অমিতাভ বচ্ছন

‘অভিষেক বচ্চনে ভাল খেলিলে…’; শ্বোৱেইব আখতাৰক ঠাট্টা অমিতাভ বচ্চনৰ

শ্বোৱেইব আখতাৰক ঠাট্টা অমিতাভ বচ্চনৰ ২০২৫ চনৰ এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে টিম ইণ্ডিয়াই। ভাৰতে ৯ম বাৰৰ বাবে এছিয়া কাপত জয়লাভ কৰিছে।ভাৰতৰ এই বিজয়ৰ ফলত সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ উঠিল। তাৰ মাজতে অমিতাভ বচ্চনে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে। বিগ বিয়ে নিজৰ

শ্বোৱেইব আখতাৰক ঠাট্টা অমিতাভ বচ্চনৰ

২০২৫ চনৰ এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে টিম ইণ্ডিয়াই। ভাৰতে ৯ম বাৰৰ বাবে এছিয়া কাপত জয়লাভ কৰিছে।ভাৰতৰ এই বিজয়ৰ ফলত সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ উঠিল।

তাৰ মাজতে অমিতাভ বচ্চনে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে। বিগ বিয়ে নিজৰ পোষ্টৰ জৰিয়তে পাকিস্তানক ট্ৰ’ল কৰিছিল।

আচলতে এছিয়া কাপৰ সময়ত প্ৰাক্তন পাকিস্তানী খেলুৱৈ শ্বোৱেইব আখতাৰে টিভিৰ এটা অনুষ্ঠানত পেনেলিষ্ট হিচাপে নিজৰ দেশৰ দলৰ পৰিকল্পনা আৰু কৌশলৰ বিষয়ে আলোচনা কৰি আছিল।

এই সময়তে শ্বোৱেইব আখতাৰৰ জিভা পিছলি গ’ল আৰু ক্ৰিকেটাৰ অভিষেক শৰ্মাৰ সলনি অভিষেক বচ্চনৰ নাম তেওঁৰ মুখৰ পৰা ওলাই আহিল।তেওঁ কয় যে যদি পাকিস্তানে অভিষেক বচ্চনক আউট কৰে তেন্তে ইয়াৰ জয়ৰ সম্ভাৱনা বৃদ্ধি পাব।

দেওবাৰে এছিয়া কাপত পৰাস্ত হোৱাৰ পিছত এতিয়া বিগ বিয়ে তেওঁলোকক ট্ৰ’ল কৰি সামাজিক মাধ্যমত এটা পোষ্ট দিছে। পোষ্টটোত তেওঁ লিখিছে যে,জিকি গ’ল!! ভাল খেলিলে ‘অভিষেক বচ্চন’… তাত জিভা লৰচৰ হ’ল আৰু ইয়াত বলিং, বেটিং আৰু ফিল্ডিং নকৰাকৈ, শত্ৰুক লৰচৰ কৰিলে!! মুখৰ মাত বন্ধ কৰি দিয়া হ’ল। জয় হিন্দ! জয় ভাৰত! জয় মা দুৰ্গা।

অভিনেতা গৰাকীৰ এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুত স্তম্ভিত আমিৰ খান; আৱেগিক পোষ্টৰে দিলে শ্ৰদ্ধাঞ্জলি