২৮৯৮ ইৰ ছিকুৱেলতো তেওঁক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব ।

হাতত তিৰংগা , মুখত প্ৰশান্তিৰ হাঁহি ; ভাৰতৰ বিজয়ত নাচি উঠিল অমিতাভ বচ্চন

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে চেম্পিয়নছ ট্ৰফীৰ খেলখনত পাকিস্তানৰ বিৰুদ্ধে এক সুন্দৰ শতক অৰ্জন কৰে, যাৰ ফলত ভাৰতে বিজয় সাব্যস্ত কৰে।

টীম ইণ্ডিয়াই পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।

খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলা হৈছিল, আৰু বলীউড তথা দক্ষিণৰ বহুতো চেলিব্ৰিটি এই খেলখন চাবলৈ ডুবাইত উপস্থিত হৈছিল।

সোনম কাপুৰ, অনুপম খেৰ, দক্ষিণৰ মেগাষ্টাৰ চিৰঞ্জীৱী আৰু বিবেক অবেৰয়ৰ পিছত, অমিতাভ বচ্চনে এতিয়া টীম ইণ্ডিয়াৰ প্ৰচণ্ড বিজয়ৰ আনন্দ প্ৰকাশ কৰিছে।

ভাৰতীয় দলটোৱে খেলখনত ৬ উইকেটত এটা ডাঙৰ বিজয় অৰ্জন কৰিছিল। অমিতাভ বচ্চনে সামাজিক মাধ্যমত এই বিজয় উদযাপন কৰিছিল। খেলখনৰ পিছত, তেওঁ আনন্দ প্ৰকাশ কৰিছিল।

অমিতাভে লিখিছিল যে – ‘আমি জিকিলো’। ইয়াৰ লগতে, তেওঁ ত্ৰিৰংগাখনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক টীম ইণ্ডিয়াৰ বিজয় উদযাপন কৰা দেখা গৈছে।

বিগ বিৰ টুইটটো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ আছে। বলীউডৰ মেগাষ্টাৰৰ উপৰিও আন বহুতো তাৰকাই ভাৰতৰ বিজয় উদযাপন কৰি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ আনন্দ প্ৰকাশ কৰে।

সোনম কাপুৰ তেওঁৰ স্বামীৰ সৈতে ডুবাই ষ্টেডিয়ামত উপস্থিত হৈছিল খেলখন চাবলৈ। আনহাতে, চিৰঞ্জীৱীকো ভাৰতীয় দলৰ বাবে উল্লাস কৰা দেখা গৈছিল। ভাৰতীয় দলৰ বিজয়ৰ পিছৰে পৰা, ভাৰতত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে।